পশ্চিম বংগৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে শুভেন্দু অধিকাৰীয়ে ।
পশ্চিম বংগত এক নতুন ৰাজনৈতিক যুগৰ সূচনা কৰি আজি ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়ৰ পিছত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ ৰাজনৈতিক শিবিৰৰ বহু হেভিৱেট নেতা উপস্থিত থাকে ।
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । ইয়াৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মাণিক সাহা, উত্তৰাখণ্ডৰ পুষ্কৰ ধামী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা অন্যতম ।
শুভেন্দুৰ ধামাকা-
এই নিৰ্বাচনত শুভেন্দু অধিকাৰীয়ে এক অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে । তেওঁ ৰাজ্যখনৰ আটাইতকৈ হাই-প্ৰফাইল দুটা সমষ্টি— ভৱানীপুৰ আৰু নন্দীগ্ৰামত জয়লাভ কৰি নিজৰ আধিপত্য প্ৰমাণ কৰিছে । ভৱানীপুৰত মমতা বেনাৰ্জীক ১৫,১০৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে নন্দীগ্ৰামতো তেওঁ বিপুল ভোটত বিজয়ী হয় । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, নন্দীগ্ৰামত তেওঁ ১,২৭,৩০১ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ।
নিৰ্বাচনী ফলাফল-
২০২৬ চনৰ এই নিৰ্বাচনত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে ১৫ বছৰ ধৰি শাসনত থকা তৃণমূল কংগ্ৰেছে মাত্ৰ ৮০ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় । আন এক উল্লেখযোগ্য দিশ হ’ল এইবাৰ পশ্চিম বংগত স্বাধীনতাৰ পিছত সৰ্বাধিক ৯২.৪৭ শতাংশ ভোটদান সাব্যস্ত হৈছে ।
মমতা বেনাৰ্জীৰ দীৰ্ঘদিনীয়া আধিপত্যৰ অন্ত পেলাই বিজেপিৰ এই উত্থানে দেশৰ ৰাজনীতিত এক নতুন সমীকৰণৰ সৃষ্টি কৰিছে । পৰাজয়ৰ ফলত তৃণমূল কংগ্ৰেছৰ বাবে এয়া এক ডাঙৰ মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ।
লগতে পঢ়ক : বংগত বিজেপিৰ সূৰ্য্যোদয়ঃ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন শুভেন্দু অধিকাৰীৰ









