কাৰমান লাইন কি

কাৰমান লাইন… পৃথিৱীৰ যাদুকৰী সীমা, যি পাৰ হৈ আৰম্ভ হয় ‘মহাকাশৰ জগত’

কাৰমান লাইন কি কোনোবা নহয় কোনোবা সময়ত এই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনলৈ আহে যে পৃথিৱীৰ অন্ত ক’ত বা সেই স্থান কোনটো যৰ পৰা মহাকাশ আৰম্ভ হয় । আপুনি জানেনে যে, এডাল কাল্পনিক ৰেখা আছে য’ত আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ অন্ত পৰে । এই স্থান কোনো ধৰণৰ

কাৰমান লাইন কি

কোনোবা নহয় কোনোবা সময়ত এই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনলৈ আহে যে পৃথিৱীৰ অন্ত ক’ত বা সেই স্থান কোনটো যৰ পৰা মহাকাশ আৰম্ভ হয় । আপুনি জানেনে যে, এডাল কাল্পনিক ৰেখা আছে য’ত আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ অন্ত পৰে । এই স্থান কোনো ধৰণৰ দেৱাল নহয় বৰঞ্চ বিজ্ঞানীসকলে নিৰ্ধাৰণ কৰা এক সীমা যিয়ে মহাকাশ ক’ৰ পৰা আৰম্ভ হয় সেই কথা বুজাই । এই ৰেখাডাল পৃথিৱীৰ বায়ুমণ্ডল আৰু মহাকাশৰ মাজৰ কাল্পনিক ৰেখা, য’ৰ পৰা মহাকাশৰ জগতখন আৰম্ভ হয় ।

কি এই এই লাইন ?

বিজ্ঞানীসকলে যিটো সীমা নিৰ্ধাৰণ কৰিছে তাৰ নাম কাৰমান লাইন বা ৰেখা । এই ঠাই সম্পূৰ্ণ বায়ুহীন কিয়নো পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত এই ঠাই । ইয়াৰ নাম হাংগেৰী-আমেৰিকান অভিযন্তা থিয়ডৰ ভন কাৰ্মানৰ নামেৰে ৰখা হৈছে এই ৰেখাৰ নাম ।

কি আছিল বিজ্ঞানীসকলৰ গণনা ?

১৯৫০ চনত বিজ্ঞানীসকলে তেওঁলোকৰ গণনাৰ জৰিয়তে জানিব পাৰিছিল যে পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ ওপৰত বায়ুৰ এক অতি পাতল তৰপ আছে য’ত কোনো বিমানে ডেউকা মেলি উৰিব নোৱাৰে । উৰণৰ কথা বাদ দিয়ক, এই ঠাইত উশাহ ল’বও নোৱাৰে । এই ৰেখাডাল পৃথিৱীৰ বায়ুমণ্ডল আৰু মহাকাশৰ মাজৰ এক কাল্পনিক ৰেখা, য’ৰ পৰা ৰহস্যৰে ভৰা মহাকাশৰ জগত আৰম্ভ হয় ।

এই কাল্পনিক ৰেখাৰ বাহিৰত কি আছে ?

পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত এই ৰেখাক কাৰমান লাইন বা ৰেখা বোলা হয় । কাৰমান লাইনত বায়ুৰ উপস্থিতি প্ৰায় শূণ্য আৰু কোনো ধৰণৰ ঘৰ্ষণ নাথাকে, গতিকে ৰকেটে তীব্ৰ বেগত উৰিব পাৰে । কিন্তু এই স্থানত বিকিৰণ আৰু উষ্ণতাৰ উঠা-নমা হয়, যাৰ বাবে ই অতি বিপজ্জনক হৈ পৰে । কাৰমান লাইন হৈছে এক কাল্পনিক গোলক যিয়ে সমগ্ৰ পৃথিৱীখনক চাৰিওফালৰ পৰা আগুৰি ধৰিছে । আমেৰিকাৰ বায়ুসেনাই ইয়াক ৮০ কিলোমিটাৰ বুলি গণ্য কৰে যদিও আন্তঃৰাষ্ট্ৰীয় মানদণ্ড ১০০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক : ভাৰতীয় নৌসেনাই লাভ কৰিলে মেড-ইন-ইণ্ডিয়া থ্ৰীডি চাৰ্ভিলেন্স ৰাডাৰ; বতাহতে শত্ৰুক কৰিব ধ্বংস

শেহতীয়া প্ৰৱন্ধসমূহ