পশ্চিম বংগৰ হিংসাক লৈ কঠোৰ নিৰ্বাচন আয়োগ; মুখ্য নিৰ্বাচন আয়ুক্তৰ নিৰ্দেশনা জাৰি

পশ্চিম বংগত নিৰ্বাচনৰ পিছৰ হিংসাত্মক ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে।

পশ্চিমবংগত নিৰ্বাচনী ফলাফলৰ পাছত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে। বিজয় সমদলৰ সময়ত তৃণমূল কংগ্ৰেছ (TMC) আৰু বিজেপি কৰ্মীৰ মাজত হোৱা সংঘৰ্ষই এতিয়া প্ৰাণঘাটী ৰূপ ধাৰণ কৰিছে। মঙলবাৰে কলকাতাৰ নিউটাউনত এজন বিজেপি কৰ্মীক কোবাই কোবাই হত্যা কৰা হয়। তৃণমূল সমৰ্থকৰ বিৰুদ্ধে এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে।

বিজেপি কৰ্মী মধু মণ্ডলৰ হত্যাৰ পাছতে ক্ষুব্ধ পৰিয়ালৰ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে, যাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয়।এনে পৰিপ্ৰেক্ষিতত এতিয়া দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বিষয়াসকলক এক ডাঙৰ নিৰ্দেশ জাৰি কৰিছে।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে পশ্চিমবংগত হিংসাৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিছে। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে পশ্চিমবংগৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান (DGP), কলকাতাৰ আৰক্ষী আয়ুক্ত, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধানৰ লগতে সকলো জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক (SP) আৰু আৰক্ষী বিষয়াসকলক ধাৰাবাহিকভাৱে টহলদাৰী অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিছে।

নিৰ্বাচন আয়োগে পশ্চিমবংগৰ মুখ্য নিৰ্বাচন বিষয়া, আৰক্ষী সঞ্চালক প্ৰধান (DGP) আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীক নিৰ্দেশ দিছে যাতে তেওঁলোকে পশ্চিমবংগত নিৰ্বাচন সন্দৰ্ভত যিকোনো ধৰণৰ হিংসাৰ প্ৰতি ‘জিৰো টলাৰেন্স’ (শূণ্য সহনশীলতা) নিশ্চিত কৰে।

কলকাতাৰ ৰাজাৰহাট-নিউটাউন সমষ্টিত এজন বিজেপি কৰ্মীক হত্যা কৰাৰ বিপৰীতে কলকাতাৰ হগ মাৰ্কেটত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ইয়াত তৃণমূল কংগ্ৰেছৰ (TMC) কাৰ্যালয় বুলডজাৰেৰে ভাঙি পেলোৱা হয়। কলকাতাৰ সমীপৱৰ্তী হাওৰাৰ জগতবল্লভপুৰত টিএমচি কাৰ্যালয়ত অগ্নিসংযোগ কৰা হয়। টিএমচি নেতা কল্যাণ বেনাৰ্জীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰি বিজেপি সমৰ্থকৰ বিৰুদ্ধে এই অগ্নিসংযোগৰ অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়ক: বংগত হাইভল্টেজ ড্ৰামা : পৰাজয়ৰ পাছতো পদত্যাগ নকৰে মমতাই, কটাক্ষ শুভেন্দুৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ খাৰিজ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপন কৰা মহাভিযোগ প্ৰস্তাৱ খাৰিজ

১৯৩ গৰাকী সাংসদে উত্থাপন কৰা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপন কৰা মহাভিযোগ প্ৰস্তাৱ খাৰিজ । অধ্যক্ষই প্ৰস্তাৱটোৰ সকলো দিশৰ বস্তুনিষ্ঠ মূল্যায়ন কৰে । ন্যায়াধীশ (তদন্ত) আইনৰ অধীনত থকা ক্ষমতাৰ প্ৰয়োগ কৰি তেওঁ এই প্ৰস্তাৱ নাকচ কৰে । ইয়াৰ লগে লগে মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল এতিয়া সুৰক্ষিত ।

