আগন্তুক নিৰ্বাচনী যুঁজ অনুপ্ৰৱেশক ভিত্তি কৰি হ’ব, ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়… বংগ নিৰ্বাচন সন্দৰ্ভত অমিত শ্বাহ

কলকাতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল । অনুপ্ৰৱেশক লৈ সংবাদমেলত তৃণমূল কংগ্ৰেছ আৰু মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে শ্বাহে । এই সমস্যা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি বুলি উল্লেখ কৰে তেওঁ…

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ পশ্চিম বংগত ৰাজনৈতিক উত্তেজনা তীব্ৰতৰ হৈ পৰিছে । নিৰ্বাচনৰ ৰাজনৈতিক দলসমূহে নিজৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । ইফালে অভিযোগ-প্ৰতিঅভিযোগ চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । ইয়াৰ মাজতে মঙলবাৰে কলকাতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যখনৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ লক্ষ্য কৰি লয় । অনুপ্ৰৱেশ, দুৰ্নীতি, প্ৰশাসনিক বিষয়কে ধৰি কেইবাটাও বিষয়ত মমতা বেনাৰ্জী চৰকাৰক সমালোচনা কৰে শ্বাহে ।

শ্বাহে কয় যে মমতা বেনাৰ্জীয়ে নিৰ্বাচনী লাভৰ বাবে বাংলাদেশী অনুপ্ৰৱেশক উৎসাহিত কৰিছে । পশ্চিম বংগ চৰকাৰে আমাক মাটি নিদিয়াৰ বাবে আমি বাংলাদেশ সীমান্তৰ বেৰ সম্পূৰ্ণ কৰিব পৰা নাই । ২০২৬ চনত বংগত বিজেপিয়ে চৰকাৰ গঠন কৰিব । ২০২৬ চনৰ পশ্চিম বংগৰ নিৰ্বাচন অনুপ্ৰৱেশ বন্ধ কৰাৰ বিষয়ৰ ওপৰত ভিত্তি কৰি হ’ব বুলিও তেওঁ কয় ।

বংগৰ সাধাৰণ নাগৰিকৰ মাজত উদ্বিগ্নতাৰ পৰিবেশঃ শ্বাহ

অমিত শ্বাহে আৰু কয় যে আজিৰে পৰা এপ্ৰিল মাহলৈকে বংগৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো এই সময়ছোৱাত ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা । তেওঁ অভিযোগ কৰে যে বিগত ১৫ বছৰৰ ভিতৰত টি এম চি চৰকাৰৰ অধীনত সমগ্ৰ ৰাজ্যতে ভয়, দুৰ্নীতি, অপশাসন বিয়পি পৰিছে, যাৰ ফলত সাধাৰণ নাগৰিকৰ মাজত উদ্বেগৰ পৰিৱেশ সৃষ্টি হৈছে । শ্বাহে উল্লেখ কৰে যে দুৰ্নীতিয়ে বংগৰ উন্নয়ন স্থবিৰ কৰি তুলিছে । টোল ছিণ্ডিকেটৰ চিকাৰ হৈছে প্ৰধানমন্ত্ৰী মোদীৰ জনকল্যাণমূলক আঁচনি । বিগত ১৪ বছৰে বংগ ভয় আৰু দুৰ্নীতিৰ বাবে পৰিচিত হৈ পৰিছে ।

অনুপ্ৰৱেশ সমস্যাৰ বিষয়ে কি ক’লে শ্বাহে ?

অমিত শ্বাহে পশ্চিম বংগ চৰকাৰে বাংলাদেশ সীমান্তত বেৰ দিয়াৰ বাবে ভূমি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে ৰাজ্য চৰকাৰে বাংলাদেশ সীমান্তত বেৰ দিয়াৰ বাবে মাটিৰ ব্যৱস্থা কৰা নাই, যাৰ বাবে এই সমস্যা অব্যাহত আছে ।

