বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ
বিহাৰ নিৰ্বাচনৰ বাবে আজি ৬ নৱেম্বৰ, বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১১৫টা বিধানসভা সমষ্টিৰ বাবে ৪৫,৩৪১টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ইফালে ৬টা বিধানসভা সমষ্টিৰ বাবে ২,১৩৫টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । বুধবাৰে পুৱাৰে পৰা ভোটগ্ৰহণকাৰীয়ে ডিচপেচ চেণ্টাৰৰ পৰা ইভিএম-ভিভিপিএটি আৰু অন্যান্য সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় ।
পুৱা ৪ বজাৰ ভিতৰত বুথসমূহত সকলো প্ৰস্তুতি সম্পূৰ্ণ হয় । পুৱা ৫ বজাত বুথ পৰ্যায়ৰ এজেণ্টৰ উপস্থিতিত মক প’ল অনুষ্ঠিত হয় । দুঘণ্টাৰ পিছত অৰ্থাৎ পুৱা ৭ বজাৰ পৰা ভোটদান আৰম্ভ হৈছে । নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো ত্ৰুটি নহয় তাৰ বাবে এই নিকৰ্বাচন চাৰি লাখ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ।
প্ৰথম পৰ্যায়ত এই জিলাসমূহত ভোটদান-
বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১৮খন জিলাৰ ১২১খন আসন সামৰি লোৱা হৈছে : মধেপুৰা, চাহৰছা, দৰভংগা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, ছাৰণ, বৈশালী, সমস্তীপুৰ, বেগুছৰাই, খগড়িয়া, মুংগেৰ, লখিচৰাই, শ্বেখপুৰা, নালন্দা, পাটনা, ভোজপুৰ, আৰু বাক্সাৰ । এই ১৮খন জিলাৰ ১২১খন আসনৰ বাবে মুঠ ২৪৯৬খন মনোনয়ন দাখিল হৈছিল । পৰীক্ষণৰ পিছত ১৯৩৯খন মনোনয়ন বৈধ বুলি ঘোষণা কৰা হয় । ইয়াৰে পিছত ৭০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে ।
ইয়াৰ পিছত একাধিক ছেটত মনোনয়নসমূহ পৰীক্ষা কৰা হয়, প্ৰতিজন প্ৰাৰ্থীৰ বাবে এখনকৈ মনোনয়ন গ্ৰহণ কৰা হয়, যাৰ ফলত মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৩১৪ জনলৈ বৃদ্ধি পায় । ইয়াৰ ভিতৰত আছে ১,১৯২ জন পুৰুষ আৰু ১২২ গৰাকী মহিলা । এই প্ৰথম পৰ্যায়ত ১০২খন সাধাৰণ আৰু ১৯খন অনুসূচিত জাতি সংৰক্ষিত আসনৰ বাবে ভোটগ্ৰহণ হ’ব ।
প্ৰতিটো দলৰ পৰা কিমানজন প্ৰাৰ্থীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা-
১,৩১৪ জন প্ৰাৰ্থীৰ ভিতৰত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ জেডিইউৰ ৫৭ জন, বিজেপিৰ ৪৮ জন, চিৰাগ পাছৱানৰ এলজেপিৰ ১৩ জন, উপেন্দ্ৰ কুশৱাহাৰ আৰএলএছপিৰ ২ জন, জিতন ৰাম মাঞ্জীৰ হামৰ এজন প্ৰাৰ্থী আছে । গ্ৰেণ্ড এলায়েন্সত আৰজেডিৰ পৰা ৭২জন, কংগ্ৰেছৰ ২৪জন, চিপিআই (এমএল)ৰ ১৪জন, চিপিআই আৰু ভিআইপিৰ পৰা ছয়জনকৈ, চিপিএমৰ তিনিজন আৰু আইপি গুপ্তাৰ দল আইআইপিৰ ২জন প্ৰাৰ্থী আছে । ছখন আসনত অনুষ্ঠিত হৈছে বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা ।
উল্লেখ্য যে, বিহাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত মুঠ ৩৭.৫১৩ লাখ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । ইয়াৰ ভিতৰত আছে ১৯.৮৩৫ লাখ পুৰুষ, ১৭.৬৭ লাখ মহিলা আৰু ৭৫৮ জন তৃতীয় লিংগৰ ভোটাৰ । ইয়াৰ উপৰিও প্ৰথম পৰ্যায়ত এক লাখ ৯০৪ জন সেৱা ভোটাৰেও ভোটদান কৰিব ।
বিহাৰ নিৰ্বাচনত বিশেষভাৱে সক্ষম আৰু বৃদ্ধ ভোটাৰৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত বিশেষ সুবিধা সুনিশ্চিত কৰা হৈছে । গণতন্ত্ৰৰ এই মহান উৎসৱত ৩, ২২, ০৭৭ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰ আৰু ৫, ৩১, ৪২৩ জন জ্যেষ্ঠ নাগৰিক ভোটাৰে (য’ত ৮০ বছৰৰ ওপৰৰ ৫, ২৪, ৬৮৭ জন ভোটাৰ আৰু ১০০ বছৰৰ ওপৰৰ ৬,৭৩৬ জন ভোটাৰ অন্তৰ্ভুক্ত)ও অংশগ্ৰহণ কৰিব । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৭ লাখ ৩৭ হাজাৰ ৭৬৫ জন ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব । ইয়াৰে অধিকাংশই ১৮ৰ পৰা ১৯ বছৰ বয়সৰ যুৱ ভোটাৰ ৷ আনহাতে ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ ১, ৯৬, ২৭, ৩৩০ জন যুৱ ভোটাৰে এই নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ গৈ আছে ।
লগতে পঢ়ক : “হাৰিয়ানাত ২৫ লাখ ৪১ হাজাৰ ভোট চুৰি হৈছিল ”; পুনৰ ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ









