বিগত দুবছৰত ১৬৭৯ জন অবৈধ বাংলাদেশীক পুশ্ববেক: বিধানসভাত চৰকাৰৰ তথ্য

বিগত দুবছৰত অসমে ১,৬৭৯ গৰাকী অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক পুশ্ববেক কৰিছে

বিগত দুবছৰত অসমে ১,৬৭৯ গৰাকী অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক স্বদেশলৈ পুশ্ববেক কৰিছে । আজি, সোমবাৰে অসম বিধানসভাৰ মজিয়াত এই গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

এআইইউডিএফৰ বিধায়ক বদৰুদ্দিন আজমলৰ এক প্ৰশ্নৰ উত্তৰ দি গৃহ আৰু ৰাজনৈতিক বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৪ চনৰ ১ জুলাইৰ পৰা ২০২৬ চনৰ ৩০ জুনৰ ভিতৰত এই ব্যক্তিসকলক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে চিনাক্ত কৰা হৈছিল আৰু ইয়াৰ পিছতে তেওঁলোকক নিজ দেশলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰা হয় ।

কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি পদক্ষেপ

মুখ্যমন্ত্ৰী ড০ শৰ্মাই সদনক স্পষ্টকৈ জনায় যে ৰাজ্য চৰকাৰে নাগৰিকত্বৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা আৰু নীতি-নিৰ্দেশনা অনুসৰিহে কাৰ্যপন্থা গ্ৰহণ কৰে । ৰাজ্য চৰকাৰে কোনো বিদেশী ৰাষ্ট্ৰৰ সৈতে পোনপটীয়াকৈ কোনো লেনদেন নকৰে ।

তেওঁ কয়- “ৰাজ্য চৰকাৰে নাগৰিকত্ব সংক্ৰান্তীয় বিষয়ত আইনৰ ব্যৱস্থাৰ লগতে কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনাসমূহ ৰূপায়ণ কৰে । এনে আইন আৰু নিৰ্দেশনাসমূহ ৰূপায়ণ কৰাৰ সময়ত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হয় যাতে কোনো ব্যক্তিৰ মানৱাধিকাৰ উলংঘা নহয় ।”

প্ৰত্যাৱৰ্তনৰ আইনী প্ৰক্ৰিয়া

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, চিনাক্ত কৰা লোকসকলক প্ৰতিটো গোচৰৰ পৰিস্থিতি আৰু গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যাৰ্পণ (repatriation), বহিষ্কাৰ (deportation) আৰু খেদি পঠোৱা (expulsion) আদি বিভিন্ন আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছে ।

আদালতত গোচৰ থাকিলে কাৰ্যকৰী নহয় বহিষ্কাৰ

সদনত ড° শৰ্মাই লগতে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দি কয় যে, যদিহে কোনো চিনাক্ত কৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয় বা দেশৰ উচ্চতম ন্যায়ালয়ত বিবেচনাধীন বা পেণ্ডিং হৈ থাকে, তেন্তে তেনে লোকক গোচৰৰ নিষ্পত্তি নোহোৱালৈকে স্বদেশলৈ ঘূৰাই পঠোৱা নহয় ।

আনহাতে, অবৈধ অনুপ্ৰৱেশকাৰীক “খেদি পঠোৱা” (push back) ৰ বাবে অনুসৰণ কৰা প্ৰক্ৰিয়া সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰত তেওঁ দোহাৰে যে যিহেতু নাগৰিকত্ব বিষয়টো সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ এক্টিয়াৰভুক্ত, সেয়েহে অসমে বৰ্তমানৰ আইনী ব্যৱস্থা আৰু কেন্দ্ৰই সময়ে সময়ে জাৰি কৰা নিৰ্দেশনাসমূহ নিখুঁতভাৱে পালন কৰি আহিছে । আইন বলবৎ কৰাৰ সমান্তৰালভাৱে মানৱাধিকাৰ সুৰক্ষাৰ দিশটোতো ৰাজ্য চৰকাৰে সদায় চকু ৰাখে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : ৰাজ্যত চাকৰিৰ বজাৰত হাহাকাৰ! স্নাতক-স্নাতকোত্তৰ ডিগ্ৰীধাৰীৰ ভিৰ

‘সোনকালে পলাই যাওক… জেলত পোহপাল দি পইচা কিয় নষ্ট কৰিম?’- অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক্সন মুডত মুখ্যমন্ত্ৰী শুভেন্দু

মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনত অৱৈধভাৱে বসবাস কৰি থকা বাংলাদেশীসকলক পোনপটীয়াকৈ এক চৰম সকীয়নি প্ৰদান কৰিছে

পশ্চিম বংগত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰিছে এক অতি আক্ৰমণাত্মক স্থিতি । মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ৰাজ্যখনত অৱৈধভাৱে বসবাস কৰি থকা বাংলাদেশীসকলক পোনপটীয়াকৈ এক চৰম সকীয়নি প্ৰদান কৰিছে । তেওঁ স্পষ্টকৈ কৈছে- “সোনকালে পলাই যোৱা! আমি জেলত ৰাখি পোহপাল দি থাকিব নোৱাৰো । আমাৰ জনসাধাৰণৰ টেক্সৰ পইচা অবৈধ অনুপ্ৰৱেশকাৰীৰ নামত কিয় নষ্ট কৰিম ? আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে, ধৰা আৰু পোনপটীয়াকৈ বাংলাদেশলৈ খেদি দিয়া ।”

বিদেশী বিতাড়নৰ বাবে সাজু হৈছে বিশেষ ‘হোল্ডিং চেন্টাৰ’

কেৱল মুখেৰেই নহয়, প্ৰশাসনিকভাৱেও বংগ চৰকাৰ এতিয়া সম্পূৰ্ণ ‘একচন মোড’ত অবতীৰ্ণ হৈছে । ৰাজ্যখনত আশ্ৰয় লৈ থকা অবৈধ বাংলাদেশী আৰু ৰোহিংগা নাগৰিকসকলক চিনাক্ত কৰি নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ বিশেষ ‘হোল্ডিং চেন্টাৰ’ নিৰ্মাণৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰা হৈছে । এই সন্দৰ্ভত পশ্চিম বংগৰ সকলো জিলাধিপতিকে জৰুৰী লিখিত নিৰ্দেশ আৰু নীতি-নিৰ্দেশনা জাৰী কৰা হৈছে । চৰকাৰে প্ৰতিজন জিলাধিপতিকে নিজ নিজ জিলাত উপযুক্ত স্থান চিনাক্ত কৰি অতি সোনকালে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে ।

কি এই ‘ডিটেক্ট, ডিলিট এণ্ড ডিপৰ্ট’ নীতি ?

বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বংগত আৰম্ভ কৰিছে ‘ডিটেক্ট, ডিলিট এণ্ড ডিপৰ্ট’ (চিনাক্ত কৰা, নাম কৰ্তন কৰা আৰু দেশৰ পৰা উলিয়াই দিয়া) নীতি । এই কঠোৰ নীতিৰ ঘোষণাৰ পিছৰে পৰা ৰাজ্যখনৰ সীমান্তৱৰ্তী অঞ্চলসমূহত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে । উত্তৰ ২৪ পৰগণা আৰু মালদা আদি জিলাৰ পৰা অহা বিভিন্ন ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে, ধৰা পৰাৰ ভয়ত এতিয়া অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ডাঙৰ ডাঙৰ দলে সীমান্তত ভীৰ কৰিবলৈ আৰম্ভ কৰিছে । অৰ্থাৎ, চৰকাৰৰ এই অভিযান এতিয়া কেৱল ৰাজনৈতিক শ্লোগান হৈ থকা নাই, ই এক ব্যাপক প্ৰশাসনিক কাৰ্যসূচীত পৰিণত হৈছে ।

সীমান্তত লানি নিছিগা শাৰী :

অলপতে উত্তৰ ২৪ পৰগণাৰ বছিৰহাট মহকুমাৰ অন্তৰ্গত হাকিমপুৰ চেকপইণ্টত এক চাঞ্চল্যৰ সৃষ্টি হয় । মঙলবাৰে পুৱাই তাত ১০০ তকৈও অধিক বাংলাদেশী পুৰুষ-মহিলা একত্ৰিত হয় । চৰকাৰৰ কঠোৰ পদক্ষেপ আৰু ‘হোল্ডিং চেন্টাৰ’ৰ ভয়ত এই সকলোৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ নিজে নিজেই নিজৰ দেশলৈ ঘূৰি যাবলৈ বাধ্য হৈছে ।

অমিত শ্বাহৰ সেই ‘অসম মডেল’ৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশে বংগ-

উল্লেখ্য যে, শেহতীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বংগবাসীক এক ডাঙৰ প্ৰতিশ্ৰুতি দিছিল । তেওঁ স্পষ্টকৈ কৈছিল যে- “বিজেপিয়ে যিদৰে অসমত অনুপ্ৰৱেশকাৰীৰ সমস্যা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিলে, ঠিক সেইদৰে বংগৰ পৰাও অবৈধ অনুপ্ৰৱেশকাৰীক শিপাই সৈতে উভালি পেলোৱা হ’ব ।”

এতিয়া বংগত শুভেন্দু অধিকাৰীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত, দলটোৱে নিজৰ সেই ‘অসম মডেল’ৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ কঁকালত টঙালি বান্ধি নামি পৰিছে । চৰকাৰৰ এই কাৰ্যপন্থাই এতিয়া সমগ্ৰ ৰাজ্যখনৰ অৱৈধ অনুপ্ৰৱেশকাৰী আৰু তেওঁলোকৰ মদদপুষ্ট চক্ৰসমূহৰ মাজত তীব্ৰ কম্পনৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : বংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ: স্থাপন হ’ব বিশেষ ‘হোল্ডিং চেন্টাৰ’

১২ বছৰত গ্রেপ্তাৰ ২১,৪০৭ বাংলাদেশী, ভাৰত–বাংলা সীমান্তৰ ২১% উন্মুক্ত

নৱেম্বৰ মাহলৈকে গ্রেপ্তাৰ কৰা হৈছে ২,৫৫৬জন অবৈধ বাংলাদেশীক ৷ ২০২২ চনৰ পৰা ভাৰত-ম্যানমাৰ সীমান্তত অবৈধ নাগৰিকৰ আগমন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

উন্মুক্ত সীমান্তৰে এতিয়াও অব্যাহত আছে অবৈধ বাংলাদেশীৰ অনুপ্রৱেশ ৷ ৪,০৯৬.৭০ কিলোমিটাৰ দৈর্ঘ্যৰ ভাৰত–বাংলাদেশ সীমান্তৰ ২০.৯২ শতাংশ বর্তমানেও উন্মুক্ত হৈয়ে আছে ৷ এই ৮৫৬.৭৭৮ কিলোমিটাৰৰ উন্মুক্ত সীমান্তৰে বিগত ১২ বছৰত ২১,৪০৭জন অবৈধ বাংলাদেশীক সীমান্তৱর্তী এলেকাৰ পৰা নিৰাপত্তা বাহিনীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৷

চলিত বছৰত নৱেম্বৰ মাহলৈকে গ্রেপ্তাৰ কৰা হৈছে ২,৫৫৬জন অবৈধ বাংলাদেশীক ৷ কেৱল যোৱা নৱেম্বৰ মাহটোত সীমান্তৰ পৰা গ্রেপ্তাৰ কৰা হৈছে ৩০৬জন অবৈধ বাংলাদেশীক ৷ লোকসভাত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে এই উদ্বেগজনক তথ্য দাঙি ধৰিছে ৷ সদনৰ প্ৰশ্নোত্তৰকালত তৃণমূল কংগ্রেছৰ সাংসদ জগদীশ চন্দ্র বর্মা বাসুনিয়া আৰু শর্মিলা সৰকাৰে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত বিভাগীয় ৰাজ্যমন্ত্রীজনে প্রদান কৰা তথ্য অনুসৰি, ভাৰত–বাংলাদেশ সীমান্তৰ সমান্তৰালকৈ ভাৰত–ম্যানমাৰ সীমান্তৰেও অনুপ্রৱেশৰ সংখ্যা শেহতীয়াকৈ ব্যাপকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

যোৱা ১২ বছৰত নিৰাপত্তা বাহিনীয়ে ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা কৰায়ত্ত কৰিছে ১,৬০২জন অবৈধ নাগৰিকক ৷ ইয়াৰ ভিতৰত কেৱল এই বছৰতে গ্রেপ্তাৰ কৰা হৈছে ৪৩৭জন লোকক ৷ যোৱা বছৰত গ্রেপ্তাৰ কৰা হৈছিল ৪৪১জন অবৈধ নাগৰিকক ৷

লক্ষণীয়ভাৱে ২০২২ চনৰ পৰা ভাৰত-ম্যানমাৰ সীমান্তত অবৈধ নাগৰিকৰ আগমন বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ২০২২ চনত ১৭৩জন আৰু ২০২৩ চনত ২১২জন অবৈধ নাগৰিকক ভাৰত–ম্যানমাৰ সীমান্তৰ পৰা গ্রেপ্তাৰ কৰা হয় ৷

মন্ত্রী ৰায়ে প্রদান কৰা তথ্য অনুসৰি, ১,৬৪৩ কিলোমিটাৰব্যাপী ভাৰত–ম্যানমাৰ সীমান্তৰ মাত্র ৯.২১৪ কিলোমিটাৰ এলেকাত কাঁহটীয়া তাঁৰৰ বেৰ আছে ৷ আনহাতে, ভাৰত-বাংলাদেশ সীমান্তত ২০১৪ চনৰ পৰা ২০২৪ চনলৈকে বছৰি কৰায়ত্ত কৰা অবৈধ বাংলাদেশীৰ সংখ্যা হৈছে ক্রমে ২,১৬০, ২,৮০৯, ১,৬০১, ৯০৭, ৮৮৪, ১,১০৯, ৯৫৫, ১,২০৮, ২,০৭৬, ২,৬১৭ আৰু ২,৫২৫ ৷ অর্থাৎ ২০২২ চনৰ পৰা ভাৰত–বাংলাদেশ সীমান্ততো অবৈধ বাংলাদেশীৰ তৎপৰতা বৃদ্ধি পাইছে ৷

লক্ষণীয়ভাৱে মন্ত্রী ৰায়ে প্রদান কৰা তথ্য কেৱল সীমান্তৱর্তী অঞ্চলৰ পৰা কৰায়ত্ত কৰা অবৈধ বাংলাদেশীৰহে ৷ ইয়াৰ উপৰি গোপনে কিমানসংখ্যক অবৈধ বাংলাদেশীয়ে ভাৰতত প্রৱেশ কৰিছে তাৰ কোনো হিচাপ চৰকাৰৰ ওচৰত নাই ৷ মন কৰিবলগীয়া যে ভাৰত-বাংলাদেশ সীমান্তৰ ৭৯ শতাংশ কাঁইটীয়া তাঁৰৰ বেৰেৰে সুৰক্ষিত কৰাৰ বিপৰীতে ২,১৩৫.১৩৬ কিলোমিটাৰব্যাপী ভাৰত-পাকিস্তান সীমান্তৰ ৯৩.২৫ শতাংশই বেৰেৰে সুৰক্ষিত ৷

লগতে পঢ়ক : পাঁচ বছৰত অসমত বৃদ্ধি পথ দুৰ্ঘটনাত নিহতৰ সংখ্যাঃ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রীৰ উদ্বেগজনক তথ্য

বঙাইগাঁৱত ১১ অবৈধ বাংলাদেশী নাগৰিকক আটক

১১ অবৈধ বাংলাদেশী নাগৰিক আটক

-নিশাৰ অন্ধকাৰত অসমলৈ আহি আছে জাকে জাকে বাংলাদেশী

বঙাইগাঁৱত আটক ১১টা বাংলাদেশী

-নিশাৰ অন্ধকাৰৰ সুযোগ লৈ অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ

-প্ৰশাসনৰ তৎপৰতাত আটাইকে কৰা হয় গ্ৰেপ্তাৰ

-ধৃত আব্দুল্লা, মহম্মদ নুৰ, আছল্যা বেগম,

-মহম্মদ আনাছ, নুৰ আলম, নুৰ কালিমা, মহম্মদ আনিছ,

-চাফা, ৰীমা, নুৰ চাহিদাক আটক

-নিশাৰ ৰে’লেৰে অহাৰ সময়তে বঙাইগাঁৱত গ্ৰেপ্তাৰ আটাইকে

লগতে পঢ়ক : বাক্সাত পুৱাই উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং; বাতিল আৰক্ষীৰ ছুটী

আহমেদাবাদত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন… অব্যাহত বুলডজাৰ অভিযান

চান্দোলা হ্ৰদ অঞ্চলৰ সমীপত নিৰ্মিত বস্তিসমূহ ভাঙি পেলোৱাৰ বাবে বুলডজাৰ অভিযান অব্যাহত ৰাখিছে আহমেদাবাদ পৌৰ নিগম আৰু আৰক্ষীয়ে । কিছুদিন পূৰ্বে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশীসমূহক এই অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

আৰক্ষী আয়ুক্ত জি.এছ মালিকে কয়, আহমেদাবাদ পৌৰ নিগমৰ নেতৃত্বত এই অভিযান চলোৱা হৈছে । আইন-শৃংখলা বজাই ৰখাৰ বাবে যুটীয়া আৰক্ষী আয়ুক্ত শৰদ সিংঘলৰ নেতৃত্বত প্ৰায় ২০০০ আৰক্ষী জোৱান নিয়োগ কৰা হৈছে । এই অভিযান পৰিদৰ্শন কৰিবলৈ অহা মালিকে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে চাণ্ডোলা হ্ৰদত ভাঙি পেলোৱাৰ অভিযান চলি থকাৰ বাবে মহানগৰীৰ সকলো থানাক সতৰ্ক কৰি দিয়া হৈছে । এইটো মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল ।

২০১৯ বৰ্ষতো চলিছিল অভিযান-

ইফালে, শৰদ সিংঘালে কয় যে আহমেদাবাদ পৌৰ নিগমে পুৱাৰ পৰাই এই অভিযান আৰম্ভ কৰিছে, য’ত পঞ্চাশটা দল নিয়োগ কৰা হৈছে আৰু প্ৰতিটো দলৰ জে চি বি আছে । চান্দোলা হ্ৰদ অঞ্চলত শেষবাৰৰ বাবে উচ্ছেদ অভিযান ২০১৯ চনতো কৰা হৈছিল বুলিও তেওঁ কয় । শেহতীয়াকৈ আহমেদাবাদ পৌৰ নিগমে কৰা এক সমীক্ষাত প্ৰকাশ পাইছে যে চৰকাৰী মাটি পুনৰ বেদখল কৰি হ্ৰদৰ চাৰিওফালে জুপুৰি নিৰ্মাণ কৰা হৈছে । এই অঞ্চলসমূহত অবৈধ বাংলাদেশীয়ে বাস কৰি আহিছিল ।

মাষ্টাৰমাইণ্ড মাহমুদ পাঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি-

আৰক্ষী আয়ুক্ত মালিকে কয় যে চান্দোলা হ্ৰদৰ সমীপৰ চৰকাৰী ভূমি বেদখলৰ মাষ্টাৰমাইণ্ড মাহমুদ পাঠান ওৰফে বিলু বিহাৰীৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হৈছে । তেওঁ অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী প্ৰব্ৰজনকাৰীক ভাড়াত ঘৰ আৰু আধাৰ কাৰ্ড বনাবলৈ সহায় কৰিছিল ।

নিয়োগ কৰা হৈছে ২০০০ আৰক্ষী-

চান্দোলা হ্ৰদৰ সমীপৰ ছিয়াসতনগৰ আৰু বাঙালী ভাছৰ দৰে অঞ্চলত অবৈধ নিৰ্মাণ কাৰ্য ভাঙি পেলোৱাত আহমেদাবাদ পৌৰ নিগমক সহায় কৰিবলৈ ২০০০ আৰক্ষী আৰু ৰাজ্যিক সংৰক্ষিত আৰক্ষীৰ ২০টা কোম্পানী নিয়োগ কৰা হৈছে । সমগ্ৰ মহানগৰীৰ আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে । কোনোবাই যদি আইন নিজৰ হাতত ল’বলৈ চেষ্টা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । তেওঁ কয় যে হ্ৰদৰ কাষত বসবাস কৰা সংখ্যালঘু জনগোষ্ঠীৰ লোকসকলেও অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে । মালিকে কয় যে হ্ৰদৰ পাৰত নিৰ্মিত পাঠানৰ অবৈধ ফাৰ্ম হাউচটোও কৰ্তৃপক্ষই ভাঙি পেলায় ।

ছেইফৰ আক্ৰমণকাৰী ওলাল বাংলাদেশী নাগৰিক, ৬ মাহ ধৰি মুম্বাইত কৰিছিল কাম;  আৰক্ষীৰ জেৰাত ন ন তথ্য

আৰক্ষীয়ে বলীউড অভিনেতা ছেইফ আলী খানৰ আক্ৰমণৰ ক্ষেত্ৰত নিৰন্তৰ ন ন তথ্য উন্মোচন কৰি আছে। এটাৰ পিছত এটাকৈ নতুন আৰু ডাঙৰ খবৰ ওলাইছে।

মুম্বাই আৰক্ষীয়ে এই বিষয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি কৈছিল যে এতিয়ালৈকে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰক্ষীয়ে এইটোও প্ৰকাশ কৰিছিল যে এই গোচৰটোৰ অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰটো থানেৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তজনে নিজৰ পৰিচয় সলনি কৰি মুম্বাইত বাস কৰিছিল। যেতিয়া ধৰা পৰিছিল, তেওঁ আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল আৰু বিভিন্ন নাম দিছিল।

বৰ্তমান, তেওঁৰ নাম প্ৰকাশ কৰা হৈছে আৰু প্ৰাৰম্ভিক অনুসন্ধানত, জানিব পৰা মতে অভিযুক্তজন বাংলাদেশী অনুপ্ৰৱেশকাৰী।

গ্ৰেপ্তাৰ কৰা অভিযুক্তজন বিজয় দাসৰ নামেৰে ভাৰতত বাস কৰি আছিল। কিন্তু তেওঁৰ ওচৰত কোনো ভাৰতীয় নথি নাই। আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁ বাংলাদেশৰ বাসিন্দা।

বৰ্তমান, আৰক্ষীয়ে এতিয়া এই গোচৰটোত অভিযুক্তজনৰ নাম প্ৰকাশ কৰিছে। মুম্বাই আৰক্ষীয়ে নিশ্চিত কৰিছে যে অভিযুক্তজনে বিজয় দাস, বিজে আৰু মহম্মদ ইলিয়াছকে ধৰি কেইবাটাও নাম ব্যৱহাৰ কৰি আছে।

কিন্তু এতিয়া এইটো পোহৰলৈ আহিছে যে অবৈধ অনুপ্ৰৱেশকাৰী জনৰ প্ৰকৃত নাম মহম্মদ শ্বৰিফুল ইছলাম শ্বাহজাদ। অভিযুক্তজনে চুৰি কৰাৰ উদ্দেশ্যৰে ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰিছিল।

ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্তজনক বৰ্তমান মুম্বাইৰ খাৰ আৰক্ষী চকীত ৰখা হৈছে। ধৰা পৰাৰ ভয়ত তেওঁ নিজকে মিছাকৈ বিজয় দাস বুলি পৰিচয় দি আছিল।

বিষয়টোৰ অধিক তথ্য এতিয়াও আৰক্ষীয়ে প্ৰকাশ কৰা নাই। আৰক্ষীয়ে দাবী কৰিছে যে তেওঁলোকে সোনকালেই আৰু বহুতো থথ্য উন্মোচন কৰিব।

অভিযুক্তজনে যোৱা সাতৰ পৰা আঠ মাহ ধৰি মুম্বাই আৰু থানেৰ বিভিন্ন স্থানত কাম কৰি আছিল। গ্ৰেপ্তাৰ হোৱাৰ ভয়ত তেওঁ ফোনটো বন্ধ কৰি দিছিল।  

বাংলাদেশী নাগৰিকক অনুপ্ৰৱেশত সহায়, ১১জনকৈ লোকক আটক আৰক্ষীৰ

বাংলাদেশী নাগৰিকক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ সহায় কৰা এটা ডাঙৰ চক্ৰ আটক কৰিছে আৰক্ষীয়ে । এই চক্ৰটোৱে অবৈধভাৱে জংঘল আৰু ৰে’লেৰে বাংলাদেশীক দিল্লীলৈ অনাৰ কাম কৰিছিল । এই নেটৱৰ্কৰ সৈতে জড়িত ১১ জন লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে ।

এই গোচৰৰ তথ্য দি ডি চি পি চাউথ অংকিত চৌহানে কয় যে ভুৱা আধাৰ, ভোটাৰ আই ডি কাৰ্ড আৰু অন্যান্য নথিপত্ৰ ভুৱা ৱেবছাইটৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল । বৰ্তমান এই চক্ৰৰ ১১ জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে ।

৫ জন বাংলাদেশী নাগৰিক-

আটক কৰা ১১ জন লোকৰ ভিতৰত ৫ জন বাংলাদেশী নাগৰিক আৰু আটকাধীন আন অভিযুক্ত কেইটা ভুৱা নথি-পত্ৰ প্ৰস্তুতৰ লগত জড়িত বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণৰ অভিযান আৰম্ভ কৰিছে ।

‘বাংলাদেশীৰ খেতিৰ ওপৰত অসমীয়াই কেতিয়াও ভৰষা কৰা নাছিল’ : জামুগুৰিহাটৰ পৰা হুংকাৰ মুখ্যমন্ত্ৰীৰ…

নাম নোলোৱাকৈ পুনৰ বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । ‘মাছ বিক্ৰী নকৰো’, ‘পাচলি বিক্ৰী নকৰো’ বুলি হুংকাৰ দিয়া সকলক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । তেওঁ কয়, ‘অচিনাক্ত অবৈধ লোকে হুংকাৰ দিয়াৰ সমান লজ্জাজনক কথা আৰু নাই ।’

ইফালে ‘আমি নহ’লে উজনি অসমত কাম নহ’ব’ বুলি কোৱা সকলকো মুখ্যমন্ত্ৰীয়ে আওপকীয়াকৈ সকিয়নী প্ৰদান কৰে । এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘এনে অপমানজনক কথা জাতিটোৰ বাবে লজ্জাজনক । আমি নোখোৱালে তোমালোকে খাব নোপাৱা বুলি কোৱাসকল কোন ? অচিনাক্ত লোকে কৰা খেতিৰ পাচলি মূল্য টিভিৰ টক শ্ব’ত নিৰূপণ নহয় ।  এনেদৰে অসমীয়া জাতিৰ ভৱিষ্যত নিৰূপণ নহয় ।‘ বাংলাদেশীৰ খেতিৰ ওপৰত অসমীয়াই কেতিয়াও ভৰষা কৰা নাছিল’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘অসমীয়া যেতিয়া আত্মনিৰ্ভৰশীল হ’ব তেতিয়া কোনো বাংলাদেশীৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে । অসমীয়াই নিজৰ খেতি নিজে উৎপাদন কৰিব পৰা হ’ব লাগিব ।‘ জামুগুৰিহাটৰ পৰা আজি এই হুংকাৰ দিলে মুখ্যমন্ত্ৰীয়ে ।

ডাঙৰ সিদ্ধান্তঃ অসমৰ বৰাক উপত্যকাৰ হোটেল-ৰেষ্টুৰেন্টত বাংলাদেশী নাগৰিকৰ প্ৰৱেশত নিষেধাজ্ঞা !

অসমৰ বৰাক উপত্যকাৰ হোটেল আৰু ৰেষ্টুৰেণ্টৰ মালিকসকলে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীৰ লোকৰ ওপৰত আক্ৰমণ বন্ধ নোহোৱালৈকে বাংলাদেশী নাগৰিকক সেৱা আগনবঢ়াই বুলি ঘোষণা কৰিছে । বাংলাদেশত হিন্দুকে ধৰি আন সংখ্যলঘু সকলৰ ওপৰত চলি থকা ধাৰাবাহিক অত্যাচাৰৰ প্ৰতিক্ৰিয়া স্বৰূপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে হোচেল-ৰেষ্টুঁৰাৰ গৰাকীসকলে । বৰাক উপত্যকাৰ তিনিওখন জিলাতে কাৰ্যকৰী হ’ব এই সিদ্ধান্ত ।

বৰাক ভেলী হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনৰ সভাপতি বাবুল ৰায়ে এক সংবাদমেলযোগে কয়, “বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ পৰিস্থিতি উদ্বেগজনক । আমি ইয়াক কোনো ধৰণে গ্ৰহণ কৰিব নোৱাৰো, সেয়েহে আমি সিদ্ধান্ত লৈছো যে পৰিস্থিতি উন্নত নোহোৱালৈকে আৰু হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ নোহোৱালৈকে আমি চুবুৰীয়া দেশখনৰ কোনো নাগৰিকক বৰাক উপত্যকাৰ তিনিখন জিলাত কোনো  হোটেল আৰু ৰেস্তোৰাঁত সেৱা আগবঢ়োৱা নহ’ব । এয়া হৈছে আমাৰ প্ৰতিবাদৰ মাধ্যম ।”

‘পৰিস্থিতি উন্নত হ’লেহে সিদ্ধান্ত বিবেচনা কৰা হ’ব’

তেওঁলোকে কয়, “বাংলাদেশৰ জনসাধাৰণে নিশ্চিত কৰা উচিত যে দেশখনলৈ স্থিৰতা ঘূৰি আহে । পৰিস্থিতি উন্নত হ’লেহে আমি আমাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিম ।” কেইদিনমান পূৰ্বে, বজৰং দলে শিলচৰত এখন বৈশ্বিক প্ৰদৰ্শনীৰ আয়োজকসকলক চুবুৰীয়া দেশখনত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতিবাদত বাংলাদেশী সামগ্ৰী বিক্ৰী কৰা দুখন ‘ষ্টল’ বন্ধ কৰিবলৈ কৈছিল আৰু তেওঁলোকৰ দাবী পূৰণ কৰা হৈছিল ।

চিকিৎসালয় বন্ধ কৰা হ’ল বাংলাদেশী নাগৰিকৰ চিকিৎসা-

কিছুদিন পূৰ্বে কলকাতাৰ মণিকতালাত অৱস্থিত জে এন ৰয় হাস্পতালে বাংলাদেশৰ পৰা অহা ৰোগীৰ চিকিৎসা অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল । বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত চিকিৎসালয়খনে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে । অৱশ্যে চিকিৎসালয়খনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল টি এম চিৰ এজন মন্ত্ৰীয়ে ।