ৰাজ কুমাৰ গোৱেলক মুখ্য তথ্য আয়ুক্ত নিযুক্তি, ৰাষ্ট্ৰপতিয়ে দিলে শপত

ৰাজ কুমাৰ গোৱেলক মুখ্য তথ্য আয়ুক্ত নিযুক্তি, ৰাষ্ট্ৰপতিয়ে দিলে শপত

ৰাজ কুমাৰ গোৱেলক কেন্দ্ৰীয় তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে । ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া ৰাজ কুমাৰ গোৱেলক কেন্দ্ৰীয় তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে । সোমবাৰে (১৫ ডিচেম্বৰ) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গোৱেলক শপত গ্ৰহণ কৰোৱাই

ৰাজ কুমাৰ গোৱেলক কেন্দ্ৰীয় তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে ।

ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া ৰাজ কুমাৰ গোৱেলক কেন্দ্ৰীয় তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে । সোমবাৰে (১৫ ডিচেম্বৰ) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গোৱেলক শপত গ্ৰহণ কৰোৱাই । ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা খালী হৈ থকা প্ৰাক্তন মুখ্য তথ্য আয়ুক্ত হীৰালাল সমৰিয়াৰ ঠাইত গোৱেলক নিযুক্তি দিয়া হৈছে ।

খবৰ অনুসৰি, হীৰালাল সমৰিয়াৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত ১৩ ছেপ্টেম্বৰৰ পৰা মুখ্য তথ্য আয়ুক্তৰ পদ খালী হৈ আছিল । এই পদত নিযুক্তি দিয়া হৈছে প্ৰাক্তন আই এ এছ বিষয়া ৰাজ কুমাৰ গোৱেলক । সোমবাৰে তেওঁ নতুন তথ্য আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত গোৱেলক শপত গ্ৰহণ কৰোৱাই ৰাষ্ট্ৰপতি মুৰ্মুৱে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তিনিজনীয়া পেনেলে গোৱালৰ নাম পৰামৰ্শ দিছিল ।

ৰাজকুমাৰ গোৱেল ১৯৯০ চনৰ বেচ (অৱসৰপ্ৰাপ্ত) ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই এ এছ) বিষয়া, অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম-ইউনিয়ন টেৰিটৰীজ কেডাৰ । ৩১ আগষ্টত তেওঁ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ন্যায় বিভাগৰ সচিব হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব (সীমা ব্যৱস্থাপনা) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু কেন্দ্ৰ আৰু পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্য দুয়োটাতে গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় বিজেপিৰ নতুন কাৰ্যকৰী সভাপতি নীতিন নবীন

শেহতীয়া প্ৰৱন্ধসমূহ