মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বীক ৮০,০০০ তকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিজৰ দক্ষতা আৰু জনপ্ৰিয়তা প্ৰমাণ কৰে
পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টিয়ে এক ঐতিহাসিক সফলতা উদযাপন কৰাৰ সময়তে উত্তৰ-পূব ভাৰতত নিজৰ “দুৰ্গ” পুনৰ শক্তিশালী কৰি তুলিছে । সোমবাৰে ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ “সুৰক্ষা আৰু বিকাশ”ৰ এজেণ্ডাৰ প্ৰতি লাভ কৰা ব্যাপক জনসমৰ্থনৰ জোৱাৰত উঠি অসমৰ মুখ্যমন্ত্ৰী হিচাপে একেৰাহে দ্বিতীয়টো কাৰ্যকাল নিশ্চিত কৰে । ১২৬ জনীয়া বিধানসভাত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ১০২ খন আসনত অগ্ৰগতি লাভ কৰি বা জয়ী হৈ সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে । বিজেপিয়ে খিলঞ্জীয়া আৰু চহৰীয়া অঞ্চলসমূহত আধিপত্য বিস্তাৰ কৰাৰ বিপৰীতে মুছলমান ভোটসমূহ কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ দৰে দলসমূহৰ মাজত বিভাজিত হোৱা পৰিলক্ষিত হৈছে ।
২০১৬ চনত ৩৩.৬% ভোট লাভ কৰা বিজেপিয়ে ২০২৬ চনত ৩৮.৫৯% ভোট লাভ কৰিছে । এই ৫% ধনাত্মক পৰিৱৰ্তনৰ আঁৰত বিজেপিৰ পক্ষত হোৱা হিন্দু ভোটৰ একত্ৰীকৰণক । ইয়াৰ বিপৰীতে মুছলমান ভোটসমূহ বিভাজিত হোৱা দেখা গৈছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হৈছে বদৰুদ্দিন আজমলৰ দল, যিয়ে মাত্ৰ ৫.২৯% ভোট আৰু ২ খন আসনত অগ্ৰগতি লাভ কৰিছে, অথচ ২০১৬ চনত তেওঁলোকৰ ভোটৰ অংশ আছিল ৯.৪% । কংগ্ৰেছৰ ভোটৰ অংশ প্ৰায় সুস্থিৰ হৈ আছে, যি ২০২১ চনৰ ৩০% ৰ পৰা ২০২৬ চনত ২৯.২৬% লৈ হ্ৰাস পাইছে । কংগ্ৰেছৰ সমৰ্থন মূলতঃ মুছলমান ভোটাৰৰ মাজতে সীমাবদ্ধ থকা যেন লাগে, যিহেতু তেওঁলোকৰ অগ্ৰগতি লাভ কৰা ১৯ জন প্ৰাৰ্থীৰ ভিতৰত ১৮ জনেই মুছলমান ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বীক ৮০,০০০ তকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিজৰ দক্ষতা আৰু জনপ্ৰিয়তা প্ৰমাণ কৰে । দিনটোৰ আটাইতকৈ ডাঙৰ বিপৰ্যয় আছিল ৰাজ্যখনত কংগ্ৰেছৰ মুখস্বৰূপ গৌৰৱ গগৈৰ পৰাজয় । গগৈয়ে যোৰহাট সমষ্টিত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত ২৩,১৮২ টা ভোটৰ ব্যৱধানত পৰাস্ত হয় । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি গোস্বামীয়ে ৬৯,৪৩৯ টা ভোট লাভ কৰাৰ বিপৰীতে ৪৬,২৫৭ টা ভোট লাভ কৰা গগৈয়ে গণনাৰ শেষ পৰ্যায়লৈকে এই ব্যৱধান হ্ৰাস কৰিবলৈ সক্ষম নহ’ল ।
ইফালে ৰাজ্যত বিজপি নেতৃত্বাধীন এন ডি এ জয়ৰ দিশে অগ্ৰসৰ হোৱাৰ মাজতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক বিশেষ পোষ্ট কৰে । এক্সত তেওঁ “Hat-trick with a century” বুলি এটা পোষ্ট কৰি জয়ৰ আনন্দ প্ৰকাশ কৰে ।
ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ৫২ খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু ৩০ খন আসনত জয়লাভ কৰিছে, আনহাতে ইয়াৰ মিত্ৰদল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট ২০ খন আসনত আগবাঢ়ি আছে । কংগ্ৰেছে ১৮ খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু এখন আসনত জয়লাভ কৰিছে, আনহাতে ইয়াৰ মিত্ৰদল ৰাইজৰ দল দুখন আসনত আগবাঢ়ি আছে । এ আই ইউ ডি এফ এখন আসনত জয়লাভ কৰিছে আৰু এখনত আগবাঢ়ি আছে ।
লগতে পঢ়ক : বিৰোধীৰ ‘তিনি গগৈ’ৰ দুই গগৈ ধৰাশায়ী: যোৰহাটত গৌৰৱ আৰু খোৱাঙত লুৰীণজ্যোতিৰ শোচনীয় পৰাজয়









