বংগত পৰিবৰ্তনৰ বতাহ : কাৰ্যভাৰ লৈয়েই অনুপ্ৰৱেশ ৰোধ আৰু জনকল্যাণৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

বংগত পৰিবৰ্তনৰ বতাহ : কাৰ্যভাৰ লৈয়েই অনুপ্ৰৱেশ ৰোধ আৰু জনকল্যাণৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

দীৰ্ঘদিন ধৰি চলি থকা অবৈধ অনুপ্ৰৱেশৰ সমস্যা অতি কম সময়ৰ ভিতৰতে সমাধান হ’ব বুলি তেওঁ আশাপ্ৰকাশ কৰে । পশ্চিমবংগত ১৫ বছৰীয়া তৃণমূল শাসনৰ অন্ত পেলাই নতুনকৈ গঠিত বিজেপি চৰকাৰৰ কাম-কাজ পূৰ্ণগতিত আৰম্ভ হৈছে । সোমবাৰে নবান্নত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ

দীৰ্ঘদিন ধৰি চলি থকা অবৈধ অনুপ্ৰৱেশৰ সমস্যা অতি কম সময়ৰ ভিতৰতে সমাধান হ’ব বুলি তেওঁ আশাপ্ৰকাশ কৰে ।

পশ্চিমবংগত ১৫ বছৰীয়া তৃণমূল শাসনৰ অন্ত পেলাই নতুনকৈ গঠিত বিজেপি চৰকাৰৰ কাম-কাজ পূৰ্ণগতিত আৰম্ভ হৈছে । সোমবাৰে নবান্নত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ সুৰক্ষা আৰু উন্নয়ন সন্দৰ্ভত কেইবাটাও ঐতিহাসিক সিদ্ধান্তৰ কথা ঘোষণা কৰে ।

সীমান্তত বেৰ আৰু অনুপ্ৰৱেশ ৰোধ-

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ভাৰত-বাংলাদেশ সীমান্তত কাঁটাতাৰৰ বেৰ পতাৰ কাম ক্ষীপ্ৰতৰ কৰিবলৈ ৰাজ্য চৰকাৰে সীমা সুৰক্ষা বলক (BSF) ভূমি হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আগন্তুক ৪৫ দিনৰ ভিতৰত এই ভূমি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক অৰ্পণ কৰা হ’ব । ইয়াৰ ফলত দীৰ্ঘদিন ধৰি চলি থকা অবৈধ অনুপ্ৰৱেশৰ সমস্যা অতি কম সময়ৰ ভিতৰতে সমাধান হ’ব বুলি তেওঁ আশাপ্ৰকাশ কৰে ।

কেন্দ্ৰীয় আঁচনিৰ ৰূপায়ণ-

ৰাজ্যখনত এতিয়াৰে পৰা ‘ডাবল ইঞ্জিন’ চৰকাৰৰ সুফল ৰাইজে লাভ কৰিব বুলি উল্লেখ কৰি অধিকাৰীয়ে কয় যে পূৰ্বৰ চৰকাৰে বাধা দি ৰখা কেন্দ্ৰীয় জনকল্যাণমূলক আঁচনিসমূহ এতিয়াৰে পৰা বংগত কাৰ্যকৰী হ’ব । বিশেষকৈ ‘আয়ুষ্মান ভাৰত’ আৰু ‘জন আৰোগ্য যোজনা’ৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহৰ জৰিয়তে ৰাজ্যবাসী উপকৃত হ’ব ।

ৰাজনৈতিক হিংসাৰ তদন্ত-

বিগত সময়ছোৱাত হোৱা ৰাজনৈতিক হিংসাত প্ৰাণ হেৰুওৱা ৩২১ গৰাকী দলীয় কৰ্মীৰ প্ৰতি সমবেদনা জনাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে যদি মৃতকৰ পৰিয়ালে বিচাৰে, তেন্তে চৰকাৰে এই হত্যাকাণ্ডসমূহৰ উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিব ।

প্ৰশাসনিক পৰ্যালোচনা আৰু ধন্যবাদ জ্ঞাপন-

কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্য সচিব, গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয়। নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে তেওঁ নিৰ্বাচন আয়োগ, আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ লগতে পশ্চিমবংগৰ ভোটাৰক ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে, ২৯৪ জনীয়া বিধানসভাৰ ২০৬ খন আসনত জয়লাভ কৰি বিজেপিয়ে এইবাৰ পশ্চিমবংগত এক বৃহৎ ৰাজনৈতিক পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : পশ্চিম বংগৰ জনতাক মূৰ দোঁৱাই, আঠু কাঢ়ি সেৱা প্ৰধানমন্ত্ৰী মোদীৰ