২০৩০ চনৰ ভিতৰত বিনিয়োগকাৰীৰ মুখ্য আকৰ্ষণকেন্দ্ৰ হ’ব অসম: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

২০৩০ চনৰ ভিতৰত বিনিয়োগকাৰীৰ মুখ্য আকৰ্ষণকেন্দ্ৰ হ’ব অসম: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

২০৩০ চনৰ পূৰ্বেই অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল দেশী-বিদেশী বিনিয়োগকাৰীৰ বাবে এক অন্যতম ৰাষ্ট্ৰীয় গন্তব্যস্থল হৈ পৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (RBI)ই অসমক দেশৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত ৰাজ্য হিচাপে স্বীকৃতি দিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ২০৩০ চনৰ

২০৩০ চনৰ পূৰ্বেই অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল দেশী-বিদেশী বিনিয়োগকাৰীৰ বাবে এক অন্যতম ৰাষ্ট্ৰীয় গন্তব্যস্থল হৈ পৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া (RBI)ই অসমক দেশৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত ৰাজ্য হিচাপে স্বীকৃতি দিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ২০৩০ চনৰ পূৰ্বেই অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল দেশী-বিদেশী বিনিয়োগকাৰীৰ বাবে এক অন্যতম ৰাষ্ট্ৰীয় গন্তব্যস্থল হৈ পৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজ্যৰ ৰাজধানীত ইউৰোপীয় ইউনিয়ন (EU)ৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে । তেওঁ কয় যে অসমে বৰ্তমান অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড়কো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে, যিয়ে বিনিয়োগকাৰীসকলক ৰাজ্যখনলৈ আকৃষ্ট কৰাত এক বৃহৎ ভূমিকা পালন কৰিব ।

ভাৰত বনাম অসম: উন্নয়নৰ ক্ষিপ্ৰ গতি

অসমৰ অৰ্থনৈতিক গতিধাক তুলনামূলকভাৱে ডাঙি ধৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়: “বৰ্তমান ভাৰতৰ বিকাশৰ হাৰ ২৯ শতাংশ হোৱাৰ বিপৰীতে অসমৰ বিকাশৰ হাৰ হৈছে ৪৫ শতাংশ । এইয়াই হৈছে আমাৰ অৰ্থনৈতিক গতি আৰু ক্ষিপ্ৰতা । মই বিশ্বাস কৰোঁ যে আমাৰ এই অভূতপূৰ্ব অৰ্থনৈতিক বিকাশৰ গতিধাৰাই অসমত ধন বিনিয়োগ কৰিবলৈ অহা প্ৰতিগৰাকী বিনিয়োগকাৰীকে সৰ্বতোপ্ৰকাৰে সহায় কৰিব ।”

অহা ৫ বছৰত অধিক ক্ষিপ্ৰ হ’ব বিকাশৰ গতি

যোৱা পাঁচটা বছৰত ৰাজ্যখনে অৰ্জন কৰা সফলতাৰ পটভূমিত অসমৰ বাবে এক ডাঙৰ সম্ভাৱনা প্ৰত্যক্ষ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ আশাবাদী যে অহা পাঁচ বছৰত এই উন্নয়নৰ গতি অধিক ত্বৰান্বিত হ’ব । “যোৱা পাঁচ বছৰত আমি যি সফলতা অৰ্জন কৰিলোঁ, অহা পাঁচ বছৰত ইয়াৰ গতি বহুত বেছি ক্ষিপ্ৰ হ’ব,” ড° শৰ্মাই কয় । তেওঁৰ মতে, এশিঙীয়া গঁড়ৰ বাসস্থান হিচাপে বিশ্ববিখ্যাত অসম অচিৰেই বিনিয়োগকাৰীৰ বাবে আটাইতকৈ “কাংক্ষিত তথা জনপ্ৰিয়” স্থান হিচাপে পৰিগণিত হ’ব ।

ইউৰোপীয় প্ৰতিনিধি দলৰ অসম ভ্ৰমণ

উল্লেখযোগ্য যে, ৮ জুনৰ পৰা আৰম্ভ হোৱা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ইউৰোপীয় ইউনিয়নৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত হেৰ্বে ডেলফিনৰ নেতৃত্বত এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে মঙলবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে । এই ভ্ৰমণৰ মূল উদ্দেশ্য আছিল ইউৰোপীয় বজাৰ আৰু উত্তৰ-পূব ভাৰতৰ মাজত বাণিজ্যৰ সম্পৰ্ক অধিক গভীৰ কৰা, নতুন বিনিয়োগৰ সুযোগসমূহ অন্বেষণ কৰা আৰু দ্বিপাক্ষিক বাণিজ্যিক অংশীদাৰিত্ব শক্তিশালী কৰা ।

লগতে পঢ়ক : ২৫০ টা ইউৰোপীয় কোম্পানীৰ সৈতে অংশীদাৰিত্বৰ বাবে সাজু ৰাজ্য চৰকাৰঃ মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