বংগত বিজেপিৰ নতুন যুগ: মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ কেবিনেটত দপ্তৰ বিতৰণ, কাৰ হাতত কি দায়িত্ব ?

বংগত বিজেপিৰ নতুন যুগ: মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ কেবিনেটত দপ্তৰ বিতৰণ, কাৰ হাতত কি দায়িত্ব ?

শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত সোমবাৰে তেওঁ এক গুৰুত্বপূৰ্ণ বৈঠকত পাঁচগৰাকী নৱনিযুক্ত মন্ত্ৰীৰ মাজত বিভাগসমূহ আবণ্টন দিয়ে পশ্চিমবংগত ঐতিহাসিক জয়ৰ পাছত প্ৰশাসনিক কাম-কাজত তীব্ৰতা আনিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে । শনিবাৰে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত সোমবাৰে তেওঁ

শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত সোমবাৰে তেওঁ এক গুৰুত্বপূৰ্ণ বৈঠকত পাঁচগৰাকী নৱনিযুক্ত মন্ত্ৰীৰ মাজত বিভাগসমূহ আবণ্টন দিয়ে

পশ্চিমবংগত ঐতিহাসিক জয়ৰ পাছত প্ৰশাসনিক কাম-কাজত তীব্ৰতা আনিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে । শনিবাৰে ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত সোমবাৰে তেওঁ এক গুৰুত্বপূৰ্ণ বৈঠকত পাঁচগৰাকী নৱনিযুক্ত মন্ত্ৰীৰ মাজত বিভাগসমূহ আবণ্টন দিয়ে ।

কাৰ হাতত কোনটো দপ্তৰ ?

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, নৱগঠিত চৰকাৰখনৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ তলত দিয়া ধৰণে বিতৰণ কৰা হৈছে :

দিলীপ ঘোষ: জ্যেষ্ঠ নেতাগৰাকীক গ্ৰামোন্নয়ন, পঞ্চায়ত আৰু পশুপালন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে ।

অগ্নিমিত্ৰা পাল: কেবিনেটৰ একমাত্ৰ মহিলা মন্ত্ৰীগৰাকীয়ে মহিলা তথা শিশু কল্যাণ বিভাগৰ তদাৰক কৰিব ।

নিশিথ প্ৰমাণিক: তেওঁক ক্ৰীড়া আৰু যুৱ কল্যাণৰ লগতে উত্তৰ বংগ উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে ।

অশোক কীৰ্তনীয়া: মতুয়া সম্প্ৰদায়ৰ প্ৰভাৱশালী নেতাগৰাকীয়ে খাদ্য বিভাগৰ দায়িত্ব চম্ভালিব ।

খুদিৰাম টুডু: জনজাতীয় নেতাগৰাকীক অনগ্ৰসৰ শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ।

নিৰ্বাচনী ফলাফলত বিজেপিৰ আধিপত্য-

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপট সম্পূৰ্ণ সলনি কৰি বিজেপিয়ে ২৯৪ খন আসনৰ ভিতৰত ২০৬ খনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে । আনহাতে, মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ মাত্ৰ ৮০ খন আসনলৈ হ্ৰাস পায় ।

জয়ৰ ব্যৱধান আৰু জনপ্ৰিয়তা-

প্ৰতিগৰাকী মন্ত্ৰীয়েই নিজ নিজ সমষ্টিত বিশাল ভোটৰ ব্যৱধানত জয়ী হৈছে । বিশেষকৈ নিশিথ প্ৰমাণিকে ৫৭,০৯০ টা ভোটৰ ব্যৱধানত আৰু খুদিৰাম টুডুৱে ৫২,২৬৯ টা ভোটৰ ব্যৱধানত তৃণমূলৰ প্ৰাৰ্থীক পৰাস্ত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । অগ্নিমিত্ৰা পাল আৰু অশোক কীৰ্তনীয়াইও ৪০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হৈছে ।

শনিবাৰে কলকাতাৰ এক ভব্য অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যপাল আৰ এন ৰবিয়ে শুভেন্দু অধিকাৰীক শপত বাক্য পাঠ কৰোৱাইছিল। দপ্তৰ বিতৰণৰ পাছত এতিয়া ৰাজ্যবাসীয়ে বিজেপি চৰকাৰৰ পৰা এক নতুন প্ৰশাসনিক গতিশীলতাৰ আশা কৰিছে ।

লগতে পঢ়ক : বিজেপিৰ জয়যাত্ৰাত উৎফুল্লিত প্ৰধানমন্ত্ৰী: ‘পশ্চিম বংগ-অসমৰ ফলাফলে দেশজুৰি সৃষ্টি কৰিছে উৎসাহৰ জোৱাৰ’