চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ নিৰ্বাচন আয়োগৰ, ৫৮ লাখৰো অধিক নাম কৰ্তন

বিশেষ সংশোধন প্ৰক্ৰিয়াৰ অন্তত নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে । SIRৰ পূৰ্বে মুঠ ভোটাৰৰ সংখ্যা আছিল ৭,৬৬,৩৭,৫২৯, যি এতিয়া হ্ৰাস পাই ৭,০৪,৫৯,২৮৪ হৈছে ।

পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াৰ অন্তত ভাৰতীয় নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে । আয়োগৰ মতে, ২০২৫ চনৰ ডিচেম্বৰত খচৰা তালিকা প্ৰকাশ হোৱাৰ পিছত ‘ফৰ্ম ৭’ ব্যৱহাৰৰ জৰিয়তে ৫,৪৬,০৫৩ জন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে ।

SIRৰ পূৰ্বে পশ্চিমবংগত মুঠ ভোটাৰৰ সংখ্যা আছিল ৭,৬৬,৩৭,৫২৯, যি এতিয়া হ্ৰাস পাই ৭,০৪,৫৯,২৮৪ হৈছে । অৰ্থাৎ, এই তালিকাৰ পৰা ৬১ লাখৰো অধিক নামৰ সালসলনি ঘটিছে ।

পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, মুঠ ৫৮,২০,৮৯৯ টা ইনুমাৰেশ্যন ফৰ্ম (Enumeration Forms) প্ৰাপ্ত হোৱা নাছিল । নিৰ্বাচনী সংস্থাই ২৪,১৬,৮৫২ জন ভোটাৰক মৃত, ১২,২০,০৩৯ জন অনুপস্থিত, ১৯,৮৮,০৭৬ জন স্থানান্তৰিত হোৱা, ১,৩৮,৩২৮ জন ইতিমধ্যে তালিকাভুক্ত হোৱা বুলি চিনাক্ত কৰিছে আৰু আনুষংগিক অন্যান্য কাৰণত ৫৭,৬০৪ টা নাম কৰ্তন কৰা হৈছে ।

২০২৫ চনৰ ১৬ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছত, নিৰ্বাচনী সংস্থাই ‘ফৰ্ম ৬’ আৰু ‘৬এ’ ব্যৱহাৰ কৰি মুঠ ১,৮২,০৩৬ জন ভোটাৰক তালিকাভুক্ত কৰাৰ লগতে ‘ফৰ্ম ৮’ৰ জৰিয়তে ৬,৬৭১ টা সংশোধন কৰিছে । আয়োগৰ মতে, বিচাৰাধীন অৱস্থাত থকা ৬০,০৬,৬৭৫ জন ভোটাৰক চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । লিংগ অনুপাত ৯৫৬ ত স্থিৰ আছে, যিটো খচৰা তালিকা প্ৰকাশৰ পাছতো একেই আছিল ।

এই SIRৰ মূল উদ্দেশ্য আছিল প্ৰতিটো পৰ্যায়ত সম্পূৰ্ণ স্বচ্ছতাৰে সকলো যোগ্য ভোটাৰক অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ভোটাৰক বাদ দিয়া । প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে এই সংশোধন প্ৰক্ৰিয়াত ১০০ শতাংশ শাৰীৰিক পৰীক্ষণৰ কৌশল অৱলম্বন কৰা হৈছিল, য’ত বুথ পৰ্যায়ৰ বিষয়াসকলে (BLO) নিজেই ইনুমাৰেশ্যন ফৰ্ম বিতৰণ আৰু সংগ্ৰহৰ কাম পৰিচালনা কৰিছিল ।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে এই পুংখানুপুংখ পদক্ষেপে মৃত ব্যক্তি, ৰাজ্যৰ বাহিৰলৈ স্থায়ী প্ৰব্ৰজন আৰু দুবাৰকৈ হোৱা পঞ্জীয়নসমূহ চিনাক্ত কৰি অযোগ্য নামসমূহ আঁতৰাই ভোটাৰ তালিকা নিশ্চিত কৰিছে । নিৰ্বাচন আয়োগে ভোটাৰসকলক তেওঁলোকৰ নাম পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে আৰু প্ৰয়োজন হ’লে নাম অন্তৰ্ভুক্তিকৰণ (ফৰ্ম-৬/৬এ), সংশোধন (ফৰ্ম-৮) বা কৰ্তনৰ (ফৰ্ম-৭) বাবে অনলাইন বা অফলাইনযোগে আবেদন দাখিল কৰিবলৈ জনাইছে ।

লগতে পঢ়ক : মধ্য প্ৰাচ্যত যুদ্ধৰ বিভীষিকা, এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৱে ল’লে ডাঙৰ সিদ্ধান্ত

ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম…

২ কোটি ৮৯ লাখ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে । বৰ্তমান ৰাজ্যখনৰ খচৰা তালিকা অনুসৰি ভোটাৰৰ সংখ্যা প্ৰায় ১২ কোটি ।

উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াৰ পিছতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে ভোটাৰ তালিকাৰ খচৰা । মুঠ ২ কোটি ৮৯ লাখ ভোটাৰক খচৰাৰ পৰা আঁতৰোৱা হৈছে । আয়োগৰ মতে, ২৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত চলি থকা এছ আই আৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে এই তালিকা প্ৰস্তুত কৰা হৈছে ।

উত্তৰ প্ৰদেশৰ খচৰা তালিকা প্ৰকাশ তিনিবাৰকৈ পিছুৱাই দিয়াৰ পিছত আজি প্ৰকাশ পায় । ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই সংবাদমেলত কয় যে খচৰা ভোটাৰ তালিকাৰ প্ৰতিলিপি সকলো ৰাজনৈতিক দলকে দিয়া হৈছে । তেওঁ লগতে কয় যে প্ৰায় ১৮ শতাংশ ভোটাৰে প্ৰ-পত্ৰ জমা দিয়া নাই ।

তেওঁ কয় যে প্ৰথম অৱস্থাত উত্তৰ প্ৰদেশত প্ৰায় ১৫ কোটি ভোটাৰ আছিল, ইয়াৰে ১২.৫৫ কোটি (৮১.৩০%) ভোটাৰে নিজেই বা পৰিয়ালৰ কোনো সদস্যৰ জৰিয়তে স্বাক্ষৰ কৰি গণনা প্ৰ-পত্ৰ দাখিল কৰিছিল । তেওঁ কয় যে ভোটাৰসকলে গণনা প্ৰ-পত্ৰ জমা নিদিয়াৰ কেইবাটাও কাৰণ আছে :

-৪৬.২৩ লাখ ভোটাৰ (২.৯৯ শতাংশ) মৃত বুলি পোৱা গৈছে

-২.১৭ কোটি ভোটাৰ (১৪.০৬ শতাংশ) অনুপস্থিত বা বাসস্থান স্থানান্তৰিত হৈছে

-২৫.৪৭ লাখ ভোটাৰ (১.৬৫ শতাংশ) এটাতকৈ অধিক স্থানত পঞ্জীয়ন হোৱা দেখা গৈছে

এই কাৰণসমূহৰ বাবে খচৰা তালিকাৰ পৰা ২ কোটি ৮৯ লাখ নাম বাদ দিয়া হৈছে । বৰ্তমান উত্তৰ প্ৰদেশত খচৰা তালিকা অনুসৰি ভোটাৰৰ সংখ্যা প্ৰায় ১২ কোটি ।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে, নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, এটা ভোটগ্ৰহণ কেন্দ্ৰত এতিয়া ১২০০ তকৈ অধিক ভোটাৰ নাথাকিব, যিটো পূৰ্বে প্ৰায় ১৫০০ ভোটাৰ আছিল । এই বাবেই নতুন ভোটকেন্দ্ৰ সৃষ্টি হ’ল, যাৰ বাবে অতিৰিক্ত সময়ৰ প্ৰয়োজন হয় ।

নিৰ্বাচন আয়োগে ২০২৬ চনৰ ৬ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ, দাবী আৰু আপত্তি দাখিলৰ বাবে সময় প্ৰদান কৰিছে । খচৰা তালিকাত নাম নথকা ভোটাৰসকলে এই সময়ছোৱাত প্ৰয়োজনীয় নথি-পত্ৰসহ এখন প্ৰ-পত্ৰ পূৰণ কৰি পুনৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব । ২৭ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো দাবী আৰু আপত্তিৰ সমাধান হ’ব, আৰু ২০২৬ চনৰ ৬ মাৰ্চত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব ।

১৮ বছৰ সম্পূৰ্ণ হোৱা সকলো নতুন ভোটাৰকে নিজৰ নাম পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে নিৰ্বাচন আয়োগে । নাম নথকাৰ বাবে তেওঁলোকে প্ৰ-পত্ৰ ৬ পূৰণ কৰিব পাৰে আৰু তেওঁলোকৰ নাম বা ঠিকনাৰ সংশোধনৰ বাবে তেওঁলোকে প্ৰ-পত্ৰ ৮ পূৰণ কৰিব পাৰে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ বাসগৃহত মোদীক সাক্ষাৎ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ…

নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত ভোটাৰ তালিকাৰ পৰা বাদ পৰিব ৫৮ লাখৰ নাম

পশ্চিম বংগৰ ৫৮ লাখ ২০ হাজাৰ ৮৯৮ গৰাকী ভোটাৰৰ নাম কৰ্তনৰ বাবে চিনাক্ত কৰা হৈছে ।

আজি অৰ্থাৎ মঙলবাৰে নিৰ্বাচন আয়োগে পশ্চিম বংগৰ বিশেষ পুনৰীক্ষণৰ বাবে ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে । এই তালিকা অনুসৰি বংগৰ ৫৮ লাখ ২০ হাজাৰ ৮৯৮ গৰাকী ভোটাৰৰ নাম কৰ্তনৰ বাবে চিনাক্ত কৰা হৈছে । ইয়াৰে ২৪ লাখ ১৬ হাজাৰ ৮৫২ গৰাকী ভোটাৰৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯ লাখৰো অধিক ভোটাৰে বংগ এৰি গৈছে ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভোটদান কৰা বুথ মিত্ৰ ইনষ্টিটিউচনত ১২৭ জন ভোটাৰৰ নাম কৰ্তনৰ বাবে চিহ্নিত কৰা হৈছে । শুভেন্দু অধিকাৰীৰ বুথ, নন্দ নায়ক বৰ স্কুলৰ ৭৯ নং খণ্ডত মাত্ৰ ১১ জন ভোটাৰৰ নাম আঁতৰোৱা হৈছে ।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি খচৰা তালিকাৰ পৰা মুঠ ৫৮ লাখ ২০ হাজাৰ ৮৯৮ জনৰ নাম আঁতৰোৱা হৈছে । ইয়াৰে সৰ্বাধিক ২৪ লাখ ১৬ হাজাৰ, ৮৫২ জন লোকৰ মৃত্যু হৈছে । ১৯ লাখ ৮৮ হাজাৰ ৭৬ গৰাকী লোকে বংগ এৰি আন ৰাজ্যত বাস কৰি আছে । ইয়াৰ উপৰিও ১২ লাখ ২০ হাজাৰ ৩৮ গৰাকী লোক নিৰুদ্দেশ হৈছে, তেওঁলোকৰ কোনো তথ্য উপলব্ধ নহয় । ১ লাখ ৩৮ হাজাৰ ৩২৮টা নাম ডুপ্লিকেট পোৱা গৈছে আৰু ৫৭ হাজাৰ, ৬০৪টা “অন্য” শ্ৰেণীত পোৱা গৈছে । এই লোকসকলৰ নাম তালিকাৰ পৰা আঁতৰোৱাৰ বাবে চিনাক্ত কৰা হৈছে ।

এই পৰিসংখ্যা প্ৰকাশ কৰাৰ সময়তে নিৰ্বাচন আয়োগে ভোটাৰকো আবেদন জনাইছে । ইয়াত কোৱা হৈছে যে ভোটাৰসকলে নিজৰ স্থিতি পৰীক্ষা কৰিব লাগে আৰু যদি কাৰোবাৰ নাম ভুলকৈ আঁতৰাই দিয়া হৈছে তেন্তে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আপত্তি দাখিল কৰিব লাগে । তেনে লোকে অনলাইন আৰু অফলাইন দুয়োটাতে আবেদন কৰিব পাৰিব ।

নিৰ্বাচন আয়োগে প্ৰথম পৰ্যায়ত বিহাৰত SIR অনুষ্ঠিত কৰিছিল, তাৰ পিছত দ্বিতীয় পৰ্যায়ত ১২খন ৰাজ্যত SIR অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় । এই প্ৰক্ৰিয়াত ভোটাৰ তালিকা উন্নীতকৰণ, নতুন ভোটাৰৰ নাম সংযোজন আৰু ভুল শুধৰণি আদি জড়িত হৈ থাকে । আয়োগে প্ৰদান কৰা তথ্য অনুসৰি পশ্চিম বংগৰ কলকাতাৰ চৌৰিঘী আৰু কলকাতা বন্দৰৰ দৰে অঞ্চলৰ পৰা সৰ্বাধিক ভোট কৰ্তন হৈছে ।

লগতে পঢ়কঃ ৰাজ কুমাৰ গোৱেলক মুখ্য তথ্য আয়ুক্ত নিযুক্তি, ৰাষ্ট্ৰপতিয়ে দিলে শপত

আজি নিৰ্বাচন আয়োগৰ ডাঙৰ বৈঠক, ১২ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা

এছ আই আৰক লৈ আজি নিৰ্বাচন আয়োগৰ বৈঠক । এই বৈঠকত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা আছে ।

