পশ্চিমবংগৰ ইতিহাসত প্ৰথমবাৰলৈ বিজেপিৰ চৰকাৰ, মুখ্যমন্ত্ৰী হ’ব শুভেন্দু অধিকাৰী

শুকুৰবাৰে শুভেন্দু অধিকাৰীক বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় ।

পশ্চিমবংগৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰি শুকুৰবাৰে শুভেন্দু অধিকাৰীক বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় । ইয়াৰ লগে লগে ৰাজ্যখনৰ ইতিহাসত প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত ল’বলৈ সাজু হৈছে শুভেন্দু অধিকাৰী ।

আজি কলকাতাত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ দলীয় বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক অমিত শ্বাহে আনুষ্ঠানিকভাৱে অধিকাৰীৰ নাম ঘোষণা কৰে । শ্বাহে কয়, “মই শুভেন্দু অধিকাৰীক পশ্চিমবংগ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰিছো ।” উল্লেখযোগ্য যে, কাইলৈ অৰ্থাৎ শনিবাৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিনটোতে তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

নিৰ্বাচনী ফলাফলত বিজেপিৰ চমকপ্ৰদ জয়-

২০২৬ চনৰ এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে । ২৯৪ খন আসনৰ ভিতৰত বিজেপিয়ে অকলেই ২০৭ খন আসন লাভ কৰি বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, বিগত ১৫ বছৰ ধৰি শাসনত থকা মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ মাত্ৰ ৮০ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় ।

শুভেন্দু অধিকাৰীয়ে নন্দীগ্ৰাম আৰু ভৱানীপুৰ দুয়োটা সমষ্টিৰ পৰাই জয়লাভ কৰিছে । বিশেষকৈ ভৱানীপুৰত বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ১৫,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি তেওঁ নিজৰ শক্তি প্ৰদৰ্শন কৰে । আজি তেওঁ নৱ-নিৰ্বাচিত বিধায়কসকলৰ সৈতেও এক বৈঠকত মিলিত হয় ।

লগতে পঢ়ক : বংগত বিজেপিৰ ঐতিহাসিক উত্থান: চৰকাৰ গঠনৰ ব্লুপ্ৰিণ্ট যুগুতাবলৈ কলকাতাত অমিত শ্বাহ

বংগত ১৫ বছৰীয়া তৃণমূল শাসনৰ অন্ত : ৯ মে’ত ব্ৰিগেডত বিজেপি চৰকাৰৰ বিশাল শপত গ্ৰহণ

বিজেপিয়ে এককভাৱে ২০৭খন আসন লাভ কৰি ৰাজ্যখনত প্ৰচণ্ড বিজয় সাব্যস্ত কৰে

পশ্চিমবংগৰ ৰাজনীতিত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি অহা ৯ মে’ত ৰাজ্যখনত গঠন হ’বলৈ গৈ আছে নতুন বিজেপি চৰকাৰ । ৰাজ্যিক বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই বুধবাৰে ঘোষণা কৰা অনুসৰি, কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত পুৱা ১০ বজাৰ পৰা এই ভব্য শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব ।

পৰিবৰ্তনৰ নিৰ্বাচনী ফলাফল-

উল্লেখ্য যে ৪ মে’ত ঘোষণা কৰা বিধানসভা নিৰ্বাচনৰ ফলাফলত শাসকীয় তৃণমূল কংগ্ৰেছৰ শোচনীয় পৰাজয় ঘটে । যোৱাবাৰ ২১৫খন আসন লাভ কৰা মমতা বেনাৰ্জীৰ দলটোৱে এইবাৰ মাত্ৰ ৮০খন আসনত সীমাবদ্ধ থাকিবলগীয়া হয় । আনহাতে, বিজেপিয়ে এককভাৱে ২০৭খন আসন লাভ কৰি ৰাজ্যখনত প্ৰচণ্ড বিজয় সাব্যস্ত কৰে । এই ফলাফলে ৰাজ্যখনত তৃণমূলৰ ১৫ বছৰীয়া শাসনৰ যৱনিকা পেলাইছে ।

