নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা… কাইলৈৰ পৰাই এই কেইখন ৰাজ্যত আৰম্ভ হ’ব SIR

নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা আজি সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে দেশজোৰা SIR ঘোষণা কৰে । সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে দেশৰ ১২খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (Special Intensive Revision)ৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰা হৈছে । এই পৰ্যায়ত ভোটাৰ

নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা

আজি সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে দেশজোৰা SIR ঘোষণা কৰে । সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে দেশৰ ১২খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (Special Intensive Revision)ৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰা হৈছে । এই পৰ্যায়ত ভোটাৰ তালিকা উন্নীতকৰণ, নতুন ভোটাৰ সংযোজন, ভুল শুধৰণি আদি অন্তৰ্ভুক্ত কৰা হ’ব ।

এই ১২খন ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ SIR-

দ্বিতীয় পৰ্যায়ত নিৰ্বাচন আয়োগে ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰ চলাই আছে । এই ১২খন ৰাজ্যৰ ভিতৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গোৱা, পুডুচেৰী, ছত্তীশগড়, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, তামিলনাডু আৰু লক্ষাদ্বীপ ।

মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে এই সময়ছোৱাত বুথ পৰ্যায়ৰ বিষয়াসকলে কমেও তিনিবাৰকৈ প্ৰতিজন ভোটাৰৰ ঘৰত উপস্থিত হৈ তালিকাত নতুন ভোটাৰ সংযোজন কৰাৰ লগতে যিকোনো ভুল শুধৰণি কৰিব । জ্ঞানেশ কুমাৰে কয়, ‘বি এল অ’সকলে ঘৰে ঘৰে গৈ প্ৰ-পত্ৰ-৬ আৰু ঘোষণা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব, নতুন ভোটাৰক প্ৰ-পত্ৰ পূৰণ কৰাত সহায় কৰিব আৰু ই আৰ অ’ বা এ ই আৰ অ’ক প্ৰেৰণ কৰিব ।’

জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে মঙলবাৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হ’ব । লগতে আগন্তুক দুদিনৰ ভিতৰত ৰাজনৈতিক দলসমূহক সাক্ষাৎ কৰি এছ আই আৰ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰিবলৈ সকলো মুখ্য নিৰ্বাচনী বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়াক নিৰ্দেশ দিয়ে ।

তেওঁ ব্যাখ্যা কৰে যে আয়োগে নিৰ্দেশ দিছে যে ভোটাৰসকলে—বিশেষকৈ বৃদ্ধ, ৰোগী, বিশেষভাৱে সক্ষম, দৰিদ্ৰ আৰু দুৰ্বলসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু তেওঁলোকক সৰ্বাধিক সাহায্য প্ৰদান কৰিব পাৰে, তাৰ বাবে মানুহক নিয়োগ কৰা হওক । জ্ঞানেশ কুমাৰে স্পষ্ট কৰি দিয়ে যে কোনো ভোট কেন্দ্ৰত ১২০০ তকৈ অধিক ভোটাৰ নাথাকিব ।

লগতে মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে যি ৰাজ্যত এই পৰ্যায়ত SIR অনুষ্ঠিত হ’ব, সেই ৰাজ্যসমূহত আজি নিশা ভোটাৰ তালিকা ফ্ৰিজ কৰা হ’ব ।

লগতে পঢ়ক : কোন হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ? আইন মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ গাভাইৰ