অমিত শ্বাহে প্ৰশ্ন উত্থাপন কৰে যে ত্ৰিপুৰা, অসম, ৰাজস্থান, পঞ্জাৱ, কাশ্মীৰ আৰু গুজৰাট সীমান্তত এই সমস্যা কিয় বন্ধ হৈ গৈছে, কিন্তু পশ্চিম বংগত কিয় হোৱা নাই । তেওঁ উল্লেখ কৰে যে বংগত অনুপ্ৰৱেশ ৰাজ্য চৰকাৰৰ জ্ঞাতে হৈ আছে আৰু জনগাঁথনি সলনি কৰি ভোটবেংক শক্তিশালী কৰা ইয়াৰ লক্ষ্য । তেওঁ উল্লেখ কৰে যে আগন্তুক নিৰ্বাচনত অনুপ্ৰৱেশ বন্ধ কৰা আৰু অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ বিষয়ত যুঁজ দিয়া হ’ব । অমিত শ্বাহে স্পষ্টকৈ উল্লেখ কৰিছে যে বংগ সীমান্তৰ পৰা অনুপ্ৰৱেশ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় আৰু ইয়াক সহজভাৱে ল’ব নোৱাৰি ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ সাতখন চিঠি লিখিছিলোঁ- শ্বাহ

এটা প্ৰশ্নৰ উত্তৰত শ্বাহে কয় যে ভাৰত-বাংলাদেশ সীমান্তত বেৰ নিৰ্মাণৰ সন্দৰ্ভত তেওঁ নিজে মমতা বেনাৰ্জীলৈ সাতখন চিঠি লিখিছিল যদিও ৰাজ্য চৰকাৰে এতিয়াও ভূমি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে । অমিত শ্বাহে আঙুলিয়াই দিয়ে যে বিগত ছবছৰত গৃহ সচিবগৰাকীয়ে তিনিবাৰকৈ বংগ ভ্ৰমণ কৰি ৰাজ্যখনৰ মুখ্য সচিবৰ সৈতে বৈঠকত মিলিত হৈছিল, তথাপিও কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । ভূমি প্ৰদানৰ ক্ষেত্ৰত টি এম চি চৰকাৰৰ ভয় কিয় আৰু ৰাজ্য চৰকাৰৰ কোনো দায়িত্ব নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ।

অমিত শ্বাহে অভিযোগ কৰে যে বংগ চৰকাৰে অনুপ্ৰৱেশকাৰীক নথিভুক্ত কৰি আছে, যাৰ ফলত অনুপ্ৰৱেশ অব্যাহত থাকিবলৈ অনুমতি দিছে । তেওঁ কয় যে টি এম চি চৰকাৰে অনুপ্ৰৱেশ বন্ধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু ইয়াৰ ফলত বংগৰ জনসংখ্যাৰ গাঁথনি দ্ৰুতগতিত সলনি হৈছে, যিটো অত্যন্ত চিন্তনীয় ।

লগতে পঢ়ক : এটা এটাকৈ অসমৰ পৰা অবৈধ বাংলাদেশীক খেদি পঠিওৱা হ’ব… গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ

এটা এটাকৈ অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি উলিওৱাৰ নিৰ্দেশ; কঠোৰ চৰকাৰ

অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি উলিওৱাৰ নিৰ্দেশ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনত বসবাস কৰা অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে । তেওঁ সকলো জিলা দণ্ডাধীশক এনে ব্যক্তিক তৎকালীনভাৱে চিনাক্ত কৰিবলৈ আৰু যিকোনো স্তৰতে কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন নকৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ।

আগতীয়া চিনাক্তকৰণ আৰু তৎকালীন ব্যৱস্থা-

চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে ৰাজ্যখনত অবৈধভাৱে বসবাস কৰা সন্দেহযুক্ত লোকক চিনাক্তকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিব লাগে । ইয়াৰ পিছত তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে ব্যৱস্থাটোৰ ওপৰত অতিৰিক্ত বোজা নপৰে ।

চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে অবৈধ অনুপ্ৰৱেশকাৰীক ৰখাৰ বাবে অস্থায়ী ডিটেনচন চেণ্টাৰ স্থাপন কৰিবলৈয়ো মুখ্যমন্ত্ৰী যোগীয়ে নিৰ্দেশ দিছে ।