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়া সন্দৰ্ভত আজি নিৰ্বাচন আয়োগৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । উত্তৰ প্ৰদেশ, পশ্চিম বংগকে ধৰি কেইবাখনো ৰাজ্যত ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ সময়সীমা পিছ পৰি থকা বুলি জানিব পৰা গৈছে । ফলস্বৰূপে আয়োগে এই ৰাজ্যসমূহৰ বাবে সময়সীমা বৃদ্ধি কৰাৰ কথা চিন্তা কৰিব পাৰে । আয়োগে বিশ্বাস কৰে যে অধিক সঠিক ভোটাৰ তালিকা নিশ্চিত কৰাটো অগ্ৰাধিকাৰ, গতিকে অতিৰিক্ত সময়ৰ প্ৰয়োজন হ’ব পাৰে ।

এছ আই আৰৰ প্ৰধান উদ্দেশ্য হৈছে ভোটাৰ তালিকা পৰিষ্কাৰ আৰু আপডেট কৰা, য’ত ভুৱা নাম আঁতৰোৱা, মৃত বা বদলি হোৱা ভোটাৰৰ নাম আঁতৰোৱা, নতুন যোগ্য ভোটাৰ (১৮ বছৰৰ ওপৰৰ) যোগ কৰা আদিও অন্তৰ্ভুক্ত আছে । প্ৰৱঞ্চনামূলক ভোটদানৰ সম্ভাৱনা হ্ৰাস কৰাৰ বাবেও সমগ্ৰ দেশতে এই প্ৰক্ৰিয়া ৰূপায়ণ কৰা হৈছে । বৰ্তমান SIRৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি আছে । প্ৰথম পৰ্যায়ৰ আৰম্ভণি হৈছিল বিহাৰত । দ্বিতীয় পৰ্যায়ত ৰাজ্যজুৰি বুথ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা ঘৰে ঘৰে পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে । বহুতো বি এল অ’ শিক্ষক বা চৰকাৰী কৰ্মচাৰী, যাৰ বাবে তেওঁলোকৰ বাবে সীমিত সময়সীমাৰ ভিতৰত সমগ্ৰ অঞ্চলটো সম্পূৰ্ণ কৰাটো প্ৰত্যাহ্বানজনক ।

উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনোৱাই কয় যে ৰাজ্যখনে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) সম্পূৰ্ণ কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগক আৰু দুসপ্তাহৰ বাবে অনুৰোধ জনাইছে । এক প্ৰেছ বিবৃতিত নৱদ্বীপ ৰিনোৱাই কয় যে জিলা নিৰ্বাচনী বিষয়াসকলে মৃত ভোটাৰ, অন্য ঠাইলৈ স্থানান্তৰিত হোৱা ভোটাৰ আৰু নিৰুদ্দেশ হোৱা ভোটাৰৰ প্ৰৱেশ পুনৰ পৰীক্ষা কৰিব পৰাকৈ এই সময়সীমা বৃদ্ধিৰ বাবে বিচৰা হৈছে । তেওঁৰ মতে, এই পৰ্যন্ত ৯৯.২৪ শতাংশ লোকপিয়ল প্ৰ-পত্ৰ ডিজিটেলাইজ কৰা হৈছে । যোৱা ৪ নৱেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি চলি আছে এছ আই আৰ অনুশীলন ।

নিৰ্বাচন আয়োগে পশ্চিম বংগত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়সীমা সংশোধন কৰি পূৰ্বতে নিৰ্ধাৰিত ১৪ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখৰ পৰা চূড়ান্ত প্ৰকাশৰ তাৰিখ সলনি কৰে । বুধবাৰে জাৰি কৰা এক আনুষ্ঠানিক আদেশত নিৰ্বাচন আয়োগে ব্যাপক লোকপিয়লৰ কাম আৰু ভোটকেন্দ্ৰসমূহৰ সঠিক পৰীক্ষণ আৰু যুক্তিসংগতকৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে এই সময়সীমা বৃদ্ধিৰ অনুমতি প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক্সন মোডত চৰকাৰ, আৰম্ভ হ’ল অভিযান

অসমত আৰম্ভ নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ; শীঘ্ৰেই ভোটাৰ তালিকাৰ বিশেষ সংশোধনী

ভোটাৰ তালিকাৰ বিশেষ সংশোধনী

সোমবাৰে নিৰ্বাচন আয়োগে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে । ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি আয়োগে উল্লেখ কৰিছে । নিৰ্বাচন আয়োগে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক নিৰ্দেশ জাৰি কৰি এই বিশেষ পুনৰীক্ষণৰ তাৰিখ ১ জানুৱাৰী, ২০২৬ তাৰিখ হ’ব বুলি উল্লেখ কৰিছে । আয়োগৰ মতে, এই প্ৰক্ৰিয়াটো বাৰ্ষিক বিশেষ সাৰাংশ পুনৰীক্ষণ আৰু তালিকাৰ বিশেষ পুনৰীক্ষণৰ মাজৰ প্ৰক্ৰিয়া ।

সূচী অনুসৰি ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে ঘৰে ঘৰে পৰীক্ষণ কৰা হ’ব । ২৭ ডিচেম্বৰত সংযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব আৰু ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব ।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগে ৰাজ্যত ভোটাৰ তালিকাৰ “বিশেষ সংশোধন” কৰাৰ সিদ্ধান্তক আদৰণি জনাই ৰাজ্য চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কয় । মুখ্যমন্ত্রীগৰায়ে সামাজিক মাধ্যমযোগে লিখিছে- ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ তালিকাৰ বিশেষ সংশোধন কৰিবলৈ নির্বাচন আয়োগে লোৱা সিদ্ধান্তক অসম চৰকাৰে আদৰণি জনাইছে ৷

তেওঁ কয়, “এই প্ৰক্ৰিয়াই সকলো যোগ্য নাগৰিকৰ বাবে স্পষ্ট, আপডেটেড আৰু সঠিক তালিকা প্ৰস্তুত কৰাত সহায় কৰিব । এই পুনৰীক্ষণ স্বচ্ছ আৰু সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰে নিৰ্বাচন আয়োগক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।” উল্লেখ্য যে, ২০২৬ চনত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ।

উল্লেখ্য যে যোৱা অক্টোবৰ মাহত জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগে ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ দ্বিতীয় পৰ্যায়ৰ SIR ঘোষণা কৰিছিল । এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, পুডুচেৰী, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগত এছ আই আৰ অনুষ্ঠিত হৈ আছে । ইফালে অসমত এন আৰ চি প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে ৰাজ্যখনত এতিয়া SIR নহয় বুলি ঘো,ণা কৰিছিল নিৰ্বাচন আয়োগে ।

নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি-

-১৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ ছপা কৰা হ’ব ভোটাৰৰ তথ্য

-২০ তাৰিখৰ পৰা ঘৰে ঘৰে যাব বুথ পৰ্যায়ৰ বিষয়া । প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব বিষয়াসকলে ।

-২১-২৬ ডিচেম্বৰৰ ভিতৰত প্ৰস্তুত কৰিব খচৰা ভোটাৰ তালিকা

-২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ হ’ব

-বিসংগতি থাকিলে ১৯ জানুৱাৰীলৈ দিব পাৰিব অভিযোগ

-২ ফেব্ৰুৱাৰীৰ পূৰ্বে নিস্পত্তি কৰা হ’ব সকলো অভিযোগ

-১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

লগতে পঢ়ক : দিল্লী বিস্ফোৰণক লৈ আপত্তিজনক পোষ্ট দি আৰক্ষীৰ জালত ১৫জন

বিহাৰ নিৰ্বাচনঃ বিশেষ সংশোধনীৰ পিছত কি পৰিৱৰ্তন হ’ল ভোটাৰ তালিকাত ?

বিশেষ সংশোধনীৰ পিছত ভোটাৰ তালিকাত কি পৰিৱৰ্তন ?

বিহাৰৰ পিছত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী (SIR)  শেহতীয়াকৈ দেশৰ আন ৰাজ্যতো হোৱাৰ কথা । বিহাৰত যেতিয়া এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেতিয়া ই এক বৃহৎ হুলস্থুলৰ সৃষ্টি কৰিছিল । এনে পৰিস্থিতিত ভাৰতৰ নিৰ্বাচন আয়োগ নিৰ্ধাৰিত সময়ত আৰু SIR ৰ আধাৰত প্ৰস্তুত কৰা ভোটাৰ তালিকা ব্যৱহাৰ কৰি ৬ নৱেম্বৰত বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে । ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । বিশেষ সংশোধনীত কিমানজন ভোটাৰৰ নাম কৰ্তন হৈছিল আৰু এইবাৰ বিহাৰ নিৰ্বাচনত কিমানজন নতুন ভোটাৰ সংযোজন হৈছে জানি লওক ।