যোৱা ১২ মাৰ্চত ৰাজ্যসভাত উত্থাপন কৰা এই প্ৰস্তাৱৰ ওপৰত ৰাজ্যসভাৰ অধ্যক্ষই পুংখানুপুংখভাৱে আলোচনা কৰে । সকলো প্ৰাসংগিক দিশ আৰু বিষয় বস্তুনিষ্ঠভাৱে মূল্যায়ন কৰাৰ পিছত অধ্যক্ষই ন্যায়াধীশ (তদন্ত) আইন, ১৯৬৮ৰ ৩ নং ধাৰাত নিজৰ ক্ষমতা প্ৰয়োগ কৰি ইয়াৰ প্ৰতি সন্মতি দিবলৈ অস্বীকাৰ কৰে ।

এই সিদ্ধান্তই স্পষ্ট কৰি দিয়ে যে মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল অব্যাহত থাকিব আৰু তেওঁৰ বিৰুদ্ধে মহাভিযোগ দাখিলৰ কোনো কাৰ্যবিধি চলিব নোৱাৰিব । এই পদক্ষেপক সংবিধানৰ স্বাধীনতা আৰু নির্বাচনী প্রক্রিয়াক শক্তিশালী কৰাৰ ক্ষেত্রত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৷ উল্লেখযোগ্য যে লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনতে বিৰোধীয়ে জাননী দিছিল ।

বিৰোধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণৰ প্ৰস্তাৱৰ দাবী জনায় । বিৰোধীয়ে তেওঁৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰে । তেওঁৰ বিৰুদ্ধে কাৰ্যভাৰত পক্ষপাতিত্বমূলক আৰু বৈষম্যমূলক আচৰণ, অসৎ আচৰণ, নিৰ্বাচনী প্ৰৱঞ্চনা, ভোটাধিকাৰ অস্বীকাৰ কৰাকে ধৰি সাতটা গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল ।

বিশেষকৈ বিহাৰ আৰু পশ্চিম বংগত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) ৰ সন্দৰ্ভত বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিছিল । এই প্ৰক্ৰিয়াৰ ফলত বহু ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি দাবী কৰিছিল বিৰোধীয়ে । লগতে অভিযোগ কৰিছিল যে মুখ্য নিৰ্বাচন আয়ুক্তই পক্ষপাতিত্বমূলকভাৱে কাম কৰিছিল আৰু কিছুমান ৰাজনৈতিক দলৰ পক্ষত আছিল ।

লগতে পঢ়ক : লোহাৰ বেৰিকেড ভাঙি বিধানসভাত প্ৰৱেশ অচিনাক্ত বাহনৰ, চাঞ্চল্য

নিৰ্বাচনৰ পূৰ্বে কেইবাখনো জিলাৰ SSPক বদলিৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় নিৰ্বাচন আয়োগে ১৬ মাৰ্চত অসমৰ কেইবাজনো IPS বিষয়াৰ বদলিৰ নিৰ্দেশ দিছে

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ভাৰতীয় নিৰ্বাচন আয়োগে ১৬ মাৰ্চত অসমৰ কেইবাজনো আই পি এচ (IPS) বিষয়াৰ বদলিৰ নিৰ্দেশ দিছে । নতুন দিল্লীৰ নিৰ্বাচন সদনৰ পৰা জাৰি কৰা এক নিৰ্দেশনাত আয়োগে অসম চৰকাৰক নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰশাসনিক নিৰপেক্ষতা সুদৃঢ় কৰিবলৈ এই নিযুক্তিৰ নিৰ্দেশসমূহ তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে ।

এই নিৰ্দেশ অনুসৰি :

সোমালিন শুভদৰ্শিনী : মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP) হিচাপে বদলি কৰা হৈছে ।

আৰ শীতল কুমাৰ : দক্ষিণ শালমাৰাৰ SSP ৰূপে বদলিৰ নিৰ্দেশ

আঁচল চৌহান : শদিয়াৰ SSP হিচাপে বদলি

সুধাকৰ সিং : চিৰাঙৰ SSP হিচাপে বদলি কৰা হৈছে

মোহন লাল মীনা : ধেমাজিৰ SSP হিচাপে বদলি কৰা হৈছে

নিৰ্বাচন আয়োগে ৰাজ্য চৰকাৰক এই বদলিকৰণৰ নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ আৰু ১৭ মাৰ্চৰ পুৱা ১১ বজাৰ ভিতৰত বিষয়াসকলে নিজ নিজ কাৰ্যকালত যোগদান কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

নিৰ্দেশটোত আৰু উল্লেখ কৰা হৈছে যে, বদলি হোৱা বিষয়াসকলক নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে নিৰ্বাচন সম্পৰ্কীয় কোনো পদত নিযুক্তি দিব নোৱাৰিব । এই নিৰ্দেশনাৰ এক কপি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াকো প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : ‘২০৩০ চনৰ ভিতৰত কংগ্ৰেছত হিন্দু শূণ্য হৈ পৰিব’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

মিছলীয়া নিৰ্বাচন আয়োগ! চিইচি জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰি মমতা বেনাৰ্জীৰ বিস্ফোৰণ

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে SIRক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । তেওঁ আয়োগক অহংকাৰী আৰু মিছলীয়া আখ্যা দিয়ে ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে SIR বিষয়ক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয়, “ইমান অহংকাৰী আৰু মিছলীয়া নিৰ্বাচন আয়োগ আমি কেতিয়াও দেখা নাই ।” মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰাৰ পিছত মমতা বেনাৰ্জীয়ে উল্লেখ কৰে যে বিজেপিৰ নিৰ্দেশত বংগত ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম আঁতৰোৱা হৈছে । এই সময়ত বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লা কাপোৰ পৰিধান কৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ মমতা বেনাৰ্জীৰ-

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দলীয় প্ৰতিনিধিৰ সৈতে SIR বিষয় সন্দৰ্ভত চি ই চি জ্ঞানেশ কুমাৰৰ সৈতে বৈঠকত মিলিত হয় । বেনাৰ্জীয়ে উল্লেখ কৰে যে বংগৰ জনসাধাৰণে নিৰ্বাচন আয়োগৰ ওচৰলৈ আহি নিজৰ উদ্বেগ প্ৰকাশ কৰিছে, কিন্তু তেওঁলোকক ভাবুকি দিয়া হৈছে । বংগ ভৱন কমপ্লেক্সৰ বাহিৰত আৰক্ষীৰ মোতায়েনক লৈও প্ৰশ্ন উত্থাপন কৰে তেওঁ । অৱশ্যে মমতাই লগতে কয় যে তেওঁ আৰক্ষীক নহয়, শীৰ্ষত থকাসকলকহে এই ক্ষেত্ৰত দোষ দিছে ।

ইমান মিছলীয়া নিৰ্বাচন আয়োগ কেতিয়াও দেখা নাই : মমতা বেনাৰ্জী

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, “মই গভীৰ দুখ প্ৰকাশ কৰিছো । মই দিল্লীৰ ৰাজনীতিত বহু দিনৰ পৰা জড়িত হৈ আছো । মই চাৰিবাৰ মন্ত্ৰী আৰু সাতবাৰ সংসদৰ সদস্য হৈছো । ইমান অহংকাৰী আৰু ইমান মিছলীয়া নিৰ্বাচন আয়ুক্ত মই কেতিয়াও দেখা নাই ।”

বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মই তেওঁক (মুখ্য নিৰ্বাচন আয়ুক্তক) কৈছিলো যে মই আপোনাৰ পদক সন্মান কৰো কাৰণ কোনো পদ স্থায়ী নহয় । এদিন আপুনি এদিন এই আসন এৰিবই লাগিব । বংগক কিয় টাৰ্গেট কৰা হৈছে ?  নিৰ্বাচন গণতন্ত্ৰত এক উৎসৱ, কিন্তু আপুনি ৫৮ লাখ লোকৰ নাম আঁতৰাই দিলে লগতে তেওঁলোকক নিজকে ৰক্ষা কৰাৰ সুযোগো নিদিলে ।”

৫৮ লাখ লোকৰ নাম আঁতৰোৱা হ’লঃ মুখ্যমন্ত্ৰী মমতা

বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “যদি SIR চলাবই লাগিছিল, তেন্তে নিৰ্বাচনমুখী ৰাজ্য বাদ দি সঠিক পৰিকল্পনাৰে কৰিব লাগিছিল, কিন্তু আপুনি এনে নকৰিলে । অসমত বিজেপি চৰকাৰ আছে । অসমত SIR কৰা হোৱা নাই, কিন্তু পশ্চিম বংগ আৰু তামিলনাডুত কৰিছে । আমাৰ সৈতে আপোনালোকে কি কৰিলে ?  ৫৮ লাখ মানুহৰ নাম আঁতৰাই দিলে । ইয়াত বহুত খেলিমেলি হৈছে ।”