বিতাড়নৰ সিদ্ধান্ত স্পষ্ট-

চৰকাৰৰ স্পষ্ট বাৰ্তা হৈছে যে সকলো অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে নিজৰ দেশলৈ বিতাড়িত কৰা হ’ব । লগতে অবৈধ বিদেশী নাগৰিকে কোনো ধৰণৰ সকাহ নাপাব বুলিও স্পষ্ট কৰি দিয়া হৈছে ।

লগতে পঢ়ক : মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

অবৈধ বাংলাদেশীৰ বিৰুদ্ধে দিল্লী পুলিচৰ একচন; মাজনিশা ঘৰে ঘৰে চলালে অভিযান

আৰক্ষীয়ে বৃহস্পতিবাৰে মাজনিশা দিল্লীত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক বৃহৎ তালাচী অভিযান চলাই।মুম্বাইত বলীউড অভিনেতা ছৈইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক লৈ  অভিযান আৰম্ভ কৰা হৈছিল।

উল্লেখ্য যে ছৈইফ আলী খানক আক্ৰমণ কৰা ব্যক্তিজন বাংলাদেশৰ নাগৰিক আছিল আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।

দিল্লী আৰক্ষীয়ে অবৈধভাৱে বাস কৰা বাংলাদেশী আৰু ৰহিংগীয়া অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিবলৈ এই অভিযান চলাইছিল।

বৃহস্পতিবাৰে নিশা দিল্লী আৰক্ষীৰ এটা দলে পশ্চিম দিল্লীৰ বস্তি অঞ্চলত তালাচী চলাইছিল। নিৰাপত্তাৰক্ষীয়ে ঘৰে ঘৰে গৈ মানুহক সোধা-পোছা কৰাৰ লগতে তেওঁলোকৰ নথিপত্ৰও পৰীক্ষা কৰিছিল।

আৰক্ষী বিষয়াসকলে কৈছিল যে অভিযানটো লেফটেনেণ্ট গভৰ্ণৰ ভি.কে. সিঙে চলাইছিল। ছৈইফ আলী খানৰ ওপৰত আক্ৰমণৰ পিছত, ভি.কে. চাক্সেনাই ৰাজধানীত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছিল।চাক্সেনাৰ নিৰ্দেশনা অনুসৰিয়েই আৰক্ষীয়ে চলাইচিল অভিযান।  

ডিচিপি (পশ্চিম) বিচিত্ৰ বীৰে কৈছিল যে মানুহে প্ৰায়ে দিনত কামলৈ যায়, কিন্তু সকলোৱে ৰাতি ঘৰত থাকে, যাৰ ফলত প্ৰমাণীকৰণ সহজ হয়। এই অভিযানৰ সময়ত, আৰক্ষীয়ে বহু লোকক সোধা-পোছা কৰিছিল। 

বাংলাদেশী নাগৰিকক অনুপ্ৰৱেশত সহায়, ১১জনকৈ লোকক আটক আৰক্ষীৰ

বাংলাদেশী নাগৰিকক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ সহায় কৰা এটা ডাঙৰ চক্ৰ আটক কৰিছে আৰক্ষীয়ে । এই চক্ৰটোৱে অবৈধভাৱে জংঘল আৰু ৰে’লেৰে বাংলাদেশীক দিল্লীলৈ অনাৰ কাম কৰিছিল । এই নেটৱৰ্কৰ সৈতে জড়িত ১১ জন লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে ।

এই গোচৰৰ তথ্য দি ডি চি পি চাউথ অংকিত চৌহানে কয় যে ভুৱা আধাৰ, ভোটাৰ আই ডি কাৰ্ড আৰু অন্যান্য নথিপত্ৰ ভুৱা ৱেবছাইটৰ জৰিয়তে প্ৰস্তুত কৰা হৈছিল । বৰ্তমান এই চক্ৰৰ ১১ জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে ।

৫ জন বাংলাদেশী নাগৰিক-

আটক কৰা ১১ জন লোকৰ ভিতৰত ৫ জন বাংলাদেশী নাগৰিক আৰু আটকাধীন আন অভিযুক্ত কেইটা ভুৱা নথি-পত্ৰ প্ৰস্তুতৰ লগত জড়িত বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীত অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণৰ অভিযান আৰম্ভ কৰিছে ।