মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপন কৰা মহাভিযোগ প্ৰস্তাৱ খাৰিজ
১৯৩ গৰাকী সাংসদে উত্থাপন কৰা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপন কৰা মহাভিযোগ প্ৰস্তাৱ খাৰিজ । অধ্যক্ষই প্ৰস্তাৱটোৰ সকলো দিশৰ বস্তুনিষ্ঠ মূল্যায়ন কৰে । ন্যায়াধীশ (তদন্ত) আইনৰ অধীনত থকা ক্ষমতাৰ প্ৰয়োগ কৰি তেওঁ এই প্ৰস্তাৱ নাকচ কৰে । ইয়াৰ লগে লগে মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল এতিয়া সুৰক্ষিত ।
যোৱা ১২ মাৰ্চত ৰাজ্যসভাত উত্থাপন কৰা এই প্ৰস্তাৱৰ ওপৰত ৰাজ্যসভাৰ অধ্যক্ষই পুংখানুপুংখভাৱে আলোচনা কৰে । সকলো প্ৰাসংগিক দিশ আৰু বিষয় বস্তুনিষ্ঠভাৱে মূল্যায়ন কৰাৰ পিছত অধ্যক্ষই ন্যায়াধীশ (তদন্ত) আইন, ১৯৬৮ৰ ৩ নং ধাৰাত নিজৰ ক্ষমতা প্ৰয়োগ কৰি ইয়াৰ প্ৰতি সন্মতি দিবলৈ অস্বীকাৰ কৰে ।
এই সিদ্ধান্তই স্পষ্ট কৰি দিয়ে যে মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল অব্যাহত থাকিব আৰু তেওঁৰ বিৰুদ্ধে মহাভিযোগ দাখিলৰ কোনো কাৰ্যবিধি চলিব নোৱাৰিব । এই পদক্ষেপক সংবিধানৰ স্বাধীনতা আৰু নির্বাচনী প্রক্রিয়াক শক্তিশালী কৰাৰ ক্ষেত্রত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৷ উল্লেখযোগ্য যে লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনতে বিৰোধীয়ে জাননী দিছিল ।
বিৰোধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণৰ প্ৰস্তাৱৰ দাবী জনায় । বিৰোধীয়ে তেওঁৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰে । তেওঁৰ বিৰুদ্ধে কাৰ্যভাৰত পক্ষপাতিত্বমূলক আৰু বৈষম্যমূলক আচৰণ, অসৎ আচৰণ, নিৰ্বাচনী প্ৰৱঞ্চনা, ভোটাধিকাৰ অস্বীকাৰ কৰাকে ধৰি সাতটা গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল ।
বিশেষকৈ বিহাৰ আৰু পশ্চিম বংগত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) ৰ সন্দৰ্ভত বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিছিল । এই প্ৰক্ৰিয়াৰ ফলত বহু ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি দাবী কৰিছিল বিৰোধীয়ে । লগতে অভিযোগ কৰিছিল যে মুখ্য নিৰ্বাচন আয়ুক্তই পক্ষপাতিত্বমূলকভাৱে কাম কৰিছিল আৰু কিছুমান ৰাজনৈতিক দলৰ পক্ষত আছিল ।
লগতে পঢ়ক : লোহাৰ বেৰিকেড ভাঙি বিধানসভাত প্ৰৱেশ অচিনাক্ত বাহনৰ, চাঞ্চল্য









