গেৰুৱা ধুমুহাত ধূলিস্যাৎ তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ৰাজনৈতিক দুৰ্গ

এই নিৰ্বাচনত তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ শোচনীয় পৰাজয় ঘটিছে

সোমবাৰে (৪ মে) ঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন নেচনেল ডেম’ক্ৰেটিক এলায়েন্স চমুকৈ এন ডি এ-য়ে ১২৬ খন আসনৰ ভিতৰত ১০১ খন আসন লাভ কৰি ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰে । এই নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী সম্পূৰ্ণৰূপে ধূলিস্যাৎ হয় । কংগ্ৰেছ দল কেৱল ১৯ খন আসনতে থমকি ৰ’ব লগা হয় । ইফালে এই নিৰ্বাচনত তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ শোচনীয় পৰাজয়ৰ ফলত ৰাজ্যখনৰ ৰাজনৈতিক দৃশ্যপটত এক বিশেষ পৰিৱৰ্তন পৰিলক্ষিত হৈছে ।

গৌৰৱ গগৈ-

পৰাজিতসকলৰ ভিতৰত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ । গৌৰৱ গগৈ হৈছে অসমৰ সৰ্বাধিক ১৫ বছৰকাল শাসন কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ । যোৰহাট বিধানসভা সমষ্টিত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত ২৩,১৮২ টা ভোটৰ ব্যৱধানত গৌৰৱ গগৈ পৰাস্ত হয় ।

দেৱব্ৰত শইকীয়া-

একেদৰে নাজিৰা সমষ্টিত পৰাজয়ৰ সন্মুখীন হয় বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া । তেওঁ অসমৰ দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ । ২০১১ চনৰ পৰা ধাৰাবাহিকভাৱে নাজিৰা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা শইকীয়াই এইবাৰ বিজেপিৰ ময়ূৰ বৰগোহাঁইৰ হাতত ৪৬,০০০ তকৈও অধিক ভোটত পৰাস্ত হয় । উল্লেখ্য যে এসময়ত এই সমষ্টিটো তেওঁৰ পিতৃ আৰু মাতৃ হেমপ্ৰভা শইকীয়াই প্ৰতিনিধিত্ব কৰিছিল ।

দিগন্ত বৰ্মন-

তৃতীয়গৰাকী প্ৰাৰ্থী দিগন্ত বৰ্মনে বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । তেওঁ প্ৰয়াত ভূমিধৰ বৰ্মনৰ পুত্ৰ, যিয়ে হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত চুটি সময়ৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । এই নিৰ্বাচনত দিগন্ত বৰ্মন বিজেপিৰ নাৰায়ণ ডেকাৰ হাতত ৮৪,০০০ তকৈও অধিক ভোটত ধৰাশায়ী হয় ।

আনহাতে কংগ্ৰেছৰ এই তিনিগৰাকী হেভীৱেইট প্ৰাৰ্থীৰ পৰাজয়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “কাৰোবাৰ পৰাজয়ত আনন্দিত হ’বলগীয়া একো নাই, বিশেষকৈ হিতেশ্বৰ শইকীয়াৰ পুত্ৰৰ পৰাজয়ত ।” অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এই পৰাজয় হ’ল জনসাধাৰণৰ দ্বাৰা “নীলা তেজৰ ৰাজনীতি”ৰ প্ৰত্যাখ্যান । তেওঁ কয়, “ৰাইজে বংশবাদ বা নীলা তেজৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰিছে । তেওঁলোকে যোৱা তিনি-চাৰিটা নিৰ্বাচনত জয়ী হৈছিল আৰু নিজৰ পৰিচয় গঢ়িবলৈ যথেষ্ট সময় পাইছিল, কিন্তু তেওঁলোকে সেয়া কৰিব নোৱাৰিলে ।”

কেৱল তিনিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই নহয়, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ দৰে আন কেইবাজনো বংশধৰ এই নিৰ্বাচনত পৰাস্ত হোৱা বুলি তেওঁ উল্লেখ কৰে । চাবুৱা-লাহোৱাল সমষ্টিত প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিৰ বিনোদ হাজৰিকাৰ হাতত ৮৯,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত হয় ।

লগতে পঢ়ক : অসমত গেৰুৱা ধুমুহা : ৮২খন আসনত বিজেপিৰ বিশাল জয়, পুনৰ শাসনৰ গাদীত মিত্ৰজোঁট

অসমত গেৰুৱা ধুমুহা : ৮২খন আসনত বিজেপিৰ বিশাল জয়, পুনৰ শাসনৰ গাদীত মিত্ৰজোঁট

ভোট গণনাৰ অন্ত, ৮২খন আসনত বিজেপিৰ জয়লাভ । ৰাজ্যজুৰি প্ৰবাহিত হোৱা গেৰুৱা ঢৌত ধূলিসাৎ হ’ল বিৰোধী শিবিৰ ।

অপেক্ষাৰ অন্ত পেলাই ঘোষণা হ’ল অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ ফলাফল । এই নিৰ্বাচনী ফলাফলত ৰাজ্যজুৰি প্ৰবাহিত হোৱা গেৰুৱা ঢৌত ধূলিসাৎ হ’ল বিৰোধী শিবিৰ । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ভাৰতীয় জনতা পাৰ্টিয়ে এককভাৱে ৮২খন আসনত জয়লাভ কৰি ৰাজ্যত নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ।

অভিলেখ সৃষ্টি কৰি পুনৰ জয়ী মুখ্যমন্ত্ৰী-

এই নিৰ্বাচনৰ আটাইতকৈ চৰ্চিত ফলাফল আহিছে জালুকবাৰী সমষ্টিৰ পৰা । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৮৯,৪৩৪টা ভোটৰ এক বিশাল ব্যৱধানত জয়লাভ কৰি পুনৰবাৰ নিজৰ দুৰ্গ ৰক্ষা কৰে ।

শীৰ্ষ নেতাৰ দপদপনি-

মুখ্যমন্ত্ৰীৰ লগতে কেবিনেটৰ প্ৰায়সংখ্যক প্ৰভাৱশালী মন্ত্ৰীয়েই বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে :

জাগীৰোডত পীযুষ হাজৰিকাই ৯৩,৫৮৪টা ভোটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰে ।

-নলবাৰীত জয়ন্ত মল্ল বৰুৱাই ৬০,১০১ টা ভোটত জয়লাভ কৰে ।

-ঢেকীয়াজুলিত অশোক সিংঘলে ৪৮,১৬৯টা ভোটত বিজয় সাব্যস্ত কৰে ।

-গোলাঘাটত অজন্তা নেওগ ৪৩,৭৫৯টা ভোটত জয়ী হয় ।

বিজেপিৰ দখলত উজনি-

ইফালে উজনি অসমত বিজেপিৰ ভেটি অধিক মজবুত হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ ডিব্ৰুগড়ত প্ৰশান্ত ফুকন (৭২,০৪৩ ভোট), নাহৰকটীয়াত তৰংগ গগৈ (৬২,২৮২ ভোট) আৰু জোনাইত ভুৱন পেগুৱে (৮০,১২৪ ভোট) বিৰোধীক কোনো সুযোগ নিদিলে । আনহাতে, মাজুলীত ভূৱন গামে ৩৫,৩০০ ভোটৰ ব্যৱধানত জয়লাভ কৰে ।

নামনি অসম আৰু বৰাক উপত্যকাতো বিজেপিৰ প্ৰদৰ্শন আছিল চকুত পৰা বিধৰ । লক্ষীপুৰত কৌশিক ৰায়ে সৰ্বাধিক ৯৯,৪০১টা ভোটৰ ব্যৱধানত জয়লাভ কৰি চমক সৃষ্টি কৰে । বৰাকৰ শিলচৰ, হাইলাকান্দি আৰু পাথাৰকান্দিটো বিজেপিয়ে বিজয়ধ্বজ্জা উৰুৱাইছে ।

কোন কোন জিকিল-

ভোট গণনাৰ অন্ত, ৮২খন আসনত বিজেপিৰ জয়লাভ

গোলকগঞ্জত ৩০,৭৮২টা ভোটত অশ্বিনী ৰায় সৰকাৰৰ জয়লাভ

গোৱালপাৰা পশ্চিমত ৩৯,৯১৭টা ভোটত পবিত্ৰ ৰাভাৰ জয়লাভ

দুধনৈ ৪৭,৬৩৭টা ভোটত জয়লাভ টংকেশ্বৰ ৰাভাৰ

অভয়াপুৰীত ৫৮,৯২৬ ভোটত ভূপেন ৰয়ৰ জয়লাভ

বিজনীত ৩৩,৯২৭ অৰূপ কুমাৰ দে’ৰ জয়লাভ

ভৱানীপুৰ-সৰভোগত ৩৯,১৫২টা ভোটত ৰঞ্জিত দাসৰ জয়লাভ

বকো-ছয়গাঁও সমষ্টিত ৰাজু মেচৰ ৫৯,৫৫৪টা ভোটত জয়লাভ

পলাশবাৰী সমষ্টিত ৪৩,৯৫৩ ভোটত জয়লাভ হিমাংশু শেখৰ বৈশ্যৰ

ৰঙিয়া সমষ্টিত ভৱেশ কলিতাৰ ৩৪,০২৯টা ভোটত জয়লাভ

কমলপুৰত দিগন্ত কলিতাৰ ১৯,৪৪৯টা ভোটত জয়লাভ

দিশপুৰত ৪৯,৬৬৭ টা ভোটত প্ৰদ্যুত বৰদলৈৰ জয়লাভ

নিউ গুৱাহাটীত সমষ্টিত দিপ্লুৰঞ্জন শৰ্মাৰ ৪৭,৬৬৮টা ভোটত জয়লাভ

গুৱাহাটী চেন্ট্ৰেলত বিজয় কুমাৰ গুপ্তাৰ ৬১,৯২১টা ভোটত জয়লাভ

জালুকবাৰী সমষ্টিত ৮৯,৪৩৪ ভোটত জয়লাভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বৰক্ষেত্ৰীত নাৰায়ণ ডেকাৰ ২৮,৮৪৪টা ভোটত জয়লাভ

নলবাৰীত ৬০,১০১ ভোটত জয়লাভ জয়ন্ত মল্ল বৰুৱাৰ

টিহুত চন্দ্ৰমোহন পাটোৱাৰীৰ ২৬৪৯৬টা ভোটত জয়লাভ

তামুলপুৰত ২৬,৭৪৩ ভোটত বিশ্বজিৎ দৈমাৰীৰ জয়লাভ

গোৰেশ্বৰত ভিক্টৰ দাসৰ ৬৯,২৪৯টা ভোটত জয়লাভ

টংলাত বিকান চন্দ্ৰ ডেকাৰ ৫৪,৬০১টা ভোটত জয়লাভ

ছিপাঝাৰ সমষ্টিত ২৫,২৪৫টা ভোটত জয়লাভ পৰমানন্দ ৰাজবংশীৰ

মঙলদৈত ২৩,৯৩৬ টা ভোটত জয়লাভ নিলীমা দেৱীৰ

জাগীৰোডত ৯৩,৫৮৪টা ভোটত জয়লাভ পীয়ুষ হাজৰিকাৰ

মৰিগাঁৱত ৰমাকান্ত দেউৰীৰ ৬৫,৪৮৯টা ভোটত জয়লাভ

বঢ়মপুৰ সমষ্টিত ৫৬,১৪১ টা ভোটত জিতু গোস্বামীৰ জয়লাভ

নগাঁও-বটদ্ৰৱাত ৰূপক শৰ্মাৰ ৬১,৯৮৪টা ভোটত জয়লাভ

ৰহাত শশীকান্ত দাসৰ ২০,৫৯৪টা ভোটত জয়লাভ

হোজাইত শিলাদিত্য দেৱৰ ৬৬,৭০১টা ভোটত জয়লাভ

লামডিঙত শিৱু মিশ্ৰৰ ২২,১১৪টা ভোটত জয়লাভ

ঢেকীয়াজুলিত ৪৮,১৬৯টা  ভোটত অশোক সিংঘলৰ জয়লাভ

বৰছলাত ঋতুবৰণ শৰ্মাৰ ২৪,৫৬২টা ভোটত জয়লাভ

ৰঙাপৰাত কৃষ্ণকমল তাঁতীৰ ৪৩৩১৫টা ভোটত জয়লাভ

ন-দুৱাৰত পদ্ম হাজৰিকাৰ ৫২,৯১৬টা ভোটত জয়লাভ

বিশ্বনাথত পল্লৱ লোচন দাসৰ ২৫,৭৭০টা ভোটত জয়লাভ

বিহালীত মুনীন্দ্ৰ দাসৰ ৬০,৭০৩টা ভোটত জয়লাভ

গহপুৰত ৫২,৭২২টা ভোটত জয়লাভ উৎপল বৰাৰ

বিহপুৰীয়াত ভূপেন বৰাৰ ৮,২৩৬টা ভোটত জয়লাভ

ৰঙানদী সমষ্টিত ঋষিৰাজ হাজৰিকাৰ ১৯,৬৫২টা ভোটত জয়লাভ

লখিমপুৰত মানৱ ডেকাৰ ৩২,২২০টা ভোটত জয়লাভ

ঢকুৱাখনাত নৱ কুমাৰ দলেৰ ৫০,০৭২টা ভোটত জয়লাভ

ধেমাজি সমষ্টিত ৩২,২২৯ ভোটৰ ব্যৱধানত জয়লাভ ডাঃ ৰণোজ পেগুৰ

চিচিবৰগাঁও সমষ্টিত জীৱন গগৈৰ ৪০,৫৯৩টা ভোটত জয়লাভ

জোনাইত ভুৱন পেগুৰ ৮০,১২৪টা ভোটত জয়লাভ

শদিয়াত বলিন চেতিয়াৰ ৪১,৭৪৯টা ভোটত জয়লাভ

ডুমডুমাত ৰূপেশ গোৱালাৰ ৫৫,৩৮২টা ভোটত জয়লাভ

মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাৰ ৫৫,৩১৭টা ভোটত জয়লাভ

ডিগবৈত সুৰেন ফুকনৰ ৪১,০৭৩টা ভোটত জয়লাভ

মাকুমত ২৮,২৭৬ টা ভোটত সঞ্জয় কিষানৰ জয়লাভ

তিনিচুকীয়াত ৪৮,৪৯৭টা ভোটত পুলক গোঁহাইৰ জয়লাভ

চাবুৱা-লাহোৱাত বিনোদ হাজৰিকাৰ ৫০,৯১৪টা ভোটত জয়লাভ

ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ ৭২,০৪৩টা ভোটত জয়লাভ

খোৱাঙত ৯,৯৮৪ টা ভোটত চক্ৰধৰ গগৈৰ জয়লাভ

দুলীয়াজানত ৰামেশ্বৰ তেলীৰ ১০,৪৫৯টা ভোটত জয়লাভ

টিংখাং সমষ্টিত বিমল বৰাৰ ৪৯,০২৬টা ভোটত জয়লাভ

নাহৰকটীয়াত তৰংগ গগৈৰ ৬২,২৮২টা ভোটত জয়লাভ

সোণাৰিত সমষ্টিত ধৰ্মেশ্বৰ কোঁৱৰৰ ২৪,১৩৪টা ভোটত জয়লাভ

মাহমৰাত সুৰজ দিহিঙীয়াৰ ১৬,০২১টা ভোটত জয়লাভ

ডিমৌ সমষ্টিত সুশান্ত বৰগোঁহাইৰ ৩৩,৫২৮টা ভোটত জয়লাভ

নাজিৰাত ময়ূৰ বৰগোঁহাইৰ ৪৬,৭০১টা ভোটত জয়লাভ

মাজুলীত ৩৫,৩০০ ভোটত ভূৱন গামৰ জয়লাভ

যোৰহাট ২৩,১৮২ ভোটত হিতেন্দ্ৰনাথ গোস্বামীৰ জয়লাভ

মৰিয়নী সমষ্টিত ২৬,৮৪০ ভোটত জয়লাভ ৰূপজ্যোতি কুৰ্মীৰ

তিতাবৰত ২৩,৩১৫ ভোটত ধীৰাজ গোৱালাৰ জয়লাভ

গোলাঘাটত ৪৩,৭৫৯ ভোটত জয়লাভ অজন্তা নেওগৰ

দেৰগাঁৱত ৩৬,৯৫৩ ভোটত জয়লাভ মৃদুল কুমাৰ দত্ত

খুমটাই সমষ্টিত ৫৮,৪১২ ভোটত জয়লাভ মৃণাল শইকীয়াৰ

সৰুপথাৰত  ৫৬,০৮০ ভোটত জয়লাভ বিশ্বজিৎ ফুকনৰ

বোকাজান সমষ্টিত সূৰ্য ৰংফাৰৰ ১৭,৪৬৬টা ভোটত জয়লাভ

হাওৰাঘাট সমষ্টিত লানছিং টেৰনৰ ৭৮,১০৬টা ভোটত জয়লাভ

ডিফু সমষ্টিত নিছু টেৰানপীৰ ৪৯,৭৪০টা ভোটত জয়লাভ

ৰংখাং সমষ্টিত তুলিৰাম ৰংহাঙৰ ৬০,২৪৩টা ভোটত জয়লাভ

আমৰি সমষ্টিত হাবে টেৰনৰ ২৩,৯১০টা ভোটত জয়লাভ

লক্ষীপুৰ সমষ্টিত কৌশিক ৰায়ৰ ৯৯,৪০১টা ভোটত জয়লাভ

উদাৰবন্দ সমষ্টিত ৰাজদীপ গোৱালাৰ ৫৫,৪৬৪টা ভোটত জয়লাভ

কাটিগড়াত কমলাক্ষ দে পুৰকায়স্থৰ ৩৭,৬৮০টা ভোটত জয়লাভ

বৰখালত কিশোৰ নাথৰ ৩৬,৬১৩টা ভোটত জয়লাভ

শিলচৰত ডাঃ ৰাজদ্বীপ ৰয়ৰ ৫৩,৯৯৭টা ভোটত জয়লাভ

ধলাইত অমিয়কান্তি দাসৰ ৪৪,৪৬২টা ভোটত জয়লাভ

হাইলাকান্দিত মিলন দাসৰ ৫৫,৮১৭টা ভোটত জয়লাভ

পাথাৰকান্দিত কৃষ্ণেন্দু পালৰ ৪৬,৭৬৪টা ভোটত জয়লাভ

ৰামকৃষ্ণ নগৰ সমষ্টিত বিজয় মালাকাৰৰ ৮৩,৭৬৫টা ভোটত জয়লাভ

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ অপ্ৰতিৰোধ্য যাত্ৰা, ধূলিস্যাৎ বিৰোধী

১৯ খন আসনতে থমকিল কংগ্ৰেছ : ১৮জন সংখ্যালঘু বিধায়কৰ বিপৰীতে কেৱল এখন হিন্দু মুখ

কংগ্ৰেছে মাত্ৰ ১৯খন আসনতে সন্তুষ্ট থাকিবলগীয়া হোৱাৰ লগতে দলটোৰ দুৰ্গ হিচাপে পৰিচিত অঞ্চলসমূহ এতিয়া কেৱল সংখ্যালঘু বসতিপূৰ্ণ অঞ্চলতে সীমাবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে

অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই অসমত ঘোষণা হ’ল বিধানসভা নিৰ্বাচনৰ ফলাফল । এই নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীক ধূলিস্যাৎ কৰি নিৰংকূশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে । ৮২ খন আসন লাভেৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দাবী মজবুত কৰিছে বিজপিয়ে । ইফালে েই নিৰ্বাচনত কংগ্ৰেছ দল কেৱল ১৯ খন আসনতে থমকি ৰোৱাৰ লগতে বিজেপিৰ মিত্ৰ দল বিপিএফ আৰু অগপই ১০ খনকৈ আসন লাভ কৰে ।

ইফালে অসম বিধানসভাৰ শেহতীয়া নিৰ্বাচনী ফলাফলে উদঙাই দিছে এক বিশেষ ৰাজনৈতিক ছবি । ৰাজ্যৰ অন্যতম পুৰণি দল কংগ্ৰেছে মাত্ৰ ১৯খন আসনতে সন্তুষ্ট থাকিবলগীয়া হোৱাৰ লগতে দলটোৰ ‘দুৰ্গ’ হিচাপে পৰিচিত অঞ্চলসমূহ এতিয়া কেৱল সংখ্যালঘু বসতিপূৰ্ণ অঞ্চলতে সীমাবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে ।

১৮ বনাম ১: হিন্দু বিধায়ক মাত্ৰ এজন

নিৰ্বাচনী ফলাফলত প্ৰকাশ পাইছে এক আচৰিত তথ্য । কংগ্ৰেছৰ পৰা জয়ী হোৱা ১৯জন বিধায়কৰ ভিতৰত ১৮জনেই সংখ্যালঘু সম্প্ৰদায়ৰ । আনহাতে, সমগ্ৰ দলটোৰ পৰা জয়ী হোৱা একমাত্ৰ হিন্দু বিধায়কগৰাকী হৈছে নাওবৈচা সমষ্টিৰ জয়প্ৰকাশ দাস ।

সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কংগ্ৰেছ প্ৰাৰ্থীসকলে বিশাল ব্যৱধানেৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে । কোন কোন জয়ী হ’ল-

-পৰ্বতঝোৰা সমষ্টিত আশ্ৰাফুল ইছলাম শ্বেখ ৯,০২২ টা ভোটত জয়লাভ

-গৌৰীপুৰ আব্দুছ ছোবাহান আলী সৰকাৰৰ ১,১৯,০৯৭টা ভোটত জয়লাভ

-ধুবুৰীৰ বেবী বেগমৰ ৬৮,৬৬১টা ভোটত জয়লাভ

-বীৰছিং জৰোৱাত ৱাজেদ আলী চৌধুৰীৰ ৩৫,৮৮৫টা ভোটত জয়লাভ

-জলেশ্বৰত আফতাবউদ্দিন মোল্লাৰ ১,০৯,৬৮৮টা ভোটত জয়লাভ

গোৱালপাৰা পূৱত আব্দুল কালাম ৰছিদ আলমৰ ৫১,২৬১টা ভোটত জয়লাভ

-সৃজনগ্ৰামত নুৰুল ইছলামৰ ১৮,৩০৫টা ভোটত জয়লাভ

-চেঙা আব্দুৰ ৰহিম আহমেদৰ ৮৭,৩৪৯ টা ভোটত জয়লাভ

-পাকা বেতবাৰীত জাকিৰ হুছেইন শিকদাৰ ৬৫,২৬৭টা ভোটত জয়লাভ

-ছমৰীয়াত ৰেকিবুদ্দিন আহমেদ ৭৮,৬৯৬টা ভোটত জয়লাভ

-লাহৰীঘাটত ড০ আছিফ মহম্মদ নাজাৰৰ ৬৬,২৯৫টা ভোটত জয়লাভ

-ৰূপহীহাটত নুৰুল হুদাৰ ৬৯,৭৬৬টা ভোটত জয়লাভ

-চামগুৰিত তাঞ্জিল হুছেইনৰ ১,০৮,৩১০ টা ভোটত জয়লাভ

-নাওবৈচাত ড০ জয়প্ৰকাশ দাসৰ ২৩,৭৫১ টা ভোটত জয়লাভ

-সোনাইত আমিনুল হক লস্কৰৰ ২৭,১৭০ টা ভোটত জয়লাভ

-আলগাপুৰ কাটলিছেৰাত জুবেৰ আনম মজুমদাৰৰ ১,০৫,৪৪৮ টা ভোটত জয়লাভ

-কৰিমগঞ্জ উত্তৰ সমষ্টিত জাকাৰিয়া আহমেদৰ ২৬,০০৩ টা ভোটত জয়লাভ

-কৰিমগঞ্জ দক্ষিণ সমষ্টিত আমিনুৰ ৰছিদ চৌধুৰীৰ ৮৬,৬৩২ টা ভোটত জয়লাভ

উল্লেখ্য যে, এসময়ত সমগ্ৰ অসম জুৰি আধিপত্য চলোৱা কংগ্ৰেছ দলটো এতিয়া বিশেষ কিছুমান পকেটত আৱদ্ধ হৈ পৰাটোৱে ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে । উজনি অসমৰ পৰা প্ৰায় শূন্য হৈ পৰা দলটোৰ বাবে নাওবৈচাৰ জয়প্ৰকাশ দাসেই এতিয়া একমাত্ৰ অ-সংখ্যালঘু মুখ ।

লগতে পঢ়ক : তেওঁৰ প্ৰতি কোনো বিদ্বেষ নাই: গৌৰৱ গগৈক পৰাস্ত কৰি মন্তব্য হিতেন্দ্ৰ নাথ গোস্বামীৰ

গেৰুৱা ধুমুহাত ধূলিস্যাৎ কংগ্ৰেছ, শোচনীয় পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰা এখন পত্ৰত সিঙে কয় যে দলৰ দুৰ্বল প্ৰদৰ্শনৰ ব্যক্তিগত দায়িত্ব স্বীকাৰ কৰি তেওঁ তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ পদত্যাগ পত্ৰ দাখিল কৰিছে

অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৪ মে’ত তেওঁৰ পদৰ পৰা পদত্যাগ কৰে । বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসমত একেৰাহে তৃতীয়টো কাৰ্যকাল নিশ্চিত কৰাৰ মাত্ৰ কেইঘণ্টামান পিছতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে ।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰা এখন পত্ৰত সিঙে কয় যে দলৰ দুৰ্বল প্ৰদৰ্শনৰ ব্যক্তিগত দায়িত্ব স্বীকাৰ কৰি তেওঁ “তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ” পদত্যাগ পত্ৰ দাখিল কৰিছে । নিৰ্বাচনত বিজেপিয়ে ৮২খন আসন সুৰক্ষিত কৰাৰ লগতে আন কেইবাখনো আসনত অগ্ৰগতি লাভ কৰি এককভাৱে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰে । আনহাতে এনডিএ-ৰ সহযোগী দলসমূহৰ আসনৰ সংখ্যা যোগ হৈ এই সংখ্যা আৰু বৃদ্ধি পায় । ইয়াৰ বিপৰীতে উচ্চস্তৰীয় নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতো কংগ্ৰেছে আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল আৰু এই নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খায় । ১২৬খন বিধানসভা আসনৰ ভিতৰত এনডিএ-ই ১০২খন আসনত জয়লাভ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে উভতি অহাটো নিশ্চিত হৈছে ।

জীতেন্দ্ৰ সিঙে পত্ৰত লিখিছে, “শেহতীয়া নিৰ্বাচনী ফলাফল গভীৰভাৱে হতাশাজনক আৰু এই ফলাফলৰ ক্ষেত্ৰত মোৰ ভূমিকাৰ বাবে মই সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছোঁ । আমাৰ সৰ্বোত্তম প্ৰচেষ্টা স্বত্বেও, আমি অসমৰ জনসাধাৰণক সেৱা কৰিব বিচাৰিছিলোঁ, তেওঁলোকৰ প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম নহ’লোঁ ।”

অসম কংগ্ৰেছৰ ভিতৰচ’ৰাত দীৰ্ঘদিন ধৰি চলি থকা অসন্তুষ্টিৰ মাজতে এই পদত্যাগৰ ঘটনা ঘটিছে । দলীয় কৰ্মীসকলে ইয়াৰ পূৰ্বে কৌশলগত দিশৰ অভাৱ, নিৰ্বাচনী প্ৰস্তুতিৰ দুৰ্বলতা আৰু তেওঁৰ তত্ত্বাৱধানত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক সঠিকভাৱে একত্ৰিত কৰিব নোৱাৰাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল ।

অৱশ্যে, সিঙে তেওঁৰ পত্ৰত এক ইতিবাচক সুৰ প্ৰকাশ কৰিছে । তেওঁ লিখিছে, “মই কংগ্ৰেছ দলৰ আদৰ্শ আৰু দৃষ্টিভংগীৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিম আৰু উপযুক্ত বুলি বিবেচিত যিকোনো ক্ষমতাৰে দলৰ প্ৰচেষ্টাত সহায় কৰি যাম ।” ইয়াৰ লগতে তেওঁ কাৰ্যকালৰ সময়ছোৱাত আগবঢ়োৱা “মাৰ্গদৰ্শন আৰু সমৰ্থনৰ” বাবে খাৰ্গেক ধন্যবাদ জ্ঞাপন কৰে ।

এই পদত্যাগে উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছৰ সমস্যা আৰু বৃদ্ধি কৰিছে, য’ত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত দলটোৱে ধাৰাবাহিকভাৱে সংগ্ৰাম কৰি আহিবলগীয়া হৈছে ।

লগতে পঢ়ক : নিৰ্বাচনী ফলাফল ২০২৬ : কোন জিকিল কোন হাৰিল ?

বংগত বিজেপিৰ ঐতিহাসিক জয়: “প্ৰতিশোধ নহয়, পৰিৱৰ্তনহে লক্ষ্য” – দিল্লীত হুংকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সফলতাৰ পিছত আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ অভূতপূৰ্ব সফলতাৰ পিছত আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । বিজয় উৎসৱত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বংগৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এক নতুন ৰাজনৈতিক দিশৰ সূচনা কৰে । ভাষণ প্ৰসংগত তেওঁ স্পষ্টকৈ কয় যে এতিয়া সময় প্ৰতিশোধৰ নহয়, বৰঞ্চ বংগত প্ৰকৃত পৰিৱৰ্তন অনাৰহে ।

হিংসামুক্ত নিৰ্বাচনক আদৰণি-

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বংগৰ নিৰ্বাচনী হিংসাৰ ইতিহাসক সোঁৱৰণ কৰি এইবাৰৰ শান্তিপূৰ্ণ ভোটদানক গণতন্ত্ৰৰ জয় বুলি অভিহিত কৰে । তেওঁ কয়, “এইবাৰ সমগ্ৰ দেশে এটা নতুন খবৰ শুনিবলৈ পালে- পশ্চিম বংগত এজনো নিৰীহ নাগৰিকৰ মৃত্যু নোহোৱাকৈ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হ’ল । এয়া বন্দুকৰ শব্দ নহয়, জনসাধাৰণৰ কণ্ঠৰ জয় ।” ইয়াৰ লগতে তেওঁ সকলো ৰাজনৈতিক দলকে হিংসাৰ ৰাজনীতি চিৰদিনৰ বাবে ত্যাগ কৰিবলৈ আহ্বান জনায় ।

শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোন বাস্তৱায়িত-

দলৰ আদৰ্শপুৰুষ ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী আৱেগিক হৈ পৰে । তেওঁ কয় যে বংগৰ সন্তান মুখাৰ্জীয়ে যি সপোন দেখিছিল, আজি বংগত বিজেপিৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হোৱাৰ লগে লগে তেওঁৰ আত্মাই শান্তি পাইছে ।

বংগৰ বাবে প্ৰতিশ্ৰুতি-

প্ৰধানমন্ত্ৰীয়ে বংগবাসীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিয়ে :

সুৰক্ষা আৰু নিয়োগ: মহিলাৰ সুৰক্ষা নিশ্চিত কৰা আৰু যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰি প্ৰব্ৰজন ৰোধ কৰা ।

স্বাস্থ্যসেৱা: চৰকাৰ গঠনৰ প্ৰথমখন কেবিনেট বৈঠকতে ‘আয়ুষ্মান ভাৰত’ যোজনাৰ অনুমোদন জনোৱা হ’ব ।

অনুপ্ৰৱেশ ৰোধ : ৰাজ্যখনত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিজেপিৰ সফলতা-

বংগৰ উপৰিও অসম, কেৰালাম, তামিলনাডু আৰু পুডুচেৰীৰ নিৰ্বাচনী ফলাফলৰ বাবে মোদীয়ে দলীয় কৰ্মীসকলক অভিনন্দন জনায় । বিশেষকৈ নতুন ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত দলৰ এই প্ৰদৰ্শনক তেওঁ প্ৰশংসা কৰে । মহাৰাষ্ট্ৰৰ উপ-নিৰ্বাচনত সুনেত্ৰা পাৱাৰৰ বিপুল জয়ৰ লগতে গুজৰাট, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ উপ-নিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থীসকলৰ জয়ে দলটোক অধিক উৎসাহিত কৰি তুলিছে ।

প্ৰধানমন্ত্ৰীৰ ভাষ্য অনুসৰি, ২০২৬ চনৰ ৪ মে’ৰ এই দিনটো বংগৰ ইতিহাসত “ভয়ৰ পৰা মুক্তি আৰু উন্নয়নৰ দিশে যাত্ৰা” হিচাপে চিহ্নিত হ’ব ।

লগতে পঢ়ক : নির্বাচনী ফলাফল : ‘ঐতিহাসিক আৰু অভূতপূৰ্ব’ জয়ত উৎসাহিত প্ৰধানমন্ত্ৰী মোদী

ৰাজনৈতিক ব্লকবাষ্টাৰ : তামিলনাডুত বিজয়ৰ বাজীমাৎ, ধৰাশায়ী ডিএমকে-এআইএডিএমকে

চিনেমাৰ পৰ্দাৰ দৰেই এক নাটকীয় মোৰ দি তামিলনাডুৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিছে অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা জোচেফ বিজয়ে

চিনেমাৰ পৰ্দাৰ দৰেই এক নাটকীয় মোৰ দি তামিলনাডুৰ ৰাজনীতিত আত্মপ্ৰকাশ কৰিছে অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা চি. জোচেফ বিজয়ে । তেওঁৰ নৱগঠিত দল তামিলাগা ভেট্ৰি কাজাগামে (TVK) ৰাজ্যখনৰ প্ৰতিষ্ঠিত ৰাজনৈতিক শক্তি ডিএমকে আৰু এআইএডিএমকে-ক ধৰাশায়ী কৰি এক অভূতপূৰ্ব জনমত গঠন কৰিবলৈ সক্ষম হৈছে ।

ভোটৰ পৰিসংখ্যা : টিভিকে-ৰ চমকপ্ৰদ উত্থান

শেহতীয়া নিৰ্বাচনী বিশ্লেষণ অনুসৰি, বিজয়ৰ টিভিকে-এ ৩৪.৯০% ভোট লাভেৰে ৰাজ্যখনৰ সৰ্ববৃহৎ জনপ্ৰিয় দল হিচাপে আত্মপ্ৰকাশ কৰিছে । ইয়াৰ বিপৰীতে শাসনত থকা ডিএমকে-এ ২৪.২০% আৰু বিৰোধী এআইএডিএমকে-এ ২১.৩৫% ভোট লাভ কৰিছে ।

দুয়োটা সমষ্টিতে বিজয়ৰ আধিপত্য-

দলৰ মুৰব্বী বিজয় নিজে দুয়োটা গুৰুত্বপূৰ্ণ সমষ্টিত বৃহৎ জয় সাব্যস্ত কৰিছে ।

পেৰাম্বুৰ : বিজয়ে ১,০৫,৭৪৩ টা ভোট লাভ কৰি ডিএমকে-ৰ আৰ ডি শেখৰক ৪৬,৬২৪ টা ভোটৰ বিশাল ব্যৱধানত পিছ পেলাইছে ।

তিৰুচিৰাপল্লী (পূব): ইয়াতো বিজয়ে ৬৯,০১৭ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীতকৈ ২২,০৯২ টা ভোটত আগবাঢ়ি আছে ।

মুখ্যমন্ত্ৰী ষ্টালিনৰ শোচনীয় পৰাজয়-

এই নিৰ্বাচনৰ আটাইতকৈ চাঞ্চল্যকৰ খবৰটো আহিছে কোলাথুৰ সমষ্টিৰ পৰা । ২০০৮ চনৰ পৰা নিজৰ দখলত থকা এই দুৰ্গত পৰাজয় বৰণ কৰিছে স্বয়ং মুখ্যমন্ত্ৰী এম.কে. ষ্টালিনে । টিভিকে-ৰ প্ৰাৰ্থী ভি.এছ. বাবুৱে ষ্টালিনক ৮,৭৯৫ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি এক ঐতিহাসিক মুহূৰ্তৰ সূচনা কৰিছে ।

চৰকাৰ গঠনৰ দিশে টিভিকে-

তামিলনাডুৰ ২৩৪ খন আসনৰ ভিতৰত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হোৱা ১১৮ খন আসনৰ একেবাৰে ওচৰ পাইছে বিজয়ৰ দল । বৰ্তমানৰ পৰিস্থিতি এনেধৰণৰ:

টিভিকে : ১০৮ খন আসন (৩২ খনত জয় আৰু ৭৬ খনত অগ্ৰগতি)।

ডিএমকে : ৬১ খন আসন ।

এআইএডিএমকে : ৪৪ খন আসন ।

এক নতুন যুগৰ আৰম্ভণি-

নিচামুক্তি, সামাজিক ন্যায় আৰু যুৱ প্ৰজন্মৰ আশা-আকাংক্ষাক মূল ইছ্যু হিচাপে লৈ চলোৱা অভিযানে বিজয়ক এই বিশাল সফলতা প্ৰদান কৰিছে । বিশেষকৈ যুৱ ভোটাৰ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মাজত তেওঁৰ গ্ৰহণযোগ্যতাই পুৰণি দ্ৰাবিড় ৰাজনীতিক প্ৰত্যাহ্বান জনাইছে ।

তামিলনাডুৰ ৰাজনৈতিক চিত্ৰনাট্যত এতিয়া এক নতুন নায়কৰ উদয় হৈছে । বিজয়ৰ এই অভিষেক কেৱল এক ‘কেমিঅ’’ নহয়, বৰঞ্চ ৰাজ্যখনৰ ভৱিষ্যত নিৰ্ণয়ৰ এক পূৰ্ণকালীন ‘ব্লকবাষ্টাৰ’ প্ৰদৰ্শন বুলি বিশেষজ্ঞসকলে অভিহিত কৰিছে ।

লগতে পঢ়ক : নির্বাচনী ফলাফল : ‘ঐতিহাসিক আৰু অভূতপূৰ্ব’ জয়ত উৎসাহিত প্ৰধানমন্ত্ৰী মোদী

নির্বাচনী ফলাফল : ‘ঐতিহাসিক আৰু অভূতপূৰ্ব’ জয়ত উৎসাহিত প্ৰধানমন্ত্ৰী মোদী

নতুন দিল্লীৰ দলীয় কাৰ্যালয়ত বিজেপি কৰ্মীসকলক সম্বোধন কৰি আজিৰ দিনটোক ঐতিহাসিক আৰু অভূতপূৰ্ব বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

পশ্চিমবংগ, অসম আৰু পুডুচেৰীৰ নিৰ্বাচনী ফলাফলত বিজেপি আৰু এন ডি এৰ শক্তিশালী প্ৰদৰ্শনত উৎফুল্লিত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সোমবাৰে নতুন দিল্লীৰ দলীয় কাৰ্যালয়ত বিজেপি কৰ্মীসকলক সম্বোধন কৰি তেওঁ আজিৰ দিনটোক “ঐতিহাসিক আৰু অভূতপূৰ্ব” বুলি অভিহিত কৰে ।

নিৰ্বাচনী ফলাফল আৰু ধাৰাসমূহে পশ্চিমবংগত বিজেপিৰ আশাব্যঞ্জক ফলাফল আৰু অসম তথা পুডুচেৰীত এন ডি এৰ নিশ্চিত বিজয়ৰ ইংগিত দিয়াৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভাষণ প্ৰদান কৰে । তেওঁ কয় যে এই জয় কেৱল নিৰ্বাচনী জয় নহয়, বৰঞ্চ ই হৈছে জনসাধাৰণৰ ‘কৰ্ম-সংস্কৃতিৰ ৰাজনীতি’ৰ প্ৰতি থকা অটল বিশ্বাসৰ প্ৰতিফলন ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “যেতিয়া বছৰ বছৰ ধৰি কৰা প্ৰচেষ্টা সফলতাত পৰিণত হয়, তেতিয়া মানুহৰ মুখত যি আনন্দ বিৰিঙি উঠে, আজি সমগ্ৰ দেশৰ বিজেপি কৰ্মীৰ মুখতো মই সেই একেই আনন্দ দেখিছোঁ । এজন দলীয় কৰ্মী হিচাপে মই প্ৰতিজন কৰ্মীৰ এই সুখত অংশীদাৰ হৈছোঁ ।”

এই ফলাফলক দেশৰ উজ্জ্বল ভৱিষ্যতৰ সংকেত বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া ভাৰতৰ মহান গণতন্ত্ৰ আৰু ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাৰ ওপৰত জনসাধাৰণৰ বিশ্বাসৰ জয় । বিশেষভাৱে উল্লেখ কৰিবলগীয়া যে, নীতিন নবীনে বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এয়া আছিল দলৰ প্ৰথমটো ডাঙৰ নিৰ্বাচন । নিৰ্বাচনৰ সময়ত তেওঁৰ সঠিক দিক-নিৰ্দেশনাই বিজয়ত বিশেষ ভূমিকা লৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে ।

আনহাতে বংগ, অসম, পুডুচেৰী, তামিলনাডু আৰু কেৰালামৰ জনসাধাৰণক শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক অভিনন্দন জনাই কয়, “প্ৰতিজন কৰ্মীয়ে আচৰিত কাম কৰি দেখুৱাইছে আৰু তেওঁলোকৰ বাবেই আজি পুনৰ পদুম ফুলিছে ।”

কেৱল বিধানসভা নিৰ্বাচনেই নহয়, মহাৰাষ্ট্ৰ, গুজৰাট, নাগালেণ্ড আৰু ত্ৰিপুৰাত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফলকো উৎসাহজনক বুলি অভিহিত কৰে মোদীয়ে । বিশেষকৈ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী সুনেত্ৰা পাৱাৰে লাভ কৰা বৃহৎ বিজয়ক তেওঁ প্ৰশংসা কৰে ।

উল্লেখ্য যে আজি পুৱাৰে পৰা আৰম্ভ হোৱা ভোট গণনাত অসম আৰু পুডুচেৰীত এন ডি এৰ বিজয় নিশ্চিত হোৱাৰ লগতে পশ্চিমবংগত বিজেপিয়ে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে । আনকি কেৰালামতো বিজেপিয়ে নিজৰ ভোটৰ শতাংশ আৰু স্থিতি পূৰ্বতকৈ সবল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ অপ্ৰতিৰোধ্য যাত্ৰা, ধূলিস্যাৎ বিৰোধী

নিৰ্বাচনী ফলাফল ২০২৬ : কোন জিকিল কোন হাৰিল ?

নিৰ্বাচনী ফলাফল ২০২৬ঃ অসমত বিজেপি নেতৃত্বাধীন এন ডি এয়ে এক ঐতিহাসিক বিজয় সাৱ্যস্ত কৰিছে

নিৰ্বাচনী ফলাফল ২০২৬ঃ অসমত বিজেপি নেতৃত্বাধীন এন ডি এয়ে এক ঐতিহাসিক বিজয় সাৱ্যস্ত কৰি কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীক ধৰাশায়ী কৰিবলৈ সক্ষম হয় ।

বিজেপিৰ বেছিভাগ শীৰ্ষ নেতাই নিজ নিজ সমষ্টিৰ পৰা জয়লাভ কৰাৰ বিপৰীতে বিৰোধী দলৰ কেইবাজনো হেভিৱেইট নেতা পৰাজিত হয় । ইয়াৰ ভিতৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, এ জে পি সভাপতি লুৰীণজ্যোতি গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন এপাচিচি সভাপতি ৰিপুন বৰা, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আৰু ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰা শোচনীয় পৰাজয়ৰ সন্মুখীন হয় ।

কোন কোন জিকিল-

প্ৰাৰ্থীৰ নামদলসমষ্টি
হিমন্ত বিশ্ব শৰ্মাবিজেপিজালুকবাৰী
প্ৰদ্যুৎ বৰদলৈবিজেপিদিছপুৰ
বিজয় গুপ্তাবিজেপিগুৱাহাটী কেন্দ্ৰীয়
দিপ্লু ৰঞ্জন শৰ্মাবিজেপিনিউ গুৱাহাটী
তপন দাসঅগপডিমৰীয়া
পীয়ুষ হাজৰিকাবিজেপিজাগীৰোড
জয়ন্ত মল্ল বৰুৱাবিজেপিনলবাৰী
ড° ৰণোজ পেগুবিজেপিধেমাজী
ভুবন পেগুবিজেপিজোনাই
মানব ডেকাবিজেপিলখিমপুৰ
ভূপেন বৰাবিজেপিবিহপুৰীয়া
ৰঞ্জিত কুমাৰ দাসবিজেপিভৱানীপুৰ-সৰভোগ
ৰমাকান্ত দেউৰীবিজেপিমৰিগাঁও
হিতেন্দ্ৰ নাথ গোস্বামীবিজেপিযোৰহাট
ৰূপজ্যোতি কুৰ্মীবিজেপিমৰিয়নী
ধৰ্মেশ্বৰ কোঁৱৰবিজেপিসোণাৰী
ৰাজু মেচবিজেপিবকো-ছয়গাঁও
অতুল বৰাঅগপবোকাখাত
কেশৱ মহন্তঅগপকলিয়াবৰ
অজন্তা নেওগবিজেপিগোলাঘাট
প্ৰশান্ত ফুকনবিজেপিডিব্ৰুগড়
মৃদুল কুমাৰ দত্তবিজেপিদেৰগাঁও
ঋষিবাজ হাজৰিকাবিজেপিৰঙানদী
পল্লৱ লোচন দাসবিজেপিবিশ্বনাথ
চক্ৰধৰ গগৈবিজেপিখোৱাং
সুশান্ত বৰগোঁহাইবিজেপিডেমৌ
পদ্ম হাজৰিকাবিজেপিনাদুৱাৰ
বিনোদ হাজৰিকাবিজেপিলাহোৱাল-চাবুৱা
অৰূপ কুমাৰ দেবিজেপিবিজনী
ময়ূৰ বৰগোঁহাইবিজেপিনাজিৰা
তৰংগ গগৈবিজেপিনাহৰকটীয়া
শিলাদিত্য দেববিজেপিহোজাই
ৰেকিবুদ্দিন আহমেদকংগ্ৰেছচমাৰীয়া
তঞ্জিল হুছেইনকংগ্ৰেছচামগুৰি
শ্বেৰমান আলী আহমেদটিএমচিমন্দিয়া
আব্দুৰ ৰহিম আহমেদকংগ্ৰেছচেঙা

পৰাস্ত হোৱা হেভীৱেইট প্ৰাৰ্থী-

প্ৰাৰ্থীৰ নামদলসমষ্টি
গৌৰৱ গগৈকংগ্ৰেছযোৰহাট
দেৱব্ৰত শইকীয়াকংগ্ৰেছনাজিৰা
লুৰীণজ্যোতি গগৈএ জে পিখোৱাং
জ্ঞানশ্ৰী বৰাৰাইজৰ দলমৰিয়নী
মীৰা বৰঠাকুৰকংগ্ৰেছদিছপুৰ
কুংকী চৌধুৰীএ জে পিগুৱাহাটী কেন্দ্ৰীয়
দিগন্ত বৰ্মনকংগ্ৰেছবৰক্ষেত্ৰী

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ অপ্ৰতিৰোধ্য যাত্ৰা, ধূলিস্যাৎ বিৰোধী

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ অপ্ৰতিৰোধ্য যাত্ৰা, ধূলিস্যাৎ বিৰোধী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বীক ৮০,০০০ তকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিজৰ দক্ষতা আৰু জনপ্ৰিয়তা প্ৰমাণ কৰে

পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টিয়ে এক ঐতিহাসিক সফলতা উদযাপন কৰাৰ সময়তে উত্তৰ-পূব ভাৰতত নিজৰ “দুৰ্গ” পুনৰ শক্তিশালী কৰি তুলিছে । সোমবাৰে ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ “সুৰক্ষা আৰু বিকাশ”ৰ এজেণ্ডাৰ প্ৰতি লাভ কৰা ব্যাপক জনসমৰ্থনৰ জোৱাৰত উঠি অসমৰ মুখ্যমন্ত্ৰী হিচাপে একেৰাহে দ্বিতীয়টো কাৰ্যকাল নিশ্চিত কৰে । ১২৬ জনীয়া বিধানসভাত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ১০২ খন আসনত অগ্ৰগতি লাভ কৰি বা জয়ী হৈ সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে । বিজেপিয়ে খিলঞ্জীয়া আৰু চহৰীয়া অঞ্চলসমূহত আধিপত্য বিস্তাৰ কৰাৰ বিপৰীতে মুছলমান ভোটসমূহ কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ দৰে দলসমূহৰ মাজত বিভাজিত হোৱা পৰিলক্ষিত হৈছে ।

২০১৬ চনত ৩৩.৬% ভোট লাভ কৰা বিজেপিয়ে ২০২৬ চনত ৩৮.৫৯% ভোট লাভ কৰিছে । এই ৫% ধনাত্মক পৰিৱৰ্তনৰ আঁৰত বিজেপিৰ পক্ষত হোৱা হিন্দু ভোটৰ একত্ৰীকৰণক । ইয়াৰ বিপৰীতে মুছলমান ভোটসমূহ বিভাজিত হোৱা দেখা গৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হৈছে বদৰুদ্দিন আজমলৰ দল, যিয়ে মাত্ৰ ৫.২৯% ভোট আৰু ২ খন আসনত অগ্ৰগতি লাভ কৰিছে, অথচ ২০১৬ চনত তেওঁলোকৰ ভোটৰ অংশ আছিল ৯.৪% । কংগ্ৰেছৰ ভোটৰ অংশ প্ৰায় সুস্থিৰ হৈ আছে, যি ২০২১ চনৰ ৩০% ৰ পৰা ২০২৬ চনত ২৯.২৬% লৈ হ্ৰাস পাইছে । কংগ্ৰেছৰ সমৰ্থন মূলতঃ মুছলমান ভোটাৰৰ মাজতে সীমাবদ্ধ থকা যেন লাগে, যিহেতু তেওঁলোকৰ অগ্ৰগতি লাভ কৰা ১৯ জন প্ৰাৰ্থীৰ ভিতৰত ১৮ জনেই মুছলমান ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বীক ৮০,০০০ তকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিজৰ দক্ষতা আৰু জনপ্ৰিয়তা প্ৰমাণ কৰে । দিনটোৰ আটাইতকৈ ডাঙৰ বিপৰ্যয় আছিল ৰাজ্যখনত কংগ্ৰেছৰ মুখস্বৰূপ গৌৰৱ গগৈৰ পৰাজয় । গগৈয়ে যোৰহাট সমষ্টিত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত ২৩,১৮২ টা ভোটৰ ব্যৱধানত পৰাস্ত হয় । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি গোস্বামীয়ে ৬৯,৪৩৯ টা ভোট লাভ কৰাৰ বিপৰীতে ৪৬,২৫৭ টা ভোট লাভ কৰা গগৈয়ে গণনাৰ শেষ পৰ্যায়লৈকে এই ব্যৱধান হ্ৰাস কৰিবলৈ সক্ষম নহ’ল ।

ইফালে ৰাজ্যত বিজপি নেতৃত্বাধীন এন ডি এ জয়ৰ দিশে অগ্ৰসৰ হোৱাৰ মাজতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰে । এক্সত তেওঁ “Hat-trick with a century” বুলি এটা পোষ্ট কৰি জয়ৰ আনন্দ প্ৰকাশ কৰে ।

ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ৫২ খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু ৩০ খন আসনত জয়লাভ কৰিছে, আনহাতে ইয়াৰ মিত্ৰদল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট ২০ খন আসনত আগবাঢ়ি আছে । কংগ্ৰেছে ১৮ খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু এখন আসনত জয়লাভ কৰিছে, আনহাতে ইয়াৰ মিত্ৰদল ৰাইজৰ দল দুখন আসনত আগবাঢ়ি আছে । এ আই ইউ ডি এফ এখন আসনত জয়লাভ কৰিছে আৰু এখনত আগবাঢ়ি আছে ।

লগতে পঢ়ক : বিৰোধীৰ ‘তিনি গগৈ’ৰ দুই গগৈ ধৰাশায়ী: যোৰহাটত গৌৰৱ আৰু খোৱাঙত লুৰীণজ্যোতিৰ শোচনীয় পৰাজয়