SIR ৰ পূৰ্বে বিহাৰত ৭.৮৯ কোটি ভোটাৰ আছিল-

নিৰ্বাচন আয়োগে জুন মাহত ভোটাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । এই প্ৰক্ৰিয়াৰ পূৰ্বে ৰাজ্যখনত ৭.৮৯ কোটি ভোটাৰ আছিল । এই পুনৰীক্ষণৰ পিছত মুঠ ৬৫ লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল । ইয়াৰ ভিতৰত আছিল ২২ লাখতকৈ অধিক মৃত ভোটাৰ আৰু প্ৰায় ৩৫ লাখ স্থানচ্যুত ভোটাৰ । দুটা স্থানত প্ৰায় ৭ লাখ ভোটাৰৰ পঞ্জীয়ন হৈছিল । অৱশ্যে নিৰ্বাচন আয়োগে তেওঁলোকক দাবী আৰু আপত্তি দাখিল কৰিবলৈ ৩০ দিনৰ সময় দিয়ে । পৰৱৰ্তী সময়ত ভোটাৰ তালিকাৰ ফৰ্মেটত মুঠ ৭ কোটি ২৪ লাখ আৰু ৫ হাজাৰ ভোটাৰ দেখা গৈছিল । ১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈকে দাবী আৰু আপত্তিৰ পিছত ৩৬৬,৭৪২ জন ভোটাৰক আঁতৰোৱাৰ বিপৰীতে ২১৫৩,৩৪৩ জন যোগ্য ভোটাৰক যোগ কৰা হয় ।

চূড়ান্ত তালিকাত ১৪ লাখৰো অধিক নতুন ভোটাৰ সংযোজন-

ইয়াৰ পিছতে ৩০ ছেপ্টেম্বৰত চূড়ান্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ পায় । ৭ কোটি ৪১ লাখ ভোটাৰৰ চূড়ান্ত তালিকা প্ৰকাশ হয় । তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ ভোটাৰ তালিকাত ১৪ লাখৰো অধিক নতুন ভোটাৰ সংযোজন কৰা হয় । এই ভোটাৰৰ অধিকাংশই ১৮ৰ পৰা ১৯ বছৰৰ ভিতৰৰ । তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যাও ১৭২৫ গৰাকী ।

প্ৰথম পৰ্যায়ত প্ৰথমবাৰৰ বাবে ভোটদান কৰিছে বহু ভোটাৰে-

প্ৰথম পৰ্যায়ত মুঠ ৩ কোটি ৭৫ লাখ ১৩ হাজাৰ ৩০২ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । ১ কোটি ৯৮ লাখ ৩৫ হাজাৰ ৩২৫ পুৰুষ, ১ কোটি ৭৬ লাখ ৭৭ হাজাৰ ২১৯ মহিলা আৰু ৭৫৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ অন্তৰ্ভুক্ত আছে । ইয়াৰ উপৰিও এই পৰ্যায়ত ১ লাখ ৯০৪ জন সেৱা ভোটাৰেও ভোটদান কৰিব । প্ৰতিবন্ধী আৰু বৃদ্ধ ভোটাৰৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত বিশেষ সুবিধা সুনিশ্চিত কৰা হৈছে ।

গণতন্ত্ৰৰ এই মহান উৎসৱত ৩, ২২, ০৭৭ জন বিশেষভাৱে সক্ষম ভোটাৰ আৰু ৫, ৩১, ৪২৩ গৰাকী জ্যেষ্ঠ নাগৰিক ভোটাৰে (য’ত ৮০ বছৰৰ ওপৰৰ ৫, ২৪, ৬৮৭ জন ভোটাৰ আৰু ১০০ বছৰৰ ওপৰৰ ৬,৭৩৬ জন ভোটাৰ অন্তৰ্ভুক্ত)ও অংশগ্ৰহণ কৰিব । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৭ লাখ ৩৭ হাজাৰ ৭৬৫ জন ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ ওলাইছে । ইয়াৰে অধিকাংশই ১৮ৰ পৰা ১৯ বছৰ বয়সৰ যুৱ ভোটাৰ ৷ আনহাতে ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ ১, ৯৬, ২৭, ৩৩০ জন যুৱ ভোটাৰে এই নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ গৈ আছে ।

লগতে পঢ়ক : বিহাৰ নিৰ্বাচনঃ প্ৰথম পৰ্যায়ত বন্দী হ’ব ১৪গৰাকী মন্ত্ৰীৰ ভাগ্য

অসমতো বলবৎ হ’ব নেকি SIR ? কি ক’লে মুখ্য নিৰ্বাচন আয়ুক্তই ?

