আমেৰিকাৰ আক্ৰমণত কঁপি উঠিল ইৰাণ: বন্দৰ আব্বাছত ভয়াৱহ বিস্ফোৰণ
মধ্যপ্ৰাচ্যত সংঘাত তীব্ৰতৰ হৈ পৰাৰ সময়তে আমেৰিকাৰ সেনাই ইৰাণৰ ওপৰত ধাৰাবাহিকভাৱে ত্ৰয়োদশ নিশাৰ বাবে তীব্ৰ সামৰিক আক্ৰমণ চলাইছে । ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, বন্দৰ চহৰ বন্দাৰ আব্বাছৰ পশ্চিম দিশত কেইবাটাও বিকট বিস্ফোৰণ সংঘটিত হয় । ইফালে, য়েমেনৰ ইৰাণ সমৰ্থিত হুথী বিদ্ৰোহীসকলে লোহিত সাগৰত চৌদি আৰৱৰ দুখন বৃহৎ তেল টেংকাৰত আক্ৰমণ চলোৱা বুলি দাবী কৰিছে ।
এই নতুন উত্তেজনাই বিশ্বজুৰি ইন্ধন যোগান ব্যাহত হোৱাৰ তীব্ৰ শংকাৰ সৃষ্টি কৰিছে । ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত ‘ব্ৰেন্ট ক্ৰুড’ অইলৰ দাম ৬ শতাংশতকৈও অধিক বৃদ্ধি পাই প্ৰতি বেৰেলত প্ৰায় ১০০ ডলাৰ চুলেগৈ, যিটো মে’ মাহৰ পিছত সৰ্বোচ্চ ।
ইৰাণে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ‘ষ্ট্ৰেইট অৱ হৰমুজ’ বন্ধ কৰি দিয়াত আমেৰিকাৰ সৈতে মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈছে । আনফালে, হুথীসকলে ‘বাব আল-মান্দেব’ জলপথত ভাবুকি সৃষ্টি কৰাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে হুথীক প্ৰত্যক্ষভাৱে সকীয়াই দি কয় যে জাহাজৰ ওপৰত আক্ৰমণ চলাই থাকিলে তেওঁলোকক ভয়ংকৰ সামৰিক শাস্তি দিয়া হ’ব ।
আমেৰিকান চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা মতে, ৱাশ্বিংটনে হৰমুজ জলপথত পুনৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰি বাণিজ্যিক জাহাজ চলাচল স্বাভাৱিক কৰিব বিচাৰে । সামুদ্ৰিক পথত ভয়-ভাবুকি সৃষ্টি কৰিব পৰাকৈ ইৰাণৰ যি সামৰিক ক্ষমতা আছে, তাক ধ্বংস কৰাই এই আক্ৰমণসমূহৰ মূল উদ্দেশ্য ।
লগতে পঢ়ক : ভাৰতীয় সামগ্ৰীত ১০% অতিৰিক্ত শুল্ক আৰোপ আমেৰিকাৰ









