এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু ইণ্ডিগো এয়াৰলাইন্সে উপসাগৰীয় দেশসমূহলৈ সকলো বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিছে
ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ পিছত সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ পৰিৱেশে বিৰাজ কৰিছে । ইৰানে কুৱেইট, ডুবাই, আবুধাবি, বাহৰেইন, কাটাৰ, ইৰাক, চৌদি আৰব, জৰ্ডান আদি উপসাগৰীয় দেশসমূহৰ আমেৰিকাৰ সামৰিক ঘাটিসমূহত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে । এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু ইণ্ডিগো এয়াৰলাইন্সে উপসাগৰীয় দেশসমূহলৈ সকলো বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিছে ।
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয় যে, “যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ । আমি পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছো আৰু প্ৰয়োজন অনুসৰি আমাৰ কাৰ্য্যকলাপ পৰ্যালোচনা আৰু সালসলনি কৰিম । আমাৰ দলসমূহে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সকলো সম্ভাৱ্য সহায় আগবঢ়াইছে । আক্ৰান্ত যাত্ৰীসকলক তেওঁলোকৰ পঞ্জীয়নভুক্ত যোগাযোগৰ তথ্যৰ জৰিয়তে পোনপটীয়াকৈ অৱগত কৰা হৈছে ।”
বিমান সংস্থাটোৱে যাত্ৰীসকলক airindiaexpress.com ত বিমানৰ অৱস্থা পৰীক্ষা কৰি প্ৰদান কৰা যোগাযোগৰ তথ্য আপডেট হোৱাটো নিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে । এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে কয় যে, “প্ৰভাৱিত বিমানৰ পুনৰ সময় নিৰ্ধাৰণ আৰু বাতিলৰ সন্দৰ্ভত তথ্যৰ বাবে যাত্ৰীসকলে আমাৰ ৱেবছাইটৰ মেনেজ বুকিং শিতানলৈ যাব পাৰে বা টিয়া (চাটবট)ৰ সৈতে হোৱাটছএপত +৯১ ৬৩৬০০১২৩৪৫ নম্বৰত যোগাযোগ কৰিব পাৰে । এই সময়ছোৱাত আমাৰ যাত্ৰীসকলৰ ধৈৰ্য্য আৰু সহযোগিতাৰ বাবে আমি কৃতজ্ঞ ।’
ইণ্ডিগোৱে জনোৱা মতে, ইৰাণ আৰু মধ্যপ্ৰাচ্যৰ চাৰিওফালে আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ পৰিৱৰ্তনৰ বাবে মধ্যপ্ৰাচ্যলৈ অহা-যোৱা কৰা সকলো বিমান যাত্ৰা মাজনিশা ১২ বজালৈকে বাতিল কৰা হৈছে । স্পাইচজেটেও এক বিবৃতিত কয় যে ডুবাইৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে তেওঁলোকৰ কিছুমান বিমান সেৱা প্ৰভাৱিত হ’ব পাৰে । বিমান সংস্থাটোৱে যাত্ৰীসকলক নিয়মীয়াকৈ আপডেটৰ বাবে ৱেবছাইট পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে ।