SIRক লৈ কি ক’লে মুখ্য নিৰ্বাচন আয়ুক্তই

সোমবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন আয়োগে ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ তথা SIRৰ দ্বিতীয় পৰ্যায় হ’ব বুলি ঘোষণা কৰে । একে সময়ত অসমত SIR প্ৰক্ৰিয়া আৰম্ভ নহয় বুলিও মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় ।

জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে অসমৰ নাগৰিকত্ব আইন অলপ বেলেগ, গতিকে ইয়াত এছ আই আৰ প্ৰক্ৰিয়া বেলেগ ধৰণেৰে পৰিচালিত হ’ব । মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে অসমত নাগৰিকত্ব সন্দৰ্ভত বিভিন্ন আইন আছে আৰু তাত এন আৰ চি প্ৰযোজ্য । অসমত SIR  স্থগিত ৰখাৰ কাৰণো এইটোৱেই । অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে অলপ বেলেগ প্ৰক্ৰিয়াৰ প্ৰয়োজন হ’ব । সেয়েহে এই প্ৰক্ৰিয়া পৃথকে চলোৱা হ’ব ।

তেওঁ কয় যে চলি থকা SIR স্বাধীনতাৰ পিছত এনে নৱমটো অনুশীলন । শেষবাৰৰ বাবে এনে প্ৰচেষ্টা ২০০২-০৪ চনত হৈছিল । চি ই চি জ্ঞানেশ কুমাৰে কয় যে বিহাৰত প্ৰথম পৰ্যায়ৰ এছ আই আৰ শূন্য আবেদনেৰে সম্পূৰ্ণ হৈছে । সংবাদমেলত কুমাৰে কয় যে, “দ্বিতীয় পৰ্যায় ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ’ব । এছ আই আৰে এয়া সুনিশ্চিত কৰিব যাতে কোনো যোগ্য ভোটাৰ বাদ নপৰে আৰু কোনো অযোগ্য ভোটাৰ তালিকাত অন্তৰ্ভুক্ত নহয় ।”

লগতে পঢ়ক : নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা… কাইলৈৰ পৰাই এই কেইখন ৰাজ্যত আৰম্ভ হ’ব SIR

নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা… কাইলৈৰ পৰাই এই কেইখন ৰাজ্যত আৰম্ভ হ’ব SIR

নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা

আজি সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে দেশজোৰা SIR ঘোষণা কৰে । সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে দেশৰ ১২খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (Special Intensive Revision)ৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ কৰা হৈছে । এই পৰ্যায়ত ভোটাৰ তালিকা উন্নীতকৰণ, নতুন ভোটাৰ সংযোজন, ভুল শুধৰণি আদি অন্তৰ্ভুক্ত কৰা হ’ব ।

এই ১২খন ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ SIR-

দ্বিতীয় পৰ্যায়ত নিৰ্বাচন আয়োগে ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এছ আই আৰ চলাই আছে । এই ১২খন ৰাজ্যৰ ভিতৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গোৱা, পুডুচেৰী, ছত্তীশগড়, গুজৰাট, কেৰালা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান, পশ্চিম বংগ, তামিলনাডু আৰু লক্ষাদ্বীপ ।

মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে এই সময়ছোৱাত বুথ পৰ্যায়ৰ বিষয়াসকলে কমেও তিনিবাৰকৈ প্ৰতিজন ভোটাৰৰ ঘৰত উপস্থিত হৈ তালিকাত নতুন ভোটাৰ সংযোজন কৰাৰ লগতে যিকোনো ভুল শুধৰণি কৰিব । জ্ঞানেশ কুমাৰে কয়, ‘বি এল অ’সকলে ঘৰে ঘৰে গৈ প্ৰ-পত্ৰ-৬ আৰু ঘোষণা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব, নতুন ভোটাৰক প্ৰ-পত্ৰ পূৰণ কৰাত সহায় কৰিব আৰু ই আৰ অ’ বা এ ই আৰ অ’ক প্ৰেৰণ কৰিব ।’

জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে মঙলবাৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হ’ব । লগতে আগন্তুক দুদিনৰ ভিতৰত ৰাজনৈতিক দলসমূহক সাক্ষাৎ কৰি এছ আই আৰ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰিবলৈ সকলো মুখ্য নিৰ্বাচনী বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়াক নিৰ্দেশ দিয়ে ।

তেওঁ ব্যাখ্যা কৰে যে আয়োগে নিৰ্দেশ দিছে যে ভোটাৰসকলে—বিশেষকৈ বৃদ্ধ, ৰোগী, বিশেষভাৱে সক্ষম, দৰিদ্ৰ আৰু দুৰ্বলসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু তেওঁলোকক সৰ্বাধিক সাহায্য প্ৰদান কৰিব পাৰে, তাৰ বাবে মানুহক নিয়োগ কৰা হওক । জ্ঞানেশ কুমাৰে স্পষ্ট কৰি দিয়ে যে কোনো ভোট কেন্দ্ৰত ১২০০ তকৈ অধিক ভোটাৰ নাথাকিব ।

