২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ'ব বাংলাদেশত

২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বাংলাদেশত… নিৰ্বাচন আয়োগৰ ঘোষণা

২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বাংলাদেশত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত বাংলাদেশে প্ৰথমবাৰৰ বাবে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে । বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে শনিবাৰে ঘোষণা কৰে যে দেশখনত ২০২৬ চনৰ

২০২৬ৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বাংলাদেশত

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত বাংলাদেশে প্ৰথমবাৰৰ বাবে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে । বাংলাদেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম  নাছিৰ উদ্দিনে শনিবাৰে ঘোষণা কৰে যে দেশখনত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । তেওঁ স্বীকাৰ কৰে যে ভোটদান প্ৰক্ৰিয়াক মুক্ত, ন্যায্য আৰু স্বচ্ছ কৰি তোলাটো এতিয়াও নিৰ্বাচন আয়োগৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান । অৱশ্যে নিৰ্বাচনৰ সঠিক তাৰিখ আৰু সময়সূচী ঘোষণা কৰা নাই । আনুষ্ঠানিক ঘোষণাৰ দুমাহ পূৰ্বে মুকলি কৰা হ’ব বুলিও তেওঁ কয় ।

চৰকাৰী সংবাদ সংস্থা বাংলাদেশ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি উত্তৰ-পশ্চিম ৰংপুৰ জিলাত এক কাৰ্যসূচীৰ সময়ত উদ্দিনে কয় যে নিৰ্বাচনী ব্যৱস্থা, দেশৰ নিৰ্বাচন আয়োগ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰশাসনিক যন্ত্ৰৰ প্ৰতি দেশৰ জনসাধাৰণৰ বিশ্বাস সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে । এই হেৰুৱা আস্থা পুনৰ ঘূৰাই অনাৰ বাবে নিৰ্বাচন আয়োগে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ঘোষণা কৰাৰ কিছুদিন পিছতে নিৰ্বাচন আয়ুক্তৰ এই বক্তব্য প্ৰকাশ পাইছে, য’ত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীয়ে অহা বছৰৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা কৈছিল । মহম্মদ ইউনুছে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামি লীগ চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণৰ প্ৰথম বৰ্ষপূৰ্তিৰ দিনাই এই ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ-আলোচনা কৰিব ট্ৰাম্পে; ১৫ আগষ্টত হ’ব বৈঠক