নতুন দিল্লীৰ দলীয় কাৰ্যালয়ত বিজেপি কৰ্মীসকলক সম্বোধন কৰি আজিৰ দিনটোক ঐতিহাসিক আৰু অভূতপূৰ্ব বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
পশ্চিমবংগ, অসম আৰু পুডুচেৰীৰ নিৰ্বাচনী ফলাফলত বিজেপি আৰু এন ডি এৰ শক্তিশালী প্ৰদৰ্শনত উৎফুল্লিত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সোমবাৰে নতুন দিল্লীৰ দলীয় কাৰ্যালয়ত বিজেপি কৰ্মীসকলক সম্বোধন কৰি তেওঁ আজিৰ দিনটোক “ঐতিহাসিক আৰু অভূতপূৰ্ব” বুলি অভিহিত কৰে ।
নিৰ্বাচনী ফলাফল আৰু ধাৰাসমূহে পশ্চিমবংগত বিজেপিৰ আশাব্যঞ্জক ফলাফল আৰু অসম তথা পুডুচেৰীত এন ডি এৰ নিশ্চিত বিজয়ৰ ইংগিত দিয়াৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভাষণ প্ৰদান কৰে । তেওঁ কয় যে এই জয় কেৱল নিৰ্বাচনী জয় নহয়, বৰঞ্চ ই হৈছে জনসাধাৰণৰ ‘কৰ্ম-সংস্কৃতিৰ ৰাজনীতি’ৰ প্ৰতি থকা অটল বিশ্বাসৰ প্ৰতিফলন ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “যেতিয়া বছৰ বছৰ ধৰি কৰা প্ৰচেষ্টা সফলতাত পৰিণত হয়, তেতিয়া মানুহৰ মুখত যি আনন্দ বিৰিঙি উঠে, আজি সমগ্ৰ দেশৰ বিজেপি কৰ্মীৰ মুখতো মই সেই একেই আনন্দ দেখিছোঁ । এজন দলীয় কৰ্মী হিচাপে মই প্ৰতিজন কৰ্মীৰ এই সুখত অংশীদাৰ হৈছোঁ ।”
এই ফলাফলক দেশৰ উজ্জ্বল ভৱিষ্যতৰ সংকেত বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া ভাৰতৰ মহান গণতন্ত্ৰ আৰু ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাৰ ওপৰত জনসাধাৰণৰ বিশ্বাসৰ জয় । বিশেষভাৱে উল্লেখ কৰিবলগীয়া যে, নীতিন নবীনে বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এয়া আছিল দলৰ প্ৰথমটো ডাঙৰ নিৰ্বাচন । নিৰ্বাচনৰ সময়ত তেওঁৰ সঠিক দিক-নিৰ্দেশনাই বিজয়ত বিশেষ ভূমিকা লৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে ।
আনহাতে বংগ, অসম, পুডুচেৰী, তামিলনাডু আৰু কেৰালামৰ জনসাধাৰণক শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক অভিনন্দন জনাই কয়, “প্ৰতিজন কৰ্মীয়ে আচৰিত কাম কৰি দেখুৱাইছে আৰু তেওঁলোকৰ বাবেই আজি পুনৰ পদুম ফুলিছে ।”
কেৱল বিধানসভা নিৰ্বাচনেই নহয়, মহাৰাষ্ট্ৰ, গুজৰাট, নাগালেণ্ড আৰু ত্ৰিপুৰাত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফলকো উৎসাহজনক বুলি অভিহিত কৰে মোদীয়ে । বিশেষকৈ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী সুনেত্ৰা পাৱাৰে লাভ কৰা বৃহৎ বিজয়ক তেওঁ প্ৰশংসা কৰে ।
উল্লেখ্য যে আজি পুৱাৰে পৰা আৰম্ভ হোৱা ভোট গণনাত অসম আৰু পুডুচেৰীত এন ডি এৰ বিজয় নিশ্চিত হোৱাৰ লগতে পশ্চিমবংগত বিজেপিয়ে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছে । আনকি কেৰালামতো বিজেপিয়ে নিজৰ ভোটৰ শতাংশ আৰু স্থিতি পূৰ্বতকৈ সবল কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বিজেপিৰ অপ্ৰতিৰোধ্য যাত্ৰা, ধূলিস্যাৎ বিৰোধী