লগতে মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে যি ৰাজ্যত এই পৰ্যায়ত SIR অনুষ্ঠিত হ’ব, সেই ৰাজ্যসমূহত আজি নিশা ভোটাৰ তালিকা ফ্ৰিজ কৰা হ’ব ।

লগতে পঢ়ক : কোন হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ? আইন মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ গাভাইৰ

‘ভোটাৰ তালিকাত নিজৰ নাম ভালদৰে পৰীক্ষা কৰক’… তেজস্বী যাদৱৰ অভিযোগৰ উত্তৰ নিৰ্বাচন আয়োগৰ

‘ভোটাৰ তালিকাত নিজৰ নাম ভালদৰে পৰীক্ষা কৰক’…

শুকুৰবাৰে বিহাৰৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা ভোটাৰ তালিকাৰ খচৰাত তেওঁৰ নাম নাই বুলি শনিবাৰে দাবী কৰে আৰজেডি নেতা তেজস্বী প্ৰসাদ যাদৱে । পাটনাত সংবাদমেল সম্বোধন কৰি তেজস্বীয়ে কয়, “বিহাৰত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত মই গণনা প্ৰ-পত্ৰ পূৰণ কৰিছিলোঁ । কিন্তু খচৰা ভোটাৰ তালিকাত মোৰ নাম নাই । আগন্তুক বিধানসভা নিৰ্বাচনত মই কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিম ?” তেজস্বী যাদৱে দাবী কৰে যে, যেতিয়া তেওঁ নিৰ্বাচন আয়োগৰ পৰ্টেলত নিজৰ ECIP (Electors Photo Identity Card) নং RAB2916120 প্ৰৱেশ কৰি নাম বিচাৰিছিল তেতিয়া No Records Found দেখা গৈছিল ।

অৱশ্যে নিৰ্বাচন আয়োগে তেজস্বী যাদৱৰ এই দাবীৰ তথ্য পৰীক্ষা কৰি তেওঁৰ নাম খচৰা তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি কয় । নিৰ্বাচন আয়োগে তালিকাৰ খচৰাও প্ৰকাশ কৰিছে, য’ত তেজস্বীৰ নাম, বয়স, পিতৃৰ নাম, ঘৰৰ নম্বৰৰ লগতে তেওঁৰ ফটোও সন্নিবিষ্ট কৰা হৈছে । আৰ জে ডি নেতাজনৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগে ততাতৈয়াকৈ তথ্য শ্বেয়াৰ কৰি কয় যে, ‘তেজস্বী যাদৱে তেওঁৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে । আমি তালিকাখন শ্বেয়াৰ কৰিছো আৰু তেওঁক অনুৰোধ কৰিছো যে তেওঁৰ নাম ভালদৰে পৰীক্ষা কৰক ।’ নিৰ্বাচন আয়োগে শ্বেয়াৰ কৰা তালিকাত তেজস্বী যাদৱৰ ই চি আই পি নং আছিল RAB0456228 । নিৰ্বাচন আয়োগে শ্বেয়াৰ কৰা খচৰা ভোটাৰ তালিকাত তেজস্বী যাদৱৰ নাম ক্ৰমিক নম্বৰ ৪১৬ত লিপিবদ্ধ কৰা হৈছে ।

নিৰ্বাচন আয়োগে তেজস্বী যাদৱৰ এই দাবীৰ তথ্য পৰীক্ষা কৰাৰ পিছত বিজেপি নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধৰীয়ে তেওঁত তীক্ষ্ণ সমালোচনা কৰে । তেওঁ কয়, ‘তেজস্বী, আপোনাৰ সামৰ্থ্যক লৈ কেৱল মোৰেই নহয় আপোনাৰ পৰিয়াল আৰু সমগ্ৰ বিহাৰৰ সন্দেহ আছে । খচৰা ভোটাৰ তালিকাত আপোনাৰ নাম বিচাৰি উলিওৱাটো নিশ্চয় আপোনাৰ বাবে অতি কঠিন । পিতৃৰ নামৰ লগতে আপোনাৰ নামটোও সন্মানেৰে পঞ্জীয়ন কৰা হৈছে, চাব পাৰিব । বিভ্ৰান্তি আৰু প্ৰৱঞ্চনাৰ ব্যৱসায় বন্ধ কৰক । আৰ জে ডিৰ বিভ্ৰান্তি আৰু ভয় বাৰে বাৰে ভুৱা প্ৰমাণিত হৈছে ।’

লগতে পঢ়ক : ‘ভাৰতৰ জীয়ৰীৰ সেন্দুৰৰ প্ৰতিশোধ পূৰণ হ’ল: বাৰাণসীত পহলগাম কাণ্ডক লৈ প্ৰধানমন্ত্ৰীৰ ডাঙৰ মন্তব্য