ৰাজ্যখনত বিজেপিৰ বিশাল বিজয়ৰ পিছত শনিবাৰে এক ভব্য অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে
পশ্চিমবংগৰ ৰাজনীতিত আজি এক ঐতিহাসিক দিন । ৰাজ্যখনত বিজেপিৰ বিশাল বিজয়ৰ পিছত শনিবাৰে এক ভব্য অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে । গুৰুত্বপূৰ্ণ কথাটো হ’ল, অধিকাৰীৰ এই নতুন কেবিনেটত ব্ৰাহ্মণ, মহিলা, মতুয়া আৰু আদিবাসী— প্ৰতিটো সম্প্ৰদায়ৰে প্ৰতিনিধিত্ব সুনিশ্চিত কৰি বিজেপিয়ে এক শক্তিশালী সামাজিক বাৰ্তা প্ৰেৰণ কৰিছে ।
শুভেন্দুৰ পৰা নিশিথলৈ : কেবিনেটৰ গুৰুত্বপূৰ্ণ মুখসমূহ
শুভেন্দু অধিকাৰী (মুখ্যমন্ত্ৰী): এসময়ৰ তৃণমূলৰ বলিষ্ঠ নেতা আৰু মমতা বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী শুভেন্দু অধিকাৰীয়ে আজি মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে । উল্লেখ্য যে, তেওঁ মমতা বেনাৰ্জীক তেওঁৰ নিজৰ গড়তে দুবাৰকৈ পৰাস্ত কৰি একপ্ৰকাৰ অপ্ৰতিৰোধ্য প্ৰমাণিত কৰিছে ।
দিলীপ ঘোষ: ৰাজ্যিক বিজেপিৰ অন্যতম স্তম্ভ তথা খড়গপুৰৰ বিধায়ক দিলীপ ঘোষে মন্ত্ৰী হিচাপে শপত লয় । তেওঁৰ সাংগঠনিক দক্ষতাই চৰকাৰখনক অধিক গতিশীল কৰিব বুলি ধাৰণা কৰা হৈছে ।
অগ্নিমিত্ৰা পাল: ফেশ্বন ডিজাইনাৰৰ পৰা ৰাজনীতিবিদ হোৱা আছানচোল দক্ষিণৰ বিধায়িকা অগ্নিমিত্ৰা পালে কেবিনেটত মহিলাৰ কণ্ঠ প্ৰতিনিধিত্ব কৰিব ।
অশোক কীৰ্তনীয়া: বনগাঁ উত্তৰৰ পৰা একেৰাহে দুবাৰকৈ নিৰ্বাচিত হোৱা কীৰ্তনীয়াই চৰকাৰত মতুয়া সম্প্ৰদায়ৰ কল্যাণৰ বাবে কাম কৰিব ।
ক্ষুদিৰাম টুডু: ৰাণীবাঁধৰ বিধায়ক তথা বৃত্তিত শিক্ষক ক্ষুদিৰাম টুডুৱে কেবিনেটত আদিবাসী সম্প্ৰদায়ৰ মুখ হিচাপে স্থান লাভ কৰিছে । তেওঁ প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈয়েই মন্ত্ৰীত্বৰ সুযোগ লাভ কৰিছে ।
নিশিথ প্ৰমাণিক: কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ অভিজ্ঞতা থকা কোচবিহাৰৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান মাথাভাঙ্গাৰ বিধায়ক নিশিথ প্ৰমাণিকেও আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।
এই ভব্য শপত গ্ৰহণ অনুষ্ঠানে বংগৰ ৰাজনীতিত এক নতুন ধাৰাৰ সূচনা কৰিছে । সকলোৰে সমাহাৰ থকা এই চৰকাৰখনে ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নত কেনে ভূমিকা পালন কৰে, সেয়া এতিয়া লক্ষণীয় হ’ব ।
লগতে পঢ়ক : পশ্চিম বংগ নতুন ৰাজনৈতিক যুগৰ সূচনা, মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে









