বাংলাদেশী নাগৰিকক অনুপ্ৰৱেশত সহায়, ১১জনকৈ লোকক আটক আৰক্ষীৰ

বাংলাদেশী নাগৰিকক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ সহায় কৰা এটা ডাঙৰ চক্ৰ আটক কৰিছে আৰক্ষীয়ে । এই চক্ৰটোৱে অবৈধভাৱে জংঘল আৰু ৰে’লেৰে বাংলাদেশীক দিল্লীলৈ অনাৰ কাম কৰিছিল । এই নেটৱৰ্কৰ সৈতে জড়িত ১১ জন লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে । এই গোচৰৰ তথ্য দি ডি চি

বাংলাদেশী নাগৰিকক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ সহায় কৰা এটা ডাঙৰ চক্ৰ আটক কৰিছে আৰক্ষীয়ে । এই চক্ৰটোৱে অবৈধভাৱে জংঘল আৰু ৰে’লেৰে বাংলাদেশীক দিল্লীলৈ অনাৰ কাম কৰিছিল । এই নেটৱৰ্কৰ সৈতে জড়িত ১১ জন লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে ।

এই গোচৰৰ তথ্য দি ডি চি পি চাউথ অংকিত চৌহানে কয় যে ভুৱা আধাৰ, ভোটাৰ আই ডি কাৰ্ড আৰু অন্যান্য নথিপত্ৰ ভুৱা ৱেবছাইটৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল । বৰ্তমান এই চক্ৰৰ ১১ জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে ।

৫ জন বাংলাদেশী নাগৰিক-

আটক কৰা ১১ জন লোকৰ ভিতৰত ৫ জন বাংলাদেশী নাগৰিক আৰু আটকাধীন আন অভিযুক্ত কেইটা ভুৱা নথি-পত্ৰ প্ৰস্তুতৰ লগত জড়িত বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণৰ অভিযান আৰম্ভ কৰিছে ।

শেহতীয়া প্ৰৱন্ধসমূহ