ক্ৰিকেটাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ জাননী… ভাতৃৰ সৈতে শুনানিৰ বাবে চমন

ক্ৰিকেটাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ জাননী… ভাতৃৰ সৈতে শুনানিৰ বাবে চমন

ক্ৰিকেটাৰ মহম্মদ ছামীয়ে লাভ কৰিলে নিৰ্বাচন আয়োগৰ জাননী । ভাতৃ সহিতে শুনানিৰ বাবে চমন জাৰি আয়োগৰ । ভাৰতীয় ক্ৰিকেট দলৰ ফাষ্ট বলাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ জাননী । যোৱা ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা SIR প্ৰক্ৰিয়াৰ অধীনত শুনানিৰ বাবে নিৰ্বাচন আয়োগে ফাষ্ট বলাৰ মহম্মদ ছামী

ক্ৰিকেটাৰ মহম্মদ ছামীয়ে লাভ কৰিলে নিৰ্বাচন আয়োগৰ জাননী । ভাতৃ সহিতে শুনানিৰ বাবে চমন জাৰি আয়োগৰ ।

ভাৰতীয় ক্ৰিকেট দলৰ ফাষ্ট বলাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ জাননী । যোৱা ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা SIR প্ৰক্ৰিয়াৰ অধীনত শুনানিৰ বাবে নিৰ্বাচন আয়োগে ফাষ্ট বলাৰ মহম্মদ ছামী আৰু তেওঁৰ ভাতৃ মহম্মদ কাইফক চমন কৰিছে । সোমবাৰে দক্ষিণ কলকাতাৰ যাদৱপুৰ অঞ্চলৰ কৰ্তাজু নগৰ স্কুলৰ পৰা জাননী জাৰি কৰি দুয়োকে সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া (AERO)ৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে । অৱশ্যে জাননীত উল্লেখ কৰা তাৰিখত মহম্মদ ছামী হাজিৰ হোৱাত ব্যৰ্থ হয় । বৰ্তমান তেওঁ বিজয় হাজাৰে ট্ৰফীত বংগ দলক প্ৰতিনিধিত্ব কৰি ৰাজকোটত আছে ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি মহম্মদ ছামী ৰাসবিহাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত কলকাতা পৌৰ নিগমৰ ৯৩ নং ৱাৰ্ডত ভোটাৰ হিচাপে পঞ্জীয়নভুক্ত । যদিও তেওঁৰ জন্ম উত্তৰ প্ৰদেশৰ আমৰোহাত, বহু বছৰ ধৰি তেওঁ কলকাতাৰ স্থায়ী বাসিন্দা ।

উল্লেখ্য যে, বৰ্তমান বংগৰ হৈ ঘৰুৱা ক্ৰিকেট খেলি আছে ছামীয়ে । দীৰ্ঘদিন ধৰি ভাৰতীয় জাতীয় দলৰ পৰা আঁতৰি থকা ছামী পুনৰ এবাৰ নিৰ্বাচকসকলে উপেক্ষা কৰিছে । শেহতীয়াকৈ নিউজীলেণ্ড ভ্ৰমণৰ বাবে তেওঁক এদিনীয়া দলৰ পৰা বাদ দিয়া হৈছিল । শেষবাৰৰ বাবে ভাৰতৰ হৈ চেম্পিয়নছ ট্ৰফী ২০২৫ত খেলিছিল মহম্মদ ছামীয়ে । এই প্ৰতিযোগিতাৰ পিছৰে পৰাই তেওঁ দলৰ পৰা আঁতৰি আছে ।

ৰাষ্ট্ৰীয় দলৰ পৰা বাদ পৰাৰ পিছৰে পৰা ছামীয়ে কঠোৰ পৰিশ্ৰম কৰি ঘৰুৱা ক্ৰিকেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে । এই ছিজনত ৰঞ্জি ট্ৰফী, চৈয়দ মুস্তাক আলী ট্ৰফী, বিজয় হাজাৰে ট্ৰফীত ২০০ অভাৰতকৈ অধিক বলিং কৰি মুঠ ৪৭টা উইকেট দখল কৰিছে এই বেগী বলাৰগৰাকীয়ে । ৭ ইনিংছত ১৫টা উইকেট দখল কৰি বিজয় হাজাৰে ট্ৰফীত বংগৰ হৈ অগ্ৰণী উইকেট দখল কৰিছে ছামীয়ে । বিজয় হাজাৰে ট্ৰফীৰ পাছত ৰঞ্জি ট্ৰফীৰ বাকী থকা মেচসমূহ খেলিব ছামীয়ে, তাৰ পিছতে আই পি এল খেলিব, য’ত তেওঁ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্ৰতিনিধিত্ব কৰিব ।

লগতে পঢ়ক : দুমাহৰ পিছত দললৈ প্ৰত্যাৱৰ্তন শ্ৰেয়াছ আয়াৰৰ… কিন্তু খেলপথাৰত নামিবলৈ পূৰণ কৰিব লাগিব এই চৰ্ত