শপত গ্ৰহণৰ বিশেষ দিন আৰু অতিথি-

বিজেপিয়ে শপত গ্ৰহণৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জয়ন্তী অৰ্থাৎ ২৫ ব’হাগৰ দিনটো বাচনি কৰিছে । বাঙালী আবেগ আৰু সংস্কৃতিৰ সৈতে একাত্ম হ’বলৈকে এই বিশেষ দিনটো নিৰ্ধাৰণ কৰা হৈছে বুলি চৰ্চা চলিছে । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এন ডি এৰ সকলো মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকিব । নতুন চৰকাৰখনত দুকুৰিৰো অধিক মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা আছে ।

মুখ্যমন্ত্ৰীৰ দৌৰত শুভেন্দু অধিকাৰী-

নতুন চৰকাৰৰ নেতৃত্ব কোনে দিব, তাক লৈ চৰ্চা তুংগত উঠিছে । চৰ্চা অনুসৰি নিৰ্বাচনত দলৰ মুখ্য মুখ হৈ থকা শুভেন্দু অধিকাৰীয়েই হ’ব পাৰে বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী । নতুন নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মুখ্য পৰ্যবেক্ষক আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিক সহ-পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । অহা বৃহস্পতিবাৰৰ ভিতৰত বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব, য’ত চৰকাৰীভাৱে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : মোক বৰ্খাস্ত কৰক, কিন্তু মই পদত্যাগ নকৰোঃ শোচনীয় পৰাজয়ৰ পাছতো নাচোৰবান্দা মমতা বেনাৰ্জী

পশ্চিম বংগত পুনৰ ৰক্তপাত, শুভেন্দু অধিকাৰীৰ পিএ-ক হত্যা

বুধবাৰে বিয়লি শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে

পশ্চিম বংগত এক ভয়ংকৰ তথা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে । বুধবাৰে বিয়লি বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক (PA) চন্দ্ৰনাথ ৰথক দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে । উত্তৰ ২৪ পৰগণা জিলাৰ মধ্যগ্ৰাম অঞ্চলত এই লোমহৰ্ষক কাণ্ডটো সংঘটিত হৈছে ।

তথ্য অনুসৰি, চন্দ্ৰনাথ ৰথ নিজৰ বাহনেৰে গৈ থকা অৱস্থাত এখন কাৰ আৰু এখন বাইকে তেওঁক অনুসৰণ কৰিছিল । মাজপথত দুষ্কৃতিকাৰীয়ে তেওঁৰ গাড়ীখন আগুৰি ধৰে আৰু লক্ষ্য কৰি চাৰি জাইকৈ গুলী বৰ্ষণ কৰে । এই আকস্মিক গুলীচালনাত চন্দ্ৰনাথ আৰু তেওঁৰ চালকজন গুৰুতৰভাৱে আহত হয় । লগে লগে তেওঁলোকক ওচৰৰ এখন হাস্পতালত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে চন্দ্ৰনাথ ৰথে মৃত্যুক সাৱটি লয় ।

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, আক্ৰমণকাৰীসকলে ব্যৱহাৰ কৰা বাইকখনত কোনো পঞ্জীয়ন নম্বৰ নাছিল । বৰ্তমান আৰক্ষীয়ে যশোহৰ ৰোডত থকা বিভিন্ন চিচিটিভি (CCTV) ফুটেজ পৰীক্ষা কৰি হত্যাকাৰীৰ সন্ধান চলাইছে । ঘটনাৰ খবৰ পোৱাৰ পিছতে শুভেন্দু অধিকাৰী নিজেই হাস্পতালত উপস্থিত হয় আৰু এই কথা নিশ্চিত কৰে ।

উল্লেখ্য যে, শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ বিজয়ৰ পিছৰে পৰা ৰাজ্যখনত ৰাজনৈতিক হিংসা বৃদ্ধি পোৱা দেখা গৈছে । এই হত্যাকাণ্ডক লৈ এতিয়া তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপিয়ে এই ঘটনাৰ আঁৰত তৃণমূল কংগ্ৰেছৰ (TMC) হাত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । নিৰ্বাচনী পৰাজয়ৰ পোতক তুলিবলৈকে এনেদৰে টাৰ্গেট কিলিং কৰা হৈছে বুলি বিজেপি নেতৃত্বই দাবী কৰিছে । বৰ্তমান সমগ্ৰ অঞ্চলটোত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ।

লগতে পঢ়ক : ‘যদি পদত্যাগ নকৰে বৰ্খাস্ত কৰা হ’ব’; মমতা বেনাৰ্জীক লৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

বংগত হাইভল্টেজ ড্ৰামা : পৰাজয়ৰ পাছতো পদত্যাগ নকৰে মমতাই, কটাক্ষ শুভেন্দুৰ

বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়ক শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যখনৰ ৰাজনীতিয়ে এক অভূতপূৰ্ব মোৰ লৈছে । এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে ২০৭খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ পাছতো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে । এই লৈ সৃষ্টি হোৱা সাংবিধানিক সংকটৰ মাজতে আজি বিজেপিৰ নৱ-নিৰ্বাচিত বিধায়ক শুভেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে ।

মমতাক কটাক্ষ শুভেন্দুৰ-

ভৱানীপুৰ সমষ্টিত মমতা বেনাৰ্জীক পৰাস্ত কৰা শুভেন্দু অধিকাৰীয়ে আজি বিজেপি কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত সংবাদ মাধ্যমৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । তেওঁ কয়, “সংবিধানত সকলো কথা উল্লেখ আছে । এই সন্দৰ্ভত মই বেছি একো কোৱাৰ প্ৰয়োজন নাই ।” তেওঁৰ এই ইংগিতে সূচাইছে যে জনমতক অৱজ্ঞা কৰি মুখ্যমন্ত্ৰীৰ আসনত বহি থকাটো এক সাংবিধানিক উলংঘন হ’ব পাৰে ।

মমতা বেনাৰ্জীৰ বিস্ফোৰক অভিযোগ-

আনহাতে, তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে এতিয়াও নিজৰ পৰাজয় স্বীকাৰ কৰা নাই । এক সংবাদমেলত তেওঁ কয়- “মই পদত্যাগ নকৰোঁ, মই পৰাজিত হোৱা নাই । আমি নৈতিকভাৱে জিকিছোঁ ।”

তেওঁ মুখ্য নিৰ্বাচনী আয়ুক্তক এই নিৰ্বাচনৰ ‘খলনায়ক’ আখ্যা দি ইভিএম লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ প্ৰশ্ন কৰে যে ভোটগ্ৰহণৰ পিছতো ইভিএমত কেনেকৈ ৮০-৯০ শতাংশ চাৰ্জ থাকে । লগতে বিজেপি আৰু নিৰ্বাচন আয়োগৰ মাজত ‘বেটিং’ চলা বুলি অভিযোগ কৰি তেওঁ কয় যে ইচ্ছাকৃতভাৱে আইপিএছ-আইএএছ বিষয়াসকলক বদলি কৰা হৈছিল আৰু ভোটাৰ তালিকাৰ পৰা ৯০ লাখ নাম কাটি দিয়া হৈছিল ।

মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে তেওঁক পেটত গোৰ মৰা হৈছিল আৰু সেই সময়ত চিচিটিভি কেমেৰা বন্ধ কৰি থোৱা হৈছিল ।

বিজেপিৰ চৰকাৰ গঠনৰ প্ৰস্তুতি-

নিৰ্বাচনী ফলাফল অনুসৰি বিজেপিয়ে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি পশ্চিম বংগত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । ৰাজ্যখনত ১৫ বছৰীয়া টিএমচি শাসনৰ অৱসান ঘটিছে যদিও মমতা বেনাৰ্জীৰ এই বিদ্ৰোহী স্থিতিৰ বাবে শপত গ্ৰহণ অনুষ্ঠান আৰু পৰৱৰ্তী ৰাজনৈতিক প্ৰক্ৰিয়াক লৈ উত্তেজনা অব্যাহত আছে । বিজেপিয়ে ইতিমধ্যে তেওঁলোকৰ প্ৰথমখন চৰকাৰৰ শপত গ্ৰহণৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ।

লগতে পঢ়ক : আমি নিৰ্বাচনত পৰাজিত হোৱা নাইঃ পদত্যাগ নকৰাৰ হুংকাৰ মমতা বেনাৰ্জীয়ে

কবিগুৰুৰ জন্মদিনত বংগত নতুন যুগৰ আৰম্ভণি, ৯ মে’ত শুভেন্দুৰ অভিষেক!

পশ্চিমবংগত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে

পশ্চিমবংগত এক ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰি ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । অহা ৯ মে’ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তী অৰ্থাৎ ‘পঁচিছ ব’হাগ’ৰ পবিত্ৰ দিনটোত ৰাজ্যখনৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । ভৱানীপুৰ সমষ্টিত তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক ১৫,১০৫ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰা শুভেন্দু অধিকাৰী বৰ্তমান মুখ্যমন্ত্ৰী পদৰ আটাইতকৈ শক্তিশালী দাবীদাৰ হিচাপে চৰ্চালৈ আহিছে ।

ৰাজ্যিক বিজেপিৰ সভাপতি শমিক ভট্টাচাৰ্যই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, “প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ৯ মে’ৰ দিনটো নিৰ্ধাৰণ কৰিছে । কবি গুৰুৰ জন্মদিনৰ এই শুভ ক্ষণতে নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিব ।” উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে তেওঁ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ পুনৰ কলকাতালৈ আহিব ।

বিজেপিৰ বিপুল বিজয়, ধৰাশায়ী তৃণমূল-

সোমবাৰে ঘোষিত নিৰ্বাচনী ফলাফলত বিজেপিয়ে মুঠ ২৯৪খন আসনৰ ভিতৰত ২০৬খন আসনত জয়লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে । আনহাতে, বিগত এক দশক ধৰি শাসনত থকা মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে মাত্ৰ ৮১খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় । নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই অহা ৬ মে’ত ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে ফলাফলৰ প্ৰতিবেদন দাখিল কৰিব ।

২০২১ বনাম ২০২৬-

২০২১ চনৰ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামত শুভেন্দু অধিকাৰীৰ হাতত পৰাস্ত হৈছিল যদিও পিছত ভৱানীপুৰৰ উপ-নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰীৰ পদ ৰক্ষা কৰিছিল । সেইবাৰ টিএমচিয়ে ২১১খন আসন লাভ কৰি চৰকাৰ গঠন কৰিছিল । কিন্তু এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে সেই পৰিসংখ্যা ওলোটা কৰি ২০১১ চনৰ পৰা চলি থকা তৃণমূলৰ শাসন ওফৰাই গেৰুৱা পতাকা উৰুৱাবলৈ সক্ষম হৈছে ।

এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত (২৩ এপ্ৰিল আৰু ২৯ এপ্ৰিল) ৰাজ্যখনৰ ভোটাৰে বিজেপিৰ ‘পৰিৱৰ্তন’ৰ শ্লোগানত মোহৰ মাৰিলে । ৩৪ বছৰীয়া বামপন্থী শাসন ওফৰাই শাসনলৈ অহা তৃণমূল কংগ্ৰেছ এইবাৰ পুনৰ বিৰোধীৰ আসনত বহিবলগীয়া হোৱাটো বংগৰ ৰাজনীতিত এক বিৰল পৰিঘটনা হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : পশ্চিমবংগত গেৰুৱা ছুনামিত বিধ্বস্ত তৃণমূল, ধৰাশায়ী মমতা বেনাৰ্জীসহ ২২ গৰাকী মন্ত্ৰী