‘সোনকালে পলাই যাওক… জেলত পোহপাল দি পইচা কিয় নষ্ট কৰিম?’- অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক্সন মুডত মুখ্যমন্ত্ৰী শুভেন্দু

‘সোনকালে পলাই যাওক… জেলত পোহপাল দি পইচা কিয় নষ্ট কৰিম?’- অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক্সন মুডত মুখ্যমন্ত্ৰী শুভেন্দু

মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনত অৱৈধভাৱে বসবাস কৰি থকা বাংলাদেশীসকলক পোনপটীয়াকৈ এক চৰম সকীয়নি প্ৰদান কৰিছে পশ্চিম বংগত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিছে এক অতি আক্ৰমণাত্মক স্থিতি । মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনত অৱৈধভাৱে বসবাস কৰি থকা বাংলাদেশীসকলক পোনপটীয়াকৈ এক

মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনত অৱৈধভাৱে বসবাস কৰি থকা বাংলাদেশীসকলক পোনপটীয়াকৈ এক চৰম সকীয়নি প্ৰদান কৰিছে

পশ্চিম বংগত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিছে এক অতি আক্ৰমণাত্মক স্থিতি । মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনত অৱৈধভাৱে বসবাস কৰি থকা বাংলাদেশীসকলক পোনপটীয়াকৈ এক চৰম সকীয়নি প্ৰদান কৰিছে । তেওঁ স্পষ্টকৈ কৈছে- “সোনকালে পলাই যোৱা! আমি জেলত ৰাখি পোহপাল দি থাকিব নোৱাৰো । আমাৰ জনসাধাৰণৰ টেক্সৰ পইচা অবৈধ অনুপ্ৰৱেশকাৰীৰ নামত কিয় নষ্ট কৰিম ? আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে, ধৰা আৰু পোনপটীয়াকৈ বাংলাদেশলৈ খেদি দিয়া ।”

বিদেশী বিতাড়নৰ বাবে সাজু হৈছে বিশেষ ‘হোল্ডিং চেন্টাৰ’

কেৱল মুখেৰেই নহয়, প্ৰশাসনিকভাৱেও বংগ চৰকাৰ এতিয়া সম্পূৰ্ণ ‘একচন মোড’ত অবতীৰ্ণ হৈছে । ৰাজ্যখনত আশ্ৰয় লৈ থকা অবৈধ বাংলাদেশী আৰু ৰোহিংগা নাগৰিকসকলক চিনাক্ত কৰি নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ বিশেষ ‘হোল্ডিং চেন্টাৰ’ নিৰ্মাণৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰা হৈছে । এই সন্দৰ্ভত পশ্চিম বংগৰ সকলো জিলাধিপতিকে জৰুৰী লিখিত নিৰ্দেশ আৰু নীতি-নিৰ্দেশনা জাৰী কৰা হৈছে । চৰকাৰে প্ৰতিজন জিলাধিপতিকে নিজ নিজ জিলাত উপযুক্ত স্থান চিনাক্ত কৰি অতি সোনকালে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে ।

কি এই ‘ডিটেক্ট, ডিলিট এণ্ড ডিপৰ্ট’ নীতি ?

বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বংগত আৰম্ভ কৰিছে ‘ডিটেক্ট, ডিলিট এণ্ড ডিপৰ্ট’ (চিনাক্ত কৰা, নাম কৰ্তন কৰা আৰু দেশৰ পৰা উলিয়াই দিয়া) নীতি । এই কঠোৰ নীতিৰ ঘোষণাৰ পিছৰে পৰা ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলসমূহত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে । উত্তৰ ২৪ পৰগণা আৰু মালদা আদি জিলাৰ পৰা অহা বিভিন্ন ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে, ধৰা পৰাৰ ভয়ত এতিয়া অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ডাঙৰ ডাঙৰ দলে সীমান্তত ভীৰ কৰিবলৈ আৰম্ভ কৰিছে । অৰ্থাৎ, চৰকাৰৰ এই অভিযান এতিয়া কেৱল ৰাজনৈতিক শ্লোগান হৈ থকা নাই, ই এক ব্যাপক প্ৰশাসনিক কাৰ্যসূচীত পৰিণত হৈছে ।

সীমান্তত লানি নিছিগা শাৰী :

অলপতে উত্তৰ ২৪ পৰগণাৰ বছিৰহাট মহকুমাৰ অন্তৰ্গত হাকিমপুৰ চেকপইণ্টত এক চাঞ্চল্যৰ সৃষ্টি হয় । মঙলবাৰে পুৱাই তাত ১০০ তকৈও অধিক বাংলাদেশী পুৰুষ-মহিলা একত্ৰিত হয় । চৰকাৰৰ কঠোৰ পদক্ষেপ আৰু ‘হোল্ডিং চেন্টাৰ’ৰ ভয়ত এই সকলোৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ নিজে নিজেই নিজৰ দেশলৈ ঘূৰি যাবলৈ বাধ্য হৈছে ।

অমিত শ্বাহৰ সেই ‘অসম মডেল’ৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে বংগ-

উল্লেখ্য যে, শেহতীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বংগবাসীক এক ডাঙৰ প্ৰতিশ্ৰুতি দিছিল । তেওঁ স্পষ্টকৈ কৈছিল যে- “বিজেপিয়ে যিদৰে অসমত অনুপ্ৰৱেশকাৰীৰ সমস্যা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিলে, ঠিক সেইদৰে বংগৰ পৰাও অবৈধ অনুপ্ৰৱেশকাৰীক শিপাই সৈতে উভালি পেলোৱা হ’ব ।”

এতিয়া বংগত শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত, দলটোৱে নিজৰ সেই ‘অসম মডেল’ৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ কঁকালত টঙালি বান্ধি নামি পৰিছে । চৰকাৰৰ এই কাৰ্যপন্থাই এতিয়া সমগ্ৰ ৰাজ্যখনৰ অৱৈধ অনুপ্ৰৱেশকাৰী আৰু তেওঁলোকৰ মদদপুষ্ট চক্ৰসমূহৰ মাজত তীব্ৰ কম্পনৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : বংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ: স্থাপন হ’ব বিশেষ ‘হোল্ডিং চেন্টাৰ’