শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মঞ্চলৈ আহি জনতাক মূৰ দোঁৱাই আঁঠু কাঢ়ি সন্মান প্ৰদৰ্শন কৰে
পশ্চিমবংগৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি আজি কলকাতাত অনুষ্ঠিত এক বিশাল অনুষ্ঠানত ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অভাবনীয় বিজয় সাব্যস্ত কৰি বিজেপিয়ে মমতা বেনাৰ্জীৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলায় ।
প্ৰধানমন্ত্ৰীৰ উপস্থিতি আৰু বিশেষ মূহূৰ্ত-
শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চলৈ আহি জনতাক মূৰ দোঁৱাই আঁঠু কাঢ়ি সন্মান প্ৰদৰ্শন কৰে । অনুষ্ঠানটোত এক আৱেগিক মূহূৰ্তৰ সৃষ্টি হয় যেতিয়া প্ৰধানমন্ত্ৰীয়ে জ্যেষ্ঠ বিজেপি কৰ্মী মাখনলাল চৰকাৰক সম্বৰ্ধনা জনাই তেওঁৰ আশীৰ্বাদ লয় । ইয়াৰ লগতে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জন্মজয়ন্তী উপলক্ষে মোদী আৰু অধিকাৰীয়ে যুটীয়াভাৱে কবিগুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ।
উপস্থিত ভিভিআইপি সকল-
এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, জে পি নাড্ডা আৰু ধৰ্মেন্দ্ৰ প্ৰধান । লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মাণিক সাহা আৰু উত্তৰাখণ্ডৰ পুষ্কৰ সিং ধামীকে ধৰি কেইবাজনো ৰাজ্যিক নেতা উপস্থিত থাকে ।
শুভেন্দুৰ ধুমুহা-
বিগত ৪ মে’ত ঘোষিত ফলাফলত শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দুস্বৰূপ ভৱানীপুৰ আৰু নন্দীগ্ৰাম— দুয়োটা সমষ্টিতে জয়লাভ কৰি চমক সৃষ্টি কৰে।
ভৱানীপুৰত: মমতা বেনাৰ্জীক ১৫,১০৫ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে।
নন্দীগ্ৰামত: ১,২৭,৩০১ টা ভোট লাভ কৰি নিজৰ আধিপত্য বজাই ৰাখে।
লগতে পঢ়ক : ৯৮ বছৰীয়া মাখনলাল সৰকাৰৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল’লে প্ৰধানমন্ত্ৰীয়ে









