বংগত বিজেপিৰ ঐতিহাসিক জয়: "প্ৰতিশোধ নহয়, পৰিৱৰ্তনহে লক্ষ্য" – দিল্লীত হুংকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

বংগত বিজেপিৰ ঐতিহাসিক জয়: “প্ৰতিশোধ নহয়, পৰিৱৰ্তনহে লক্ষ্য” – দিল্লীত হুংকাৰ প্ৰধানমন্ত্ৰী মোদীৰ

বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সফলতাৰ পিছত আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ অভূতপূৰ্ব সফলতাৰ পিছত আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । বিজয় উৎসৱত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী

বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব সফলতাৰ পিছত আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ অভূতপূৰ্ব সফলতাৰ পিছত আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয় । বিজয় উৎসৱত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বংগৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এক নতুন ৰাজনৈতিক দিশৰ সূচনা কৰে । ভাষণ প্ৰসংগত তেওঁ স্পষ্টকৈ কয় যে এতিয়া সময় প্ৰতিশোধৰ নহয়, বৰঞ্চ বংগত প্ৰকৃত পৰিৱৰ্তন অনাৰহে ।

হিংসামুক্ত নিৰ্বাচনক আদৰণি-

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বংগৰ নিৰ্বাচনী হিংসাৰ ইতিহাসক সোঁৱৰণ কৰি এইবাৰৰ শান্তিপূৰ্ণ ভোটদানক গণতন্ত্ৰৰ জয় বুলি অভিহিত কৰে । তেওঁ কয়, “এইবাৰ সমগ্ৰ দেশে এটা নতুন খবৰ শুনিবলৈ পালে- পশ্চিম বংগত এজনো নিৰীহ নাগৰিকৰ মৃত্যু নোহোৱাকৈ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হ’ল । এয়া বন্দুকৰ শব্দ নহয়, জনসাধাৰণৰ কণ্ঠৰ জয় ।” ইয়াৰ লগতে তেওঁ সকলো ৰাজনৈতিক দলকে হিংসাৰ ৰাজনীতি চিৰদিনৰ বাবে ত্যাগ কৰিবলৈ আহ্বান জনায় ।

শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোন বাস্তৱায়িত-

দলৰ আদৰ্শপুৰুষ ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী আৱেগিক হৈ পৰে । তেওঁ কয় যে বংগৰ সন্তান মুখাৰ্জীয়ে যি সপোন দেখিছিল, আজি বংগত বিজেপিৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হোৱাৰ লগে লগে তেওঁৰ আত্মাই শান্তি পাইছে ।

বংগৰ বাবে প্ৰতিশ্ৰুতি-

প্ৰধানমন্ত্ৰীয়ে বংগবাসীক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিয়ে :

সুৰক্ষা আৰু নিয়োগ: মহিলাৰ সুৰক্ষা নিশ্চিত কৰা আৰু যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰি প্ৰব্ৰজন ৰোধ কৰা ।

স্বাস্থ্যসেৱা: চৰকাৰ গঠনৰ প্ৰথমখন কেবিনেট বৈঠকতে ‘আয়ুষ্মান ভাৰত’ যোজনাৰ অনুমোদন জনোৱা হ’ব ।

অনুপ্ৰৱেশ ৰোধ : ৰাজ্যখনত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিজেপিৰ সফলতা-

বংগৰ উপৰিও অসম, কেৰালাম, তামিলনাডু আৰু পুডুচেৰীৰ নিৰ্বাচনী ফলাফলৰ বাবে মোদীয়ে দলীয় কৰ্মীসকলক অভিনন্দন জনায় । বিশেষকৈ নতুন ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নেতৃত্বত দলৰ এই প্ৰদৰ্শনক তেওঁ প্ৰশংসা কৰে । মহাৰাষ্ট্ৰৰ উপ-নিৰ্বাচনত সুনেত্ৰা পাৱাৰৰ বিপুল জয়ৰ লগতে গুজৰাট, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ উপ-নিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থীসকলৰ জয়ে দলটোক অধিক উৎসাহিত কৰি তুলিছে ।

প্ৰধানমন্ত্ৰীৰ ভাষ্য অনুসৰি, ২০২৬ চনৰ ৪ মে’ৰ এই দিনটো বংগৰ ইতিহাসত “ভয়ৰ পৰা মুক্তি আৰু উন্নয়নৰ দিশে যাত্ৰা” হিচাপে চিহ্নিত হ’ব ।

লগতে পঢ়ক : নির্বাচনী ফলাফল : ‘ঐতিহাসিক আৰু অভূতপূৰ্ব’ জয়ত উৎসাহিত প্ৰধানমন্ত্ৰী মোদী