এই অতি নগণ্য ভোটৰ ব্যৱধানে সমগ্ৰ দেশৰে ৰাজনৈতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু প্ৰমাণ কৰিছে যে গণতন্ত্ৰত প্ৰতিটো ভোটৰ মূল্য কিমান অপৰিসীম
এটা মাত্ৰ ভোটে কিদৰে এজন ৰাজনীতিবিদৰ ভাগ্য সলনি কৰি দিব পাৰে, তাৰ এক জলন্ত উদাহৰণ দাঙি ধৰিলে তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে । ৰাজ্যখনৰ তিৰুপট্টুৰ সমষ্টিত ডিএমকে চৰকাৰৰ শক্তিশালী মন্ত্ৰী কে আৰ পেৰিয়াকৰূপ্পান মাত্ৰ এটা ভোটৰ ব্যৱধানত পৰাজিত হৈছে । সমবায় মন্ত্ৰীগৰাকীক ধৰাশায়ী কৰি ৰাজনৈতিক ইতিহাসত খোপনি পুতিলে TVK-ৰ প্ৰাৰ্থী শ্ৰীনিবাস সেতুপথি আৰ-এ ।
মাত্ৰ এটা ভোটৰ খেল :
গণনাৰ অন্তত দেখা গ’ল যে সেতুপথিয়ে মুঠ ৮৩,৩৭৫ টা ভোট লাভ কৰিছে, আনহাতে পেৰিয়াকৰূপ্পানে লাভ কৰিলে ৮৩,৩৭৪ টা ভোট । এই অতি নগণ্য ব্যৱধানে সমগ্ৰ দেশৰে ৰাজনৈতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু প্ৰমাণ কৰিছে যে গণতন্ত্ৰত প্ৰতিটো ভোটৰ মূল্য কিমান অপৰিসীম ।
তামিলনাডুত টিভিকে-ৰ একক আধিপত্য :
কেৱল তিৰুপট্টুৰতে নহয়, সমগ্ৰ ৰাজ্যখনতে এইবাৰ টিভিকে-ৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে । ২৩৪ খন আসনৰ বাবে হোৱা নিৰ্বাচনত ১০৮ খন আসন দখল কৰি বিজয় সাব্যস্ত কৰিছে টিভিকে-এ । এই ফলাফলে তামিলনাডুৰ পুৰণি ৰাজনৈতিক সমীকৰণ সম্পূৰ্ণ সলাই পেলাইছে ।
সকলো সমষ্টিৰ ফলাফল ঘোষণাৰ পাছত এতিয়া স্পষ্ট যে তামিলনাডুত এক নতুন ৰাজনৈতিক যুগৰ সূচনা হৈছে । ডিএমকে আৰু এআইএডিএমকেৰ দৰে প্ৰতিষ্ঠিত শক্তিক প্ৰত্যাহ্বান জনাই টিভিকে এতিয়া চৰকাৰ গঠনৰ বাবে সাজু হৈছে । পৰৱৰ্তী চৰকাৰ গঠনত টিভিকে-ৰ ভূমিকা হ’ব নিৰ্ণায়ক, যাৰ ফলত ৰাজ্যখনৰ উন্নয়নৰ দিশে এক নতুন গতি লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
লগতে পঢ়ক : আমি নিৰ্বাচনত পৰাজিত হোৱা নাইঃ পদত্যাগ নকৰাৰ হুংকাৰ মমতা বেনাৰ্জীয়ে









