ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

“হাৰিয়ানাত ২৫ লাখ ৪১ হাজাৰ ভোট চুৰি হৈছিল ”; পুনৰ ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি ভোট চুৰিৰ বিষয়টো পুনৰ উত্থাপন কৰে।তেওঁ কয় যে হাৰিয়ানাত ভোট চুৰি হৈছিল। ৰাহুলে দাবী কৰে যে হাৰিয়ানাৰ ২৫ লাখ ভোটাৰ ভুৱা বুলি প্ৰমাণ তেওঁৰ হাতত আছে।হাৰিয়ানাত প্ৰতি ৮ জন ভোটাৰৰ ভিতৰত ১ জন

ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি ভোট চুৰিৰ বিষয়টো পুনৰ উত্থাপন কৰে।তেওঁ কয় যে হাৰিয়ানাত ভোট চুৰি হৈছিল।

ৰাহুলে দাবী কৰে যে হাৰিয়ানাৰ ২৫ লাখ ভোটাৰ ভুৱা বুলি প্ৰমাণ তেওঁৰ হাতত আছে।হাৰিয়ানাত প্ৰতি ৮ জন ভোটাৰৰ ভিতৰত ১ জন ভুৱা।

ৰাহুল গান্ধীয়ে কয় যে, “আমাৰ হাতত ‘এইচ’ ফাইলবোৰ আছে আৰু ই এনে এটা বিষয়ত আছিল যে কেনেকৈ এখন ৰাজ্যক চুৰি কৰা হৈছিল।আমাৰ সন্দেহ আছিল যে এইটো ব্যক্তিগত সমষ্টিত নহয়,বৰঞ্চ ৰাজ্যিক পর্যায় আৰু ৰাষ্ট্ৰীয় পর্যায়ত ঘটি আছে৷”

সাংসদগৰাকীয়ে কয় যে, ‘হাৰিয়ানাত আমাৰ প্ৰাৰ্থীৰ পৰা বহু অভিযোগ পাইছিলোঁ যে কিবা এটা ভুল হৈছে আৰু কাম কৰা নাই।তেওঁৰ সকলো ভৱিষ্যদ্বাণী ভুল হৈ গ’ল’।

“আমি এই অভিজ্ঞতা মধ্য প্ৰদেশ, ছত্তীশগড়, মহাৰাষ্ট্ৰত অনুভৱ কৰিছিলো, কিন্তু আমি হাৰিয়ানাত মনোনিৱেশ কৰাৰ আৰু তাত যিবোৰ হৈছিল, তাৰ ওপৰত অধিক জানিবলৈ সিদ্ধান্ত লৈছিলো।”

তেওঁ আৰু কয় যে, ‘সকলো এগজিট প’লে হাৰিয়ানাত কংগ্ৰেছৰ জয়ৰ দিশলৈ আঙুলিয়াই দিছিল। দ্বিতীয়তে যিটো কথাই আমাক আচৰিত কৰিছিল,সেইটো আছিল যে হাৰিয়ানাৰ নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে পষ্টেল ভোট প্ৰকৃত ভোটদানতকৈ পৃথক আছিল’।

“হাৰিয়ানাত আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। সেই কাৰণে,আমি ভাবিছিলো যে বিতংভাৱে জানিব পাৰিম।এই তথ্য যেতিয়া মই প্ৰথম দেখিছিলো, যিটো আপোনালোকে চাবলৈ গৈ আছে,তেন্তে মই বিশ্বাস কৰা নাই। মই থতমত খালোঁ। মই দলটোক কেইবাবাৰো ক্ৰছ চেক কৰিবলৈ ক’লোঁ।”

লগতে পঢ়ক: নিউয়ৰ্কৰ প্ৰথমগৰাকী মুছলমান মেয়ৰ; ভাৰতীয় মূলৰ জোহৰান মামদানীয়ে ৰচিলে ইতিহাস