লগতে পঢ়ক : ৰাজ্যত পুনৰ হ’ব বিজেপি চৰকাৰ; পুনৰ মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা ! সমীক্ষাত প্ৰকাশ পালে ডাঙৰ তথ্য…

ক্ৰিকেটাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ জাননী… ভাতৃৰ সৈতে শুনানিৰ বাবে চমন

ক্ৰিকেটাৰ মহম্মদ ছামীয়ে লাভ কৰিলে নিৰ্বাচন আয়োগৰ জাননী । ভাতৃ সহিতে শুনানিৰ বাবে চমন জাৰি আয়োগৰ ।

ভাৰতীয় ক্ৰিকেট দলৰ ফাষ্ট বলাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ জাননী । যোৱা ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা SIR প্ৰক্ৰিয়াৰ অধীনত শুনানিৰ বাবে নিৰ্বাচন আয়োগে ফাষ্ট বলাৰ মহম্মদ ছামী আৰু তেওঁৰ ভাতৃ মহম্মদ কাইফক চমন কৰিছে । সোমবাৰে দক্ষিণ কলকাতাৰ যাদৱপুৰ অঞ্চলৰ কৰ্তাজু নগৰ স্কুলৰ পৰা জাননী জাৰি কৰি দুয়োকে সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া (AERO)ৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে । অৱশ্যে জাননীত উল্লেখ কৰা তাৰিখত মহম্মদ ছামী হাজিৰ হোৱাত ব্যৰ্থ হয় । বৰ্তমান তেওঁ বিজয় হাজাৰে ট্ৰফীত বংগ দলক প্ৰতিনিধিত্ব কৰি ৰাজকোটত আছে ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি মহম্মদ ছামী ৰাসবিহাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত কলকাতা পৌৰ নিগমৰ ৯৩ নং ৱাৰ্ডত ভোটাৰ হিচাপে পঞ্জীয়নভুক্ত । যদিও তেওঁৰ জন্ম উত্তৰ প্ৰদেশৰ আমৰোহাত, বহু বছৰ ধৰি তেওঁ কলকাতাৰ স্থায়ী বাসিন্দা ।

উল্লেখ্য যে, বৰ্তমান বংগৰ হৈ ঘৰুৱা ক্ৰিকেট খেলি আছে ছামীয়ে । দীৰ্ঘদিন ধৰি ভাৰতীয় জাতীয় দলৰ পৰা আঁতৰি থকা ছামী পুনৰ এবাৰ নিৰ্বাচকসকলে উপেক্ষা কৰিছে । শেহতীয়াকৈ নিউজীলেণ্ড ভ্ৰমণৰ বাবে তেওঁক এদিনীয়া দলৰ পৰা বাদ দিয়া হৈছিল । শেষবাৰৰ বাবে ভাৰতৰ হৈ চেম্পিয়নছ ট্ৰফী ২০২৫ত খেলিছিল মহম্মদ ছামীয়ে । এই প্ৰতিযোগিতাৰ পিছৰে পৰাই তেওঁ দলৰ পৰা আঁতৰি আছে ।

ৰাষ্ট্ৰীয় দলৰ পৰা বাদ পৰাৰ পিছৰে পৰা ছামীয়ে কঠোৰ পৰিশ্ৰম কৰি ঘৰুৱা ক্ৰিকেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে । এই ছিজনত ৰঞ্জি ট্ৰফী, চৈয়দ মুস্তাক আলী ট্ৰফী, বিজয় হাজাৰে ট্ৰফীত ২০০ অভাৰতকৈ অধিক বলিং কৰি মুঠ ৪৭টা উইকেট দখল কৰিছে এই বেগী বলাৰগৰাকীয়ে । ৭ ইনিংছত ১৫টা উইকেট দখল কৰি বিজয় হাজাৰে ট্ৰফীত বংগৰ হৈ অগ্ৰণী উইকেট দখল কৰিছে ছামীয়ে । বিজয় হাজাৰে ট্ৰফীৰ পাছত ৰঞ্জি ট্ৰফীৰ বাকী থকা মেচসমূহ খেলিব ছামীয়ে, তাৰ পিছতে আই পি এল খেলিব, য’ত তেওঁ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্ৰতিনিধিত্ব কৰিব ।

লগতে পঢ়ক : দুমাহৰ পিছত দললৈ প্ৰত্যাৱৰ্তন শ্ৰেয়াছ আয়াৰৰ… কিন্তু খেলপথাৰত নামিবলৈ পূৰণ কৰিব লাগিব এই চৰ্ত

আজি নিৰ্বাচন আয়োগৰ ডাঙৰ বৈঠক, ১২ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা

এছ আই আৰক লৈ আজি নিৰ্বাচন আয়োগৰ বৈঠক । এই বৈঠকত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা আছে ।

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়া সন্দৰ্ভত আজি নিৰ্বাচন আয়োগৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । উত্তৰ প্ৰদেশ, পশ্চিম বংগকে ধৰি কেইবাখনো ৰাজ্যত ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ সময়সীমা পিছ পৰি থকা বুলি জানিব পৰা গৈছে । ফলস্বৰূপে আয়োগে এই ৰাজ্যসমূহৰ বাবে সময়সীমা বৃদ্ধি কৰাৰ কথা চিন্তা কৰিব পাৰে । আয়োগে বিশ্বাস কৰে যে অধিক সঠিক ভোটাৰ তালিকা নিশ্চিত কৰাটো অগ্ৰাধিকাৰ, গতিকে অতিৰিক্ত সময়ৰ প্ৰয়োজন হ’ব পাৰে ।

এছ আই আৰৰ প্ৰধান উদ্দেশ্য হৈছে ভোটাৰ তালিকা পৰিষ্কাৰ আৰু আপডেট কৰা, য’ত ভুৱা নাম আঁতৰোৱা, মৃত বা বদলি হোৱা ভোটাৰৰ নাম আঁতৰোৱা, নতুন যোগ্য ভোটাৰ (১৮ বছৰৰ ওপৰৰ) যোগ কৰা আদিও অন্তৰ্ভুক্ত আছে । প্ৰৱঞ্চনামূলক ভোটদানৰ সম্ভাৱনা হ্ৰাস কৰাৰ বাবেও সমগ্ৰ দেশতে এই প্ৰক্ৰিয়া ৰূপায়ণ কৰা হৈছে । বৰ্তমান SIRৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি আছে । প্ৰথম পৰ্যায়ৰ আৰম্ভণি হৈছিল বিহাৰত । দ্বিতীয় পৰ্যায়ত ৰাজ্যজুৰি বুথ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা ঘৰে ঘৰে পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে । বহুতো বি এল অ’ শিক্ষক বা চৰকাৰী কৰ্মচাৰী, যাৰ বাবে তেওঁলোকৰ বাবে সীমিত সময়সীমাৰ ভিতৰত সমগ্ৰ অঞ্চলটো সম্পূৰ্ণ কৰাটো প্ৰত্যাহ্বানজনক ।

উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনোৱাই কয় যে ৰাজ্যখনে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) সম্পূৰ্ণ কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগক আৰু দুসপ্তাহৰ বাবে অনুৰোধ জনাইছে । এক প্ৰেছ বিবৃতিত নৱদ্বীপ ৰিনোৱাই কয় যে জিলা নিৰ্বাচনী বিষয়াসকলে মৃত ভোটাৰ, অন্য ঠাইলৈ স্থানান্তৰিত হোৱা ভোটাৰ আৰু নিৰুদ্দেশ হোৱা ভোটাৰৰ প্ৰৱেশ পুনৰ পৰীক্ষা কৰিব পৰাকৈ এই সময়সীমা বৃদ্ধিৰ বাবে বিচৰা হৈছে । তেওঁৰ মতে, এই পৰ্যন্ত ৯৯.২৪ শতাংশ লোকপিয়ল প্ৰ-পত্ৰ ডিজিটেলাইজ কৰা হৈছে । যোৱা ৪ নৱেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি চলি আছে এছ আই আৰ অনুশীলন ।

নিৰ্বাচন আয়োগে পশ্চিম বংগত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়সীমা সংশোধন কৰি পূৰ্বতে নিৰ্ধাৰিত ১৪ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখৰ পৰা চূড়ান্ত প্ৰকাশৰ তাৰিখ সলনি কৰে । বুধবাৰে জাৰি কৰা এক আনুষ্ঠানিক আদেশত নিৰ্বাচন আয়োগে ব্যাপক লোকপিয়লৰ কাম আৰু ভোটকেন্দ্ৰসমূহৰ সঠিক পৰীক্ষণ আৰু যুক্তিসংগতকৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে এই সময়সীমা বৃদ্ধিৰ অনুমতি প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক্সন মোডত চৰকাৰ, আৰম্ভ হ’ল অভিযান

নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা… কাইলৈৰ পৰাই এই কেইখন ৰাজ্যত আৰম্ভ হ’ব SIR

নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা

আজি সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে দেশজোৰা SIR ঘোষণা কৰে । সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে দেশৰ ১২খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (Special Intensive Revision)ৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰা হৈছে । এই পৰ্যায়ত ভোটাৰ তালিকা উন্নীতকৰণ, নতুন ভোটাৰ সংযোজন, ভুল শুধৰণি আদি অন্তৰ্ভুক্ত কৰা হ’ব ।

এই ১২খন ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ SIR-

দ্বিতীয় পৰ্যায়ত নিৰ্বাচন আয়োগে ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰ চলাই আছে । এই ১২খন ৰাজ্যৰ ভিতৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গোৱা, পুডুচেৰী, ছত্তীশগড়, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, তামিলনাডু আৰু লক্ষাদ্বীপ ।

মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে এই সময়ছোৱাত বুথ পৰ্যায়ৰ বিষয়াসকলে কমেও তিনিবাৰকৈ প্ৰতিজন ভোটাৰৰ ঘৰত উপস্থিত হৈ তালিকাত নতুন ভোটাৰ সংযোজন কৰাৰ লগতে যিকোনো ভুল শুধৰণি কৰিব । জ্ঞানেশ কুমাৰে কয়, ‘বি এল অ’সকলে ঘৰে ঘৰে গৈ প্ৰ-পত্ৰ-৬ আৰু ঘোষণা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব, নতুন ভোটাৰক প্ৰ-পত্ৰ পূৰণ কৰাত সহায় কৰিব আৰু ই আৰ অ’ বা এ ই আৰ অ’ক প্ৰেৰণ কৰিব ।’

জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে মঙলবাৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হ’ব । লগতে আগন্তুক দুদিনৰ ভিতৰত ৰাজনৈতিক দলসমূহক সাক্ষাৎ কৰি এছ আই আৰ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰিবলৈ সকলো মুখ্য নিৰ্বাচনী বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়াক নিৰ্দেশ দিয়ে ।

তেওঁ ব্যাখ্যা কৰে যে আয়োগে নিৰ্দেশ দিছে যে ভোটাৰসকলে—বিশেষকৈ বৃদ্ধ, ৰোগী, বিশেষভাৱে সক্ষম, দৰিদ্ৰ আৰু দুৰ্বলসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু তেওঁলোকক সৰ্বাধিক সাহায্য প্ৰদান কৰিব পাৰে, তাৰ বাবে মানুহক নিয়োগ কৰা হওক । জ্ঞানেশ কুমাৰে স্পষ্ট কৰি দিয়ে যে কোনো ভোট কেন্দ্ৰত ১২০০ তকৈ অধিক ভোটাৰ নাথাকিব ।

লগতে মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে যি ৰাজ্যত এই পৰ্যায়ত SIR অনুষ্ঠিত হ’ব, সেই ৰাজ্যসমূহত আজি নিশা ভোটাৰ তালিকা ফ্ৰিজ কৰা হ’ব ।

লগতে পঢ়ক : কোন হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ? আইন মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ গাভাইৰ

ভোটাৰ তালিকা সংশোধনৰ বাবে SIR চূড়ান্ত কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

SIR চূড়ান্ত কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াক SIRৰ অধীনত ভোটাৰ তালিকা চূড়ান্ত কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে । আয়োগে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ নিৰ্ভৰযোগ্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে ।

নতুন দিল্লীত অনুষ্ঠিত হোৱা নিৰ্বাচনী বিষয়াৰ দুদিনীয়া সন্মিলনত নিৰ্বাচন আয়োগে SIRৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । আয়োগে পূৰ্বতে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বৰ্তমানৰ ভোটাৰসকলক চূড়ান্ত SIRৰ সৈতে একত্ৰিত কৰাৰ অগ্ৰগতিৰ মূল্যায়ন কৰে । আয়োগে নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

সন্মিলনত নিৰ্বাচন আয়োগে অসম, তামিলনাডু, পুডুচেৰী, কেৰালা, পশ্চিম বংগকে ধৰি নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াসকলৰ সৈতে এজন এজনকৈ মত বিনিময় কৰে । জ্যেষ্ঠ বিষয়াসকলে এছ আই আৰ প্ৰক্ৰিয়াৰ ওপৰত উপস্থাপন আগবঢ়ায় আৰু নিৰ্বাচনী বিষয়াসকলে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়ে ।

এই সন্মিলনখন আছিল ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা এছ আই আৰ প্ৰস্তুতিমূলক সন্মিলনৰ অনুসৰণ । সেই সন্মিলনৰ সময়ত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে চূড়ান্ত এছ আই আৰত ভোটাৰৰ সংখ্যা, চূড়ান্ত এছ আই আৰৰ যোগ্যতা অৰ্জনৰ তাৰিখ, নিৰ্বাচনী তালিকাৰ অৱস্থাৰ বিষয়ে বিতং তথ্য প্ৰদান কৰিছিল ।

বিহাৰৰ সদ্য সমাপ্ত এছ আই আৰত মুঠ ভোটাৰৰ সংখ্যা আছিল ৭ কোটি ৪২ লাখ । ইয়াৰ ভিতৰত আছিল খচৰা তালিকাৰ পৰা আঁতৰোৱা ৬৫ লাখ ভোটাৰ আৰু চূড়ান্ত তালিকাৰ পৰা আঁতৰোৱা ৩ কোটি ৬৬ লাখ অযোগ্য ভোটাৰ । ইয়াৰ উপৰিও ৬ নং প্ৰপত্ৰৰ জৰিয়তে ২ কোটি ১৫৩ লাখ যোগ্য ভোটাৰ সংযোজন কৰা হয় ।

নিৰ্বাচন আয়োগে উল্লেখ কৰে যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনী বিষয়াসকলে এছ আই আৰৰ ৰক্ষণাবেক্ষণ নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব । ইয়াৰ দ্বাৰা অধিক সঠিক আৰু নিৰ্ভৰযোগ্য ভোটাৰ তালিকা নিশ্চিত হ’ব । ভোটাৰ তালিকাত কোনো ধৰণৰ অমিল ৰোধ কৰিবলৈ সকলো স্তৰতে সতৰ্কতা অতি প্ৰয়োজনীয় বুলিও আয়োগে স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক : অঘটনৰ পৰা ৰক্ষাঃ হেলিপেডত সোমাই ধৰিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ হেলিকপ্টাৰৰ চকা

২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বাংলাদেশত… নিৰ্বাচন আয়োগৰ ঘোষণা

২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বাংলাদেশত

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত বাংলাদেশে প্ৰথমবাৰৰ বাবে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে । বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম  নাছিৰ উদ্দিনে শনিবাৰে ঘোষণা কৰে যে দেশখনত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । তেওঁ স্বীকাৰ কৰে যে ভোটদান প্ৰক্ৰিয়াক মুক্ত, ন্যায্য আৰু স্বচ্ছ কৰি তোলাটো এতিয়াও নিৰ্বাচন আয়োগৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । অৱশ্যে নিৰ্বাচনৰ সঠিক তাৰিখ আৰু সময়সূচী ঘোষণা কৰা নাই । আনুষ্ঠানিক ঘোষণাৰ দুমাহ পূৰ্বে মুকলি কৰা হ’ব বুলিও তেওঁ কয় ।

চৰকাৰী সংবাদ সংস্থা বাংলাদেশ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি উত্তৰ-পশ্চিম ৰংপুৰ জিলাত এক কাৰ্যসূচীৰ সময়ত উদ্দিনে কয় যে নিৰ্বাচনী ব্যৱস্থা, দেশৰ নিৰ্বাচন আয়োগ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰশাসনিক যন্ত্ৰৰ প্ৰতি দেশৰ জনসাধাৰণৰ বিশ্বাস সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে । এই হেৰুৱা আস্থা পুনৰ ঘূৰাই অনাৰ বাবে নিৰ্বাচন আয়োগে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ঘোষণা কৰাৰ কিছুদিন পিছতে নিৰ্বাচন আয়ুক্তৰ এই বক্তব্য প্ৰকাশ পাইছে, য’ত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীয়ে অহা বছৰৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা কৈছিল । মহম্মদ ইউনুছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামি লীগ চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণৰ প্ৰথম বৰ্ষপূৰ্তিৰ দিনাই এই ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ-আলোচনা কৰিব ট্ৰাম্পে; ১৫ আগষ্টত হ’ব বৈঠক