বিহাৰ নিৰ্বাচনঃ প্ৰথম পৰ্যায়ত বন্দী ১৪গৰাকী মন্ত্ৰীৰ ভাগ্য

বিহাৰ নিৰ্বাচনঃ প্ৰথম পৰ্যায়ত বন্দী হ’ব ১৪গৰাকী মন্ত্ৰীৰ ভাগ্য

বিহাৰ নিৰ্বাচনঃ প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধ বিহাৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । এই প্ৰথম পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ভোটগ্ৰহণ অব্যাহত আছে । ১২১খন বিধানসভা আসনৰ বাবে ৩ কোটি ৭৫ লাখতকৈ অধিক ভোটাৰে ১,৩১৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । প্ৰথম

বিহাৰ নিৰ্বাচনঃ প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধ

বিহাৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । এই প্ৰথম পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ভোটগ্ৰহণ অব্যাহত আছে । ১২১খন বিধানসভা আসনৰ বাবে ৩ কোটি ৭৫ লাখতকৈ অধিক ভোটাৰে ১,৩১৪ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । প্ৰথম পৰ্যায়ত এন ডি এ আৰু গ্ৰেণ্ড এলায়েন্সৰ বহু হাই প্ৰফাইল ৰাজনীতিবিদৰ ৰাজনৈতিক ভৱিষ্যত বাজিত পৰিছে । প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া ১২১টা সমষ্টিত এন ডি এৰ ১২১জন আৰু গ্ৰেণ্ড এলায়েন্সৰ ১২৬জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

-এন ডি এত বিজেপিৰ পৰা ৪৮ জন, জেডিইউৰ ৫৭ জন, এলজেপি (ৰাম বিলাস)ৰ ১৪ জন আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাৰ ২ জন প্ৰাৰ্থী আছে । গ্ৰেণ্ড এলায়েন্সত আৰজেডিৰ পৰা ৭৩ জন, কংগ্ৰেছৰ ২৪ জন, চিপিআই (এমএল)ৰ ১৪ জন, ভিআইপিৰ ৫ জন, চিপিআই (এম)ৰ ৩ জন, চিপিআইৰ ৫ জন, ইণ্ডিয়ান ইনকিলাব দলৰ ৩ জন প্ৰাৰ্থী আছে ।

-বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাটনা, দৰভংগা, মধেপুৰা, চাহৰছা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, সাৰণ, বৈশালী, সমস্তীপুৰ, বেগুছৰাই, লক্ষীচৰাই, মুংগেৰ, শ্বেখপুৰা, নালন্দা, বুক্সাৰ আৰু ভোজপুৰ জিলাৰ বিধানসভা আসনকে ধৰি ১৮খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

-প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৪জন মন্ত্ৰীয়েও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰ ভিতৰত উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা, মংগল পাণ্ডে, নীতিন নবীন, জীৱেশ মিশ্ৰ, সঞ্জয় সাৰৌগী আৰু সুনীল কুমাৰ, বিজয় কুমাৰ চৌধুৰী, শ্ৰৱণ কুমাৰ, মদন সাহনী আৰু মহেশ্বৰ হাজৰি, আৰজেডি নেতা তথা প্ৰাক্তন মন্ত্ৰী তেজস্বী যাদৱৰ ভাগ্যও প্ৰথম পৰ্যায়ত নিৰ্ণয় হ’ব ।

-ইয়াৰ উপৰিও প্ৰথম পৰ্যায়ত বিহাৰৰ বহু চিনাকি তথা বিখ্যাত মুখো ভোট যুদ্ধত নামিছে, য’ত আছে লোকগায়ক মৈথিলী ঠাকুৰ, খেছাৰী লাল যাদৱ, প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰ আৰু ছিৱানৰ শক্তিশালী প্ৰাক্তন সাংসদ ছাহাবুদ্দিনৰ পুত্ৰ ওছামা চাহাব ।

-নির্বাচন আয়োগে বিহাৰৰ নির্বাচনৰ বাবে প্রায় ৮.৫ লাখ নির্বাচনী বিষয়া নিয়োগ কৰিছে ৷ ইয়াৰ ভিতৰত আছে প্ৰায় ৪.৫৩ লাখ ভোটগ্ৰহণ কৰ্মী, ২.৫ লাখ আৰক্ষী বিষয়া, ২৮,৩৭০ গৰাকী গণনা কৰ্মী, ১৭,৮৭৫ গৰাকী ক্ষুদ্ৰ পৰ্যবেক্ষক, ৯,৬২৫ গৰাকী ছেক্টৰ বিষয়া, ৪,৮৪০ গৰাকী ক্ষুদ্ৰ পৰ্যবেক্ষক গণনাৰ বাবে আৰু ৯০,৭১২ গৰাকী অংগনবাড়ী কৰ্মী ।

-বিহাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব আৰু তাৰ ১৪ নৱেম্বৰত ভোটগণনা হ’ব ।

লগতে পঢ়ক : ১২১ টা সমষ্টি, ১৩১৪ গৰাকী প্ৰাৰ্থী… আজি বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