বংগত বিজেপিৰ ঐতিহাসিক উত্থান: চৰকাৰ গঠনৰ ব্লুপ্ৰিণ্ট যুগুতাবলৈ কলকাতাত অমিত শ্বাহ

বংগত বিজেপিৰ ঐতিহাসিক উত্থান: চৰকাৰ গঠনৰ ব্লুপ্ৰিণ্ট যুগুতাবলৈ কলকাতাত অমিত শ্বাহ

এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগত ইতিহাস ৰচনা কৰিছে পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠনক লৈ ৰাজনৈতিক তৎপৰতা তুংগত উঠিছে । এই ঐতিহাসিক ক্ষণত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে শুকুৰবাৰে কলকাতাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আজি বিয়লি অনুষ্ঠিত হ’বলগীয়া দলৰ

এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগত ইতিহাস ৰচনা কৰিছে

পশ্চিমবংগত প্ৰথমবাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠনক লৈ ৰাজনৈতিক তৎপৰতা তুংগত উঠিছে । এই ঐতিহাসিক ক্ষণত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে শুকুৰবাৰে কলকাতাত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আজি বিয়লি অনুষ্ঠিত হ’বলগীয়া দলৰ বিধানয়িনী বৈঠকৰ তেওঁ পৌৰোহিত্য কৰিব ।

জানিব পৰা মতে, নিৰ্বাচনোত্তৰ কৌশল আৰু নতুন চৰকাৰ গঠনৰ আলোচনাৰ এই সন্ধিক্ষণত শ্বাহৰ ভ্ৰমণক অতি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে । কলকাতাত উপস্থিত হোৱাৰ পাছতেই গৃহমন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ দলীয় নেতা আৰু কোৰ কমিটিৰ সদস্যসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ মূল্যায়ন, সাংগঠনিক পৰ্যালোচনা আৰু পৰৱৰ্তী পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰা হয় ।

বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে শ্বাহে ৰাজ্যখনৰ আগন্তুক শপত গ্ৰহণ অনুষ্ঠান সন্দৰ্ভত দলীয় নেতাসকলৰ সৈতে বিতং আলোচনা কৰিব । ইয়াৰ উপৰিও নতুন কেবিনেটৰ ৰূপৰেখা কেনেকুৱা হ’ব, দপ্তৰসমূহৰ বিতৰণ আৰু সামগ্ৰিক শাসনৰ অগ্ৰাধিকাৰ সম্পৰ্কেও পৰিকল্পনা কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, পশ্চিমবংগৰ বাবে অমিত শ্বাহক কেন্দ্ৰীয় পৰ্যবেক্ষক আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিক কেন্দ্ৰীয় সহ-পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । একেদৰে, অসমত বিধানমণ্ডলীয় দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক পৰ্যবেক্ষক আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং চাইনীক সহ-পৰ্যবেক্ষকৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

উল্লেখ্য যে, এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগত ইতিহাস ৰচনা কৰিছে । ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, ২৯৪খন আসনৰ ভিতৰত বিজেপিয়ে ২০৬খন আসন লাভ কৰি চমকপ্ৰদ সফলতা অৰ্জন কৰিছে । আনহাতে, যোৱাবাৰ ২১২খন আসন লাভ কৰা তৃণমূল কংগ্ৰেছে এইবাৰ মাত্ৰ ৮০খন আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছে । ইফালে, চুবুৰীয়া ৰাজ্য অসমতো বিজেপি নেতৃত্বাধীন এন ডি এ দলে জয়েৰে হেট্ৰিক অৰ্জন কৰি নিজৰ স্থিতি পুনৰ দৃঢ় কৰিছে ।

লগতে পঢ়ক : পশ্চিম বংগত ভংগ হ’ল বিধানসভা; শেষ হ’ল ১৫ বছৰীয়া মমতা ৰাজ