বিধানসভাৰ লোহাৰ বেৰিকেড ভাঙি প্ৰৱেশ অচিনাক্ত বাহনৰ, চাঞ্চল্য

লোহাৰ বেৰিকেড ভাঙি বিধানসভাত প্ৰৱেশ অচিনাক্ত বাহনৰ, চাঞ্চল্য

দিল্লী বিধানসভা চৌহদত এখন অচিনাক্ত বাহনে লোহাৰ বেৰিকেড ভাঙি প্ৰৱেশ কৰে দিল্লী বিধানসভাৰ চৌহদত নিৰাপত্তাত বৃহৎ ত্ৰুটিৰ এক খবৰ পোহৰলৈ আহিছে । প্ৰকাশিত খবৰ অনুসৰি দিল্লী বিধানসভা চৌহদত এখন অচিনাক্ত বাহনে লোহাৰ বেৰিকেড ভাঙি প্ৰৱেশ কৰে । এই ঘটনাই বিধানসভাৰ নিৰাপত্তা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্নৰ

দিল্লী বিধানসভা চৌহদত এখন অচিনাক্ত বাহনে লোহাৰ বেৰিকেড ভাঙি প্ৰৱেশ কৰে

দিল্লী বিধানসভাৰ চৌহদত নিৰাপত্তাত বৃহৎ ত্ৰুটিৰ এক খবৰ পোহৰলৈ আহিছে । প্ৰকাশিত খবৰ অনুসৰি দিল্লী বিধানসভা চৌহদত এখন অচিনাক্ত বাহনে লোহাৰ বেৰিকেড ভাঙি প্ৰৱেশ কৰে । এই ঘটনাই বিধানসভাৰ নিৰাপত্তা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে । ইয়াৰ পিছতেই গাড়ীখন কেনেকৈ বিধানসভাত প্ৰৱেশ কৰিলে তাৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি সন্দেহজনক লোকজনক চিনাক্ত কৰিছে ।

সোমবাৰে দুপৰীয়া ২:০৫ বজাত উত্তৰ প্ৰদেশৰ পঞ্জীয়ন প্লেট থকা এখন বগা টাটা ছিয়েৰা গাড়ীয়ে মল ৰোডৰ বন্ধ গেট ভাঙি ভিআইপি প্ৰৱেশদ্বাৰেৰে প্ৰৱেশ কৰে । অধ্যক্ষৰ কোঠাৰ বাহিৰত এটি ফুলৰ থোপা এৰি পলায়ন কৰে লোকজনে । এই ঘটনাই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু বিধানসভা চৌহদত উপস্থিত হয় দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ।

দুজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, তেওঁলোকে ২ নং গেটৰ ওচৰত থিয় হৈ থকা অৱস্থাত হঠাতে এটা ডাঙৰ শব্দ শুনে । তেওঁলোকে গেটখন ভাঙি এখন বগা টাটা ছিয়েৰা গাড়ী সোমাই যোৱা প্ৰত্যক্ষ কৰে । গাড়ীখন কিছু সময় চৌহদতে ঘূৰি ফুৰে যাৰ ফলত তাত উপস্থিত লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয় । ৰিক্সাচালক আৰু ওচৰৰ আন লোকসকলো সেই স্থানত উপস্থিত হয় ।

প্ৰত্যক্ষদৰ্শীৰ মতে, গাড়ীখনে কিছু সময়ৰ পিছতে একে দিশলৈ উভতি যায়, তাৰ পিছত গেটখন খুন্দা মাৰি বেগেৰে গুচি যায় । সমগ্ৰ ঘটনাটোত তীব্ৰ শব্দ শুনা গৈছিল, যাৰ ফলত অঞ্চলটোত আতংকৰ সৃষ্টি হয় ।

খবৰ অনুসৰি ভিআইপি গেটত চিআৰপিএফ নিয়োজিত হৈ থকাৰ পিছতো এই ঘটনা সংঘটিত হয় । ফুলৰ থোপাটোত কোনো সন্দেহজনক বস্তু পোৱা হোৱা নাই । প্ৰায় পাঁচ মিনিটৰ ভিতৰতে সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছত সন্দেহজনক গাড়ীখন বিধানসভাৰ ২ নং গেটৰ পৰা ওলাই যায় ।

ইতিমধ্যে দিল্লী আৰক্ষীয়ে টাটা ছিয়েৰা গাড়ীখন উদ্ধাৰ কৰাৰ লগতে গাড়ী চালকজনকো জিম্মাত লৈছে বুলি জানিব পৰা গৈছে । সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দি খিলঞ্জীয়াক বিপদত পেলাইছে : বৰপেটাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

শেহতীয়া প্ৰৱন্ধসমূহ