মাত্ৰ ৫ টকাত মাছ-ভাত, শিক্ষানুষ্ঠান-ধৰ্মীয় অনুষ্ঠানৰ কাষত সুৰা নিষিদ্ধঃ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

মাত্ৰ ৫ টকাত মাছ-ভাত, শিক্ষানুষ্ঠান-ধৰ্মীয় অনুষ্ঠানৰ কাষত সুৰা নিষিদ্ধঃ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

শিক্ষানুষ্ঠান আৰু পবিত্ৰ ধৰ্মীয় স্থানসমূহৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈকে এই ঐতিহাসিক সিদ্ধান্ত লোৱা বুলি চৰকাৰে জানিবলৈ দিয়ে পশ্চিমবংগৰ ৰাজনীতি আৰু প্ৰশাসনত এক ডাঙৰ আলোড়ন সৃষ্টি কৰি ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে কেতবোৰ আঁচনিৰ কথা ঘোষণা কৰিছে । কল্যাণীত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক পৰ্যালোচনা বৈঠকৰ অন্তত এই বৃহৎ

শিক্ষানুষ্ঠান আৰু পবিত্ৰ ধৰ্মীয় স্থানসমূহৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈকে এই ঐতিহাসিক সিদ্ধান্ত লোৱা বুলি চৰকাৰে জানিবলৈ দিয়ে

পশ্চিমবংগৰ ৰাজনীতি আৰু প্ৰশাসনত এক ডাঙৰ আলোড়ন সৃষ্টি কৰি ৰাজ্য চৰকাৰে জনসাধাৰণৰ বাবে কেতবোৰ আঁচনিৰ কথা ঘোষণা কৰিছে । কল্যাণীত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক পৰ্যালোচনা বৈঠকৰ অন্তত এই বৃহৎ ঘোষণাসমূহ কৰা হয় । ৰাজ্যখনৰ নদীয়া, উত্তৰ ২৪ পৰগণা আৰু হুগলী জিলাৰ উন্নয়নমূলক কাৰ্যসূচীৰ খতিয়ান লোৱাৰ উদ্দেশ্যে এই বৈঠক আহ্বান কৰা হৈছিল ।

২৭ মে’ৰ পৰা আৰম্ভ হ’ব ‘অন্নপূৰ্ণা যোজনা’ৰ প্ৰপত্ৰ বিতৰণ-

চৰকাৰী ঘোষণা অনুসৰি, অহা ২৭ মে’ৰ পৰা সমগ্ৰ ৰাজ্যতে বহুপ্ৰত্যাশিত ‘অন্নপূৰ্ণা যোজনা’ৰ প্ৰপত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব । এই অভিলাষী আঁচনিৰ অধীনত ৰাজ্যৰ মহিলাসকলে প্ৰতি মাহে ৩,০০০ টকাকৈ আৰ্থিক সাহায্য লাভ কৰিব । প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে ভাৰতৰ যিকোনো নাগৰিকেই এই আঁচনিৰ সুবিধা ল’ব পাৰিব আৰু ইয়াৰ প্ৰপত্ৰসমূহ ৰাজ্যিক সচিবালয়ৰ পৰা সংগ্ৰহ কৰিব পৰা যাব ।

শিক্ষানুষ্ঠান আৰু ধৰ্মীয় স্থানৰ কাষত নিষিদ্ধ হ’ব সুৰাৰ দোকান-

সমাজ সংস্কাৰ আৰু নৈতিকতা ৰক্ষাৰ দিশত চৰকাৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা যিকোনো স্কুল, কলেজ অথবা ধৰ্মীয় উপাসনা স্থলৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ সুৰাৰ দোকান খোলাৰ অনুমতি দিয়া নহ’ব । শিক্ষানুষ্ঠান আৰু পবিত্ৰ ধৰ্মীয় স্থানসমূহৰ পবিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈকে এই ঐতিহাসিক সিদ্ধান্ত লোৱা বুলি চৰকাৰে জানিবলৈ দিয়ে ।

মাত্ৰ ৫ টকাতে মাছ-ভাত-

ৰাজ্যৰ দৰিদ্ৰ আৰু শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰে সমগ্ৰ পশ্চিমবংগত প্ৰায় ৪০০ খন বিশেষ কেণ্টিন স্থাপন কৰাৰ আঁচনি হাতত লৈছে । এই কেণ্টিনসমূহত জনসাধাৰণে সপ্তাহত দুদিন মাত্ৰ ৫ টকা বিনিময়ত মাছ আৰু ভাতৰ এসাঁজ পেট ভৰাই খাবলৈ পাব ।

স্বাস্থ্য খণ্ডৰ উন্নীতকৰণ : গঠন হ’ব সুকীয়া ‘আয়ুষ’ বিভাগ-

ৰাজ্যখনৰ স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক গতিশীল আৰু উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে এটা নতুন ‘আয়ুষ’ (AYUSH) বিভাগ গঠন কৰাৰ কথা ঘোষণা কৰিছে । এতিয়ালৈকে এই ব্যৱস্থাটো স্বাস্থ্য বিভাগৰ এটা অংশ হিচাপেহে আছিল, কিন্তু এতিয়াৰে পৰা ইয়াক এক সুকীয়া আৰু স্বতন্ত্ৰ বিভাগ হিচাপে গঢ়ি তোলা হ’ব ।

লগতে পঢ়ক : ‘সোনকালে পলাই যাওক… জেলত পোহপাল দি পইচা কিয় নষ্ট কৰিম?’- অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক্সন মুডত মুখ্যমন্ত্ৰী শুভেন্দু