বিশেষ সংশোধন প্ৰক্ৰিয়াৰ অন্তত নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে । SIRৰ পূৰ্বে মুঠ ভোটাৰৰ সংখ্যা আছিল ৭,৬৬,৩৭,৫২৯, যি এতিয়া হ্ৰাস পাই ৭,০৪,৫৯,২৮৪ হৈছে ।
পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াৰ অন্তত ভাৰতীয় নিৰ্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে । আয়োগৰ মতে, ২০২৫ চনৰ ডিচেম্বৰত খচৰা তালিকা প্ৰকাশ হোৱাৰ পিছত ‘ফৰ্ম ৭’ ব্যৱহাৰৰ জৰিয়তে ৫,৪৬,০৫৩ জন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে ।
SIRৰ পূৰ্বে পশ্চিমবংগত মুঠ ভোটাৰৰ সংখ্যা আছিল ৭,৬৬,৩৭,৫২৯, যি এতিয়া হ্ৰাস পাই ৭,০৪,৫৯,২৮৪ হৈছে । অৰ্থাৎ, এই তালিকাৰ পৰা ৬১ লাখৰো অধিক নামৰ সালসলনি ঘটিছে ।
পশ্চিমবংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, মুঠ ৫৮,২০,৮৯৯ টা ইনুমাৰেশ্যন ফৰ্ম (Enumeration Forms) প্ৰাপ্ত হোৱা নাছিল । নিৰ্বাচনী সংস্থাই ২৪,১৬,৮৫২ জন ভোটাৰক মৃত, ১২,২০,০৩৯ জন অনুপস্থিত, ১৯,৮৮,০৭৬ জন স্থানান্তৰিত হোৱা, ১,৩৮,৩২৮ জন ইতিমধ্যে তালিকাভুক্ত হোৱা বুলি চিনাক্ত কৰিছে আৰু আনুষংগিক অন্যান্য কাৰণত ৫৭,৬০৪ টা নাম কৰ্তন কৰা হৈছে ।
২০২৫ চনৰ ১৬ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছত, নিৰ্বাচনী সংস্থাই ‘ফৰ্ম ৬’ আৰু ‘৬এ’ ব্যৱহাৰ কৰি মুঠ ১,৮২,০৩৬ জন ভোটাৰক তালিকাভুক্ত কৰাৰ লগতে ‘ফৰ্ম ৮’ৰ জৰিয়তে ৬,৬৭১ টা সংশোধন কৰিছে । আয়োগৰ মতে, বিচাৰাধীন অৱস্থাত থকা ৬০,০৬,৬৭৫ জন ভোটাৰক চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । লিংগ অনুপাত ৯৫৬ ত স্থিৰ আছে, যিটো খচৰা তালিকা প্ৰকাশৰ পাছতো একেই আছিল ।
এই SIRৰ মূল উদ্দেশ্য আছিল প্ৰতিটো পৰ্যায়ত সম্পূৰ্ণ স্বচ্ছতাৰে সকলো যোগ্য ভোটাৰক অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ভোটাৰক বাদ দিয়া । প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে এই সংশোধন প্ৰক্ৰিয়াত ১০০ শতাংশ শাৰীৰিক পৰীক্ষণৰ কৌশল অৱলম্বন কৰা হৈছিল, য’ত বুথ পৰ্যায়ৰ বিষয়াসকলে (BLO) নিজেই ইনুমাৰেশ্যন ফৰ্ম বিতৰণ আৰু সংগ্ৰহৰ কাম পৰিচালনা কৰিছিল ।
মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে এই পুংখানুপুংখ পদক্ষেপে মৃত ব্যক্তি, ৰাজ্যৰ বাহিৰলৈ স্থায়ী প্ৰব্ৰজন আৰু দুবাৰকৈ হোৱা পঞ্জীয়নসমূহ চিনাক্ত কৰি অযোগ্য নামসমূহ আঁতৰাই ভোটাৰ তালিকা নিশ্চিত কৰিছে । নিৰ্বাচন আয়োগে ভোটাৰসকলক তেওঁলোকৰ নাম পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে আৰু প্ৰয়োজন হ’লে নাম অন্তৰ্ভুক্তিকৰণ (ফৰ্ম-৬/৬এ), সংশোধন (ফৰ্ম-৮) বা কৰ্তনৰ (ফৰ্ম-৭) বাবে অনলাইন বা অফলাইনযোগে আবেদন দাখিল কৰিবলৈ জনাইছে ।
লগতে পঢ়ক : মধ্য প্ৰাচ্যত যুদ্ধৰ বিভীষিকা, এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৱে ল’লে ডাঙৰ সিদ্ধান্ত









