গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ আৰম্ভ হ’ব পোনপটীয়া বিমান সেৱা

ডুবাই আৰু আবুধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়া বিমান সেৱা আৰম্ভ বুলি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

অসমৰ আন্তঃৰাষ্ট্ৰীয় সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ অগ্ৰগতি হিচাপে অহা ৪ আগষ্টৰ পৰা গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হ’ব । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে, ২২ জুনত সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিয়ে ।

ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ত এই তথ্য শ্বেয়াৰ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এয়াৰ ইণ্ডিয়াৰ দ্বাৰা পৰিচালিত হ’বলগীয়া এই নতুন বিৰতিহীন বিমান সেৱাই অসমৰ সৈতে বিশ্ব সম্প্ৰদায়ৰ সংযোগ অধিক শক্তিশালী কৰিব । তেওঁৰ মতে, এই পদক্ষেপে গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ এক গুৰুত্বপূর্ণ ভ্ৰমণ আৰু পৰিবহন কেন্দ্ৰ হিচাপে অধিক সুদৃঢ় কৰিব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “বিশ্ব সম্প্ৰদায়ৰ সৈতে অসমক সংযোগ কৰাৰ নতুন পথ মুকলি হৈছে ।” তেওঁ লগতে কয় যে ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে অসমৰ ক্ষেত্ৰত জাৰি কৰা ভ্ৰমণ নিষেধাজ্ঞা প্ৰত্যাহাৰৰ কেইদিনমান পাছতেই এই সুখবৰ ভাগ-বতৰা কৰিবলৈ পাই তেওঁ আনন্দিত ।

নতুন বিমান সেৱা আৰম্ভ হোৱাৰ পাছত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ সংযুক্ত আৰৱ আমিৰাত (UAE), থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানলৈ আন্তঃৰাষ্ট্ৰীয় সংযোগ উপলব্ধ হ’ব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে এতিয়া ভিয়েটনামৰ সৈতে পোনপটীয়া বিমান সংযোগ স্থাপনৰ দিশতো কাম কৰি আছে । “মোৰ পৰৱৰ্তী লক্ষ্য হৈছে ভিয়েটনামলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰা,” বুলি তেওঁ উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে ২০ জুনত মুখ্যমন্ত্রী ড০ শৰ্মাই ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে অসমৰ ভ্ৰমণৰ বাবে জাৰি কৰা নিষেধাজ্ঞামূলক সতৰ্কবাণী সংশোধন আৰু প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছিল । তেওঁ সেই সিদ্ধান্তক ৰাজ্যখনৰ প্ৰতি এক উৎসাহজনক খবৰ আৰু আস্থাৰ প্ৰকাশ বুলি উল্লেখ কৰিছিল ।

লগতে পঢ়ক : অসমৰ ৪০ হাজাৰ স্কুলত আৰম্ভ হ’ব ‘অলিম্পিক মূল্যবোধ শিক্ষা’: মুখ্যমন্ত্ৰীৰ ঘোষণা

মধ্য প্ৰাচ্যত যুদ্ধৰ বিভীষিকা, এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৱে ল’লে ডাঙৰ সিদ্ধান্ত

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু ইণ্ডিগো এয়াৰলাইন্সে উপসাগৰীয় দেশসমূহলৈ সকলো বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিছে

ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ পিছত সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ পৰিৱেশে বিৰাজ কৰিছে । ইৰানে কুৱেইট, ডুবাই, আবুধাবি, বাহৰেইন, কাটাৰ, ইৰাক, চৌদি আৰব, জৰ্ডান আদি উপসাগৰীয় দেশসমূহৰ আমেৰিকাৰ সামৰিক ঘাটিসমূহত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে । এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ আৰু ইণ্ডিগো এয়াৰলাইন্সে উপসাগৰীয় দেশসমূহলৈ সকলো বিমান সেৱা সাময়িকভাৱে বন্ধ কৰি দিছে ।

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয় যে, “যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ । আমি পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছো আৰু প্ৰয়োজন অনুসৰি আমাৰ কাৰ্য্যকলাপ পৰ্যালোচনা আৰু সালসলনি কৰিম । আমাৰ দলসমূহে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সকলো সম্ভাৱ্য সহায় আগবঢ়াইছে । আক্ৰান্ত যাত্ৰীসকলক তেওঁলোকৰ পঞ্জীয়নভুক্ত যোগাযোগৰ তথ্যৰ জৰিয়তে পোনপটীয়াকৈ অৱগত কৰা হৈছে ।”

বিমান সংস্থাটোৱে যাত্ৰীসকলক airindiaexpress.com ত বিমানৰ অৱস্থা পৰীক্ষা কৰি প্ৰদান কৰা যোগাযোগৰ তথ্য আপডেট হোৱাটো নিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে । এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে কয় যে, “প্ৰভাৱিত বিমানৰ পুনৰ সময় নিৰ্ধাৰণ আৰু বাতিলৰ সন্দৰ্ভত তথ্যৰ বাবে যাত্ৰীসকলে আমাৰ ৱেবছাইটৰ মেনেজ বুকিং শিতানলৈ যাব পাৰে বা টিয়া (চাটবট)ৰ সৈতে হোৱাটছএপত +৯১ ৬৩৬০০১২৩৪৫ নম্বৰত যোগাযোগ কৰিব পাৰে । এই সময়ছোৱাত আমাৰ যাত্ৰীসকলৰ ধৈৰ্য্য আৰু সহযোগিতাৰ বাবে আমি কৃতজ্ঞ ।’

ইণ্ডিগোৱে জনোৱা মতে, ইৰাণ আৰু মধ্যপ্ৰাচ্যৰ চাৰিওফালে আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ পৰিৱৰ্তনৰ বাবে মধ্যপ্ৰাচ্যলৈ অহা-যোৱা কৰা সকলো বিমান যাত্ৰা মাজনিশা ১২ বজালৈকে বাতিল কৰা হৈছে । স্পাইচজেটেও এক বিবৃতিত কয় যে ডুবাইৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে তেওঁলোকৰ কিছুমান বিমান সেৱা প্ৰভাৱিত হ’ব পাৰে । বিমান সংস্থাটোৱে যাত্ৰীসকলক নিয়মীয়াকৈ আপডেটৰ বাবে ৱেবছাইট পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে ।

লগতে পঢ়ক : আমেৰিকাৰ সাতটা সামৰিক ঘাটিত ইৰাণৰ বিধ্বংসী আক্ৰমণ, বাহৰেইন, কুৱেইট, কাটাৰ আৰু ইউ এ ইৰ ঘাটিত ক্ষেপণাস্ত্ৰ নিক্ষেপ

পাইলটে ইচ্ছাকৃতভাৱে কৰিছিল দুৰ্ঘটনা! আহমেদাবাদৰ বিমান দুৰ্ঘটনা লৈ কৰা দাবীৰ প্ৰত্যুত্তৰ চৰকাৰৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনা লৈ কৰা দাবীৰ উত্তৰ দিছে বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে । সংস্থাটোৱে এক বিবৃতিযোগে এই বিষয়টো স্পষ্ট কৰি দিয়ে ।

যোৱা বছৰ গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়া ফ্লাইট এ আই-১৭১ৰ মৰ্মান্তিক দুৰ্ঘটনাত ২৬০ জন লোকৰ মৃত্যু হৈছিল । এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছত সংশ্লিষ্ট সংস্থাসমূহে এক সম্যক তদন্ত আৰম্ভ কৰে । কিন্তু তদন্তৰ মাজতে পাইলটজনে ইচ্ছাকৃতভাৱে এই মাৰাত্মক দুৰ্ঘটনাটো সংঘটিত কৰা বুলি কিছু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে বৃহস্পতিবাৰে এক বিবৃতিযোগে এই বিষয়টো স্পষ্ট কৰি দিয়ে ।

আনুষ্ঠানিক বিবৃতিত এ এ আই বিয়ে উল্লেখ কৰিছে যে আহমেদাবাদত সংঘটিত হোৱা মাৰাত্মক এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ সম্পূৰ্ণ তদন্ত এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই । গতিকে চূড়ান্ত ফলাফল জনাৰ আগতে কোনো ব্যক্তি বা কাৰণক দোষ দিয়াটো অনুচিত হ’ব ।

তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, একাংশ সংবাদ মাধ্যমৰ বাতৰিয়ে দুৰ্ঘটনাটোৰ তদন্ত সম্পূৰ্ণ হোৱা বুলি দাবী কৰিছে যদিও এই বাতৰিসমূহ শুদ্ধ নহয় আৰু জল্পনা-কল্পনাৰ ভিত্তিত এই সমূহ বাতৰি প্ৰকাশ কৰা হৈছে । এই গুৰুতৰ বিষয়টোৰ চৰকাৰী বিবৃতি আৰু চূড়ান্ত তদন্তৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিবলৈ জনসাধাৰণক আহ্বান জনায় সংস্থাটোৱে ।

সংস্থাটোৱে পেছাদাৰীভাৱে আৰু সম্পূৰ্ণ স্বচ্ছতাৰে তদন্ত চলোৱা হৈছে বুলি কয় । তেওঁলোকে কয় যে, তদন্ত চলি আছে আৰু প্ৰাসংগিক তথ্য নিশ্চিত হোৱাৰ পিছতহে চূড়ান্ত আনুষ্ঠানিক ফলাফল ঘোষণা কৰা হ’ব । যিহেতু বিমান দুৰ্ঘটনাৰ তদন্ত এক অতি জটিল আৰু কাৰিকৰী প্ৰক্ৰিয়া, সেয়েহে ইয়াত বিমানৰ ডাটা ৰেকৰ্ডাৰ, ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ, কাৰিকৰী পৰিদৰ্শন, বতৰৰ অৱস্থা আৰু আন বহুতো দিশৰ সম্যক পৰ্যালোচনা জড়িত হৈ থাকে । গতিকে তদন্ত সম্পূৰ্ণ হোৱাৰ আগতে কোনো সিদ্ধান্তত উপনীত হোৱাটো উচিত নহয় ।

লগতে পঢ়ক : কাৰিকৰী বিজুতিৰ বাবে নহয়, পাইলটৰ বাবাহে…! আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ ভয়ংকৰ তথ্য ফাদিল

হিংসাত্মক প্ৰতিবাদৰ বাবে বন্ধ কাঠমাণ্ডু বিমানবন্দৰ… ভাৰতীয় বিমান বাতিল; দূতাবাসে মুকলি কৰিলে হেল্পলাইন নম্বৰ

হিংসাত্মক প্ৰতিবাদৰ বাবে বন্ধ কাঠমাণ্ডু বিমানবন্দৰ

হিংসাত্মক প্ৰতিবাদৰ কবলত সমগ্ৰ নেপাল । নেপালৰ ৰাজধানী কাঠমাণ্ডুত বৰ্তমান অগ্নিগৰ্ভা পৰিস্থিতি । সোমবাৰে ‘ZEN-Z’ৰ নেতৃত্বত ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞাৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । হিংসাত্মক প্ৰতিবাদৰ পিছত কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । এনে পৰিস্থিতিত ভাৰতৰ পৰা নেপাললৈ যোৱা বহু বিমান ক্ষতিগ্ৰস্ত হয় । দিল্লী-কাঠমাণ্ডু পথত চলি থকা তিনিখন বিমান (AI2231/2232, AI2219/2220 আৰু AI217/218) বাতিল কৰে এয়াৰ ইণ্ডিয়াই । একে সময়তে দিল্লী আৰু মুম্বাইৰ পৰা ইণ্ডিগোৰ বিমান (6E1153 আৰু 6E1157) কাঠমাণ্ডুত অৱতৰণ কৰিবলৈ অপেক্ষা কৰি আছিল যদিও অনুমোদন নোপোৱাত লক্ষ্ণৌলৈ ডাইভাৰ্ট কৰিবলগীয়া হয় ।

নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই কয় যে প্ৰতিবাদকাৰীয়ে জ্বলোৱা জুইৰ ধোঁৱাৰ বাবে বিমানবন্দৰৰ দক্ষিণ অংশৰ পৰা অহা বিমানসমূহ অৱতৰণ কৰিব পৰা নাছিল । ফ্লাইট ট্ৰেকিং ৱেবছাইট Flightradar24ৰ তথ্যতো নেপালৰ ওপৰেৰে কেইবাখনো ভাৰতীয় বিমান ঘূৰি থকা দেখা গৈছে ।

ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বাবে ক্ষোভৰ সৃষ্টি-

শেহতীয়াকৈ নেপাল চৰকাৰে ইনষ্টাগ্ৰাম, হোৱাটছএপ, ইউটিউব আৰু এক্স (পূৰ্বৰ টুইটাৰ)ৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম দেশখনত নিষিদ্ধ কৰিছিল । ইয়াৰ প্ৰতিবাদত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কাঠমাণ্ডুৰ ৰাজপথলৈ ওলাই আহে । প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ লগে লগে প্ৰতিবাদকাৰীয়ে সংসদ ভৱন ঘেৰাও কৰে । আৰক্ষীয়ে কন্দুৱা গেছ আৰু পানীৰ হিলৈ ব্যৱহাৰ কৰে যদিও প্ৰতিবাদকাৰীৰ ভিৰৰ সন্মুখত অসহায় হৈ পৰে নিৰাপত্তা বাহিনী ।

ভাৰতীয় দূতাবাসৰ হেল্পলাইন নম্বৰ মুকলি-

ইফালে ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকৰ বাবে জৰুৰীকালীন হেল্পলাইন নম্বৰ মুকলি কৰিছে । দূতাবাসে কয় যে নেপালত উপস্থিত থকা সকলো ভাৰতীয় নাগৰিকে যিকোনো জৰুৰীকালীন অৱস্থা বা সহায়ৰ প্ৰয়োজন হ’লে তৎক্ষণাত যোগাযোগ কৰিব পাৰিব । মুকলি কৰা নম্বৰসমূহ হ’ল- +৯৭৭-৯৮০৮৬০২৮৮১ আৰু +৯৭৭-৯৮১০৩২৬১৩৪ । দূতাবাসে নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু পৰিস্থিতিৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনাইছে । যাত্ৰীসকলক অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক : প্ৰতিবাদত উত্তাল নেপালত ভয়াৱহ পৰিস্থিতি… প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ

কেইবাজনো সাংসদ কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমানত বিসংগতি; জৰুৰীকালীন অৱতৰণ

কেইবাজনো সাংসদ কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ বিমানত বিসংগতি

দেওবাৰে নিশা তিৰুৱনন্তপুৰমৰ পৰা দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমান চেন্নাইলৈ উভতাই পঠিওৱা হৈছে।বিমান সংস্থাটোৱে ইয়াৰ কাৰণ হিচাপে কাৰিকৰী বিসংগতি আৰু বেয়া বতৰৰ কথা উল্লেখ কৰিছে।

এয়াৰবাছ এ৩২০ বিমানৰ দ্বাৰা পৰিচালিত AI2455 নম্বৰৰ বিমানখন দুঘণ্টাৰো অধিক সময় আকাশত আছিল।বিমান সংস্থাটোৱে এক বিবৃতিত কয় যে, “১০ আগষ্টত তিৰুৱনন্তপুৰমৰ পৰা দিল্লী অভিমুখী AI2455 বিমানখনৰ ক্ৰু সকলে কাৰিকৰী সমস্যা আৰু বেয়া বতৰৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানখন চেন্নাইলৈ ডাইভাৰ্ট কৰা হয়।

Flightradar24 ৰ পৰা লাভ কৰা তথ্য অনুসৰি, বিমানখনে তিৰুৱনন্তপুৰমৰ পৰা নিশা ৮ বজাৰ পিছত উৰা মাৰি নিশা ১০.৩৫ মান বজাত চেন্নাইত উপস্থিত হয়।

জানিব পৰা মতে, বিমানখনত সাংসদ- কে চি ভেনুগোপাল, কোডিকুন্নিল সুৰেশ, আদূৰ প্ৰকাশ, কে ৰাধাকৃষ্ণন আৰু ৰবাৰ্ট ব্ৰুচ দিল্লীলৈ গৈ আছিল।

অৱতৰণৰ পিছত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে এই ঘটনাক এক বৃহৎ দুৰ্ঘটনাৰ পৰা “সংকীৰ্ণ পলায়ন” বুলি অভিহিত কৰে।

কে চি ভেনুগোপালে সামাজিক মাধ্যমত এটা পোষ্ট দি লিখিছে যে,”তিৰুৱনন্তপুৰমৰ পৰা দিল্লীলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI2455, য’ত মই, কেইবাজনো সাংসদ আৰু শ শ যাত্ৰী আছিলো, আজি মই এটা দুৰ্ঘটনাৰ বহুত ওচৰ চাপি আহিলোঁ।

প্ৰথম অৱস্থাত বিমানখনৰ উৰন পলমকৈ আৰম্ভ হৈছিল।টেক অফৰ কিছু সময়ৰ পিছতে বিমানখনত জোকাৰণি আৰম্ভ হৈছিল।

আৰু প্ৰায় এঘণ্টাৰ পিছত কেপ্তেইনে বিমানখনত চিগনেলৰ সমস্যা হোৱা বুলি জনাইছিল আৰু চেন্নাইলৈ ডাইভাৰ্ট কৰা হৈছে।আমি প্ৰায় দুঘণ্টামান চেন্নাই বিমানবন্দৰৰ ওপৰেৰে ঘূৰি ফুৰিছিলোঁ।

প্ৰথমবাৰ লেণ্ড কৰিবলৈ চেষ্টা কৰাৰ সময়টো এটা ভয়ংকৰ মুহূৰ্ত আছিল, যেতিয়া গম পোৱা গ’ল যে ৰাণৱেত আন এখন বিমান আছে। কেপ্তেইনে লগে লগে বিমানখন ওপৰলৈ তুলি লৈ সকলোৰে প্ৰাণ ৰক্ষা কৰিলে।

“পাইলটৰ গুৰুত্ব আৰু ভাগ্যৰ উপস্থিতিয়ে আমি ৰক্ষা পালোঁ।এই ঘটনাৰ তদন্ত অনতিপলমে DGCA আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক আহ্বান জনাইছো,দায়িত্ব ঠিক কৰক আৰু এনে ত্ৰুটি কেতিয়াও পুনৰাবৃত্তি নহয় বুলি নিশ্চিত কৰক।”  

লগতে পঢ়ক: মহান মহাকাশচাৰী জিম লাভেলৰ মৃত্যু… কিশোৰ ৰকেট বিজ্ঞানীৰ পৰা চন্দ্ৰৰ কাষলৈ যাত্ৰা

আহমেদাবাদত পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন; বাতিল হ’ল লণ্ডন অভমুখী বিমান

আহমেদাবাদত পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন

এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদ-লণ্ডন বিমান বাতিল । এই একেটা পথতে ১২ জুনত দুৰ্ঘটনাগ্ৰস্ত হৈছিল AI-171 বিমানখন । তথ্য অনুসৰি এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমান এ আই-১৫৯ দিনৰ ১.১০ বজাত আহমেদাবাদৰ পৰা ৰাওনা হোৱাৰ কথা আছিল । বিমানখন লণ্ডনত উপস্থিত হোৱাৰ সময় সন্ধিয়া ৬.২৫ বজা বুলি কোৱা হৈছিল । বিগত দুদিনত তিনিখন বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমানত কাৰিকৰী সমস্যা দেখা গৈছে । প্ৰথমে এয়াৰ ইণ্ডিয়া AI315 (হংকঙৰ পৰা দিল্লীলৈ) বিমান সন্দেহযুক্ত কাৰিকৰী বিজুতিৰ বাবে মাজভাগতে ঘূৰি আহিছিল । ইয়াৰ পিছতে ছান ফ্ৰান্সিস্কোৰ পৰা মুম্বাইলৈ অহা বিমানখন কলকাতাত ৰ’ব লগা হৈছিল আৰু আহমেদাবাদ-লণ্ডনৰ বিমানখন বাতিল কৰিবলগীয়া হৈছিল ।

জানিব পৰা মতে মঙলবাৰে বিয়লি আহমেদাবাদৰ পৰা লণ্ডনলৈ যাত্ৰা কৰিবলগীয়া এয়াৰ ইণ্ডিয়াৰ বিমানখন কাৰ্যকৰী সমস্যাৰ বাবে বাতিল কৰা হৈছে । এয়াৰ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটেও নিশ্চিত কৰিছে যে আহমেদাবাদৰ পৰা লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ যাবলগা AI-159 বিমানখন বাতিল কৰা হৈছে । নিৰ্ধাৰিত যাত্ৰাৰ পৰা পলমকৈ বিমানখনে বিয়লি ৩ বজাত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাত্ৰা কৰাৰ কথা আছিল ।

বিমানবন্দৰৰ অধীক্ষকে কয় যে, “আমাক জনোৱা হৈছে যে বিমানখন পৰিচালনাৰ কাৰণত বাতিল কৰা হৈছে । আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা মূল বিমানখনক এআই-১৭১ ক’ড কৰা হৈছিল, সোমবাৰৰ পৰা নতুন বিমান ক’ড এআই-১৫৯ৰে পুনৰ বিমান সেৱা আৰম্ভ হৈছিল ।” বিমানখন বাতিল হোৱাৰ “কাৰ্য্যকৰী সমস্যা”ৰ বিষয়ে বিষয়াগৰাকীয়ে বিতংভাৱে কোৱা নাই । যোৱা ১২ জুনত আহমেদাবাদৰ পৰা উৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হোৱা এআই-১৭১ বিমানখনৰ ঠাইত নতুন ক’ড এআই-১৫৯ স্থাপন কৰা হৈছে ।

বিমানখন বাতিলৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । অৱশ্যে বিমান বