ভাৰতত শীঘ্ৰেই মুকলি হ’ব ষ্টাৰলিংক ইণ্টাৰনেট সেৱা; মুম্বাইত প্ৰথমটো কাৰ্যালয়
ভাৰতত শীঘ্ৰেই মুকলি হ’ব ষ্টাৰলিংক ইণ্টাৰনেট সেৱা
ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকে ভাৰতত চেটেলাইট ইণ্টাৰনেট সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে।শীঘ্ৰেই কোম্পানীটোৱে ভাৰতত উপগ্ৰহ সেৱা আৰম্ভ কৰিব পাৰে।
ইলন মাস্কৰ কোম্পানীটোৱে বাণিজ্যিকভাৱে মুকলি কৰাৰ বাবে দূৰসংযোগ বিভাগৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে। Starlink Satellite Communications Pvt. Ltd. এ ভাৰতত নিজৰ আনুষ্ঠানিক উপস্থিতি প্ৰতিষ্ঠা কৰিছে।
কোম্পানীটোৱে মুম্বাইৰ চণ্ডীৱলী অঞ্চলত অহা পাঁচ বছৰৰ বাবে কাৰ্যালয়ৰ স্থান লিজত লৈছে।কোম্পানীটোৱে ভাৰতৰ ৯খন চহৰত নিজৰ বেচ ষ্টেচন নিৰ্মাণ কৰিব,য’ত মুম্বাইৰ বাহিৰেও দিল্লীৰ গাতে লাগি থকা নয়ডা, চণ্ডীগড়, কলকাতাৰ দৰে চহৰো অন্তৰ্ভূক্ত।
ইলন মাস্কৰ কোম্পানীয়ে মুম্বাইৰ চণ্ডীৱলী অঞ্চলত ২.৩৩ কোটি টকাৰ ভাড়াত ৫ বছৰৰ বাবে ১২৯৪ বৰ্গফুট কাৰ্যালয়ৰ স্থান লিজত লৈছিল।ভাৰতত কোম্পানীটোৰ প্ৰথম আনুষ্ঠানিক উপস্থিতি বুলি বিবেচিত হৈছে।
ইয়াৰ উপৰিও ৩১ অক্টোবৰলৈকে মুম্বাইত কাৰিকৰী আৰু নিৰাপত্তাৰক্ষীৰ ডেমো ৰান আয়োজন কৰিছে।ডেমো ৰানৰ সময়ত কোম্পানীটোৱে নিজৰ দ্ৰুতবেগী চেটেলাইট ইণ্টাৰনেট নেটৱৰ্কৰ ক্ষমতা প্ৰদৰ্শন কৰিব।
এই পৰীক্ষাৰ জৰিয়তে ষ্টাৰলিংকে ভাৰতত ইণ্টাৰনেট সংযোগৰ এক নতুন যুগৰ আৰম্ভণিৰ সংকেত দিছে।বিশ্বাস কৰা হৈছে যে এই সেৱাৰ জৰিয়তে দেশৰ দুৰ্গম অঞ্চলতো ব্ৰডবেণ্ড ইণ্টাৰনেট উপলব্ধ হ’ব।
ট্ৰাইলৰ পিছত ভাৰতত ষ্টাৰলিংক বাণিজ্যিকভাৱে মুকলি কৰাৰ ৰূপৰেখা নিৰ্ধাৰণ কৰিব পৰা যাব।কোম্পানীটোৱে ভাৰতত ইণ্টাৰনেট সেৱাৰ বাবে চৰকাৰী অনুমোদন আৰু স্পেকট্ৰম ক্লিয়াৰেন্সৰ বাবে অপেক্ষা কৰি আছে ।
লগতে পঢ়ক: কাউণ্টডাউন আৰম্ভ: ২ নৱেম্বৰত উৎক্ষেপণৰ বাবে সাজু CMS-03 উপগ্ৰহ