সীমান্তত অবৈধ প্ৰব্ৰজনকাৰীৰ ধল! বংগ চৰকাৰৰ কঠোৰ স্থিতিত ত্ৰাসিত অনুপ্ৰৱেশকাৰী

সীমান্তত অবৈধ প্ৰব্ৰজনকাৰীৰ ধল! বংগ চৰকাৰৰ কঠোৰ স্থিতিত ত্ৰাসিত অনুপ্ৰৱেশকাৰী

ৰাজ্যৰ বিভিন্ন সীমান্ত চকীত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ডাঙৰ ডাঙৰ দল একত্ৰিত হ’বলৈ ধৰা দেখা গৈছে পশ্চিম বংগত বিজেপি চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা ‘চিনাক্ত কৰা, আঁতৰোৱা আৰু ঘূৰাই পঠোৱা’ (Detect, Delete and Deport) নীতিৰ পিছতে ৰাজ্যখনত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে । চৰকাৰৰ এই কঠোৰ স্থিতি

ৰাজ্যৰ বিভিন্ন সীমান্ত চকীত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ডাঙৰ ডাঙৰ দল একত্ৰিত হ’বলৈ ধৰা দেখা গৈছে

পশ্চিম বংগত বিজেপি চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা ‘চিনাক্ত কৰা, আঁতৰোৱা আৰু ঘূৰাই পঠোৱা’ (Detect, Delete and Deport) নীতিৰ পিছতে ৰাজ্যখনত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে । চৰকাৰৰ এই কঠোৰ স্থিতি এতিয়া কেৱল ৰাজনৈতিক নিৰ্বাচনী প্ৰতিশ্ৰুতি হৈ থকা নাই, বৰঞ্চ ই এক সংগঠিত প্ৰশাসনিক কাৰ্যপন্থাৰ ৰূপ লৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন সীমান্ত চকীত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ডাঙৰ ডাঙৰ দল একত্ৰিত হ’বলৈ ধৰা দেখা গৈছে ।

সীমান্তত নিজ দেশলৈ ঘূৰি যোৱাৰ হাহাকাৰ-

উত্তৰ ২৪ পৰগণা আৰু মালদাহ জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ পৰা অহা দৃশ্যই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উত্তৰ ২৪ পৰগণাৰ বছিৰহাট মহকুমাৰ অন্তৰ্গত হাকিমপুৰ চেকপইণ্টত মঙলবাৰে পুৱা ১০০ তকৈও অধিক বাংলাদেশী পুৰুষ-মহিলা সমবেত হয় । জানিব পৰা মতে, এই লোকসকলে দীৰ্ঘদিন ধৰি পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে বসবাস কৰি আছিল । কিন্তু চৰকাৰে বিদেশী নাগৰিকক বহিষ্কাৰ কৰা আৰু তেওঁলোকৰ বাবে বিশেষ ‘হোল্ডিং চেন্টাৰ’ স্থাপন কৰাৰ কথা ঘোষণা কৰাৰ পিছতে, আইনী কাৰ্যৱস্থাৰ ভয়ত তেওঁলোকে নিজেই আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ নিজ দেশলৈ ঘূৰি যাবলৈ সীমান্তত ভিৰ কৰিছে ।

শুভেন্দু অধিকাৰীৰ কঠোৰ নিৰ্দেশনা-

শেহতীয়াকৈ সীমান্ত সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এক গুৰুত্বপূৰ্ণ বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে স্পষ্ট কৰি দিছিল যে :

“যিসকল লোক নাগৰিকত্ব (সংশোধনী) আইন বা CAA-ৰ আওতাৰ বাহিৰত, তেওঁলোকক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা হ’ব । আৰক্ষীয়ে তেনে লোকক গ্ৰেপ্তাৰ কৰি বিএছএফৰ হাতত অৰ্পণ কৰিব ।”

ৰাজ্য চৰকাৰৰ গৃহ আৰু পাৰ্বত্য পৰিক্ৰমা বিভাগৰ ‘বিদেশী শাখা’ই কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি এই নতুন নিৰ্দেশাৱলী জাৰি কৰিছে, যাৰ মূল লক্ষ্য হৈছে ভাৰতত অবৈধভাৱে থকা বাংলাদেশী আৰু ৰোহিংগীয়া হিতাধিকাৰীসকলক চিনাক্ত কৰা ।

মালদাহত প্ৰথমটো ডিটেনচন কেন্দ্ৰ মুকলি-

চৰকাৰী নিৰ্দেশনাৰ পিছতে জিলাসমূহত যুদ্ধকালীন ক্ষিপ্ৰতাৰে হোল্ডিং চেন্টাৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে । এই ক্ষেত্ৰত মালদাহ ৰাজ্যৰ প্ৰথমখন জিলা হিচাপে পৰিগণিত হৈছে, য’ত ইতিমধ্যে এনে এটা কেন্দ্ৰ সক্ৰিয় হৈ উঠিছে । কেন্দ্ৰটোত ইতিমধ্যে ৯ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক ৰখা হৈছে (৩ গৰাকী মহিলা আৰু ৬ গৰাকী নাবালক)। তেওঁলোকক গজোল থানাৰ অন্তৰ্গত পাণ্ডুয়াৰ পৰা আটক কৰা হৈছিল।

কেন্দ্ৰটোত ২৪ ঘণ্টাই চিচিটিভি (CCTV) নিৰীক্ষণৰ লগতে ১২ গৰাকী আৰক্ষী কৰ্মী, অসামৰিক প্ৰতিৰক্ষা কৰ্মী আৰু নাগৰিক স্বেচ্ছাসেৱক মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক : ‘সোনকালে পলাই যাওক… জেলত পোহপাল দি পইচা কিয় নষ্ট কৰিম?’- অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এক্সন মুডত মুখ্যমন্ত্ৰী শুভেন্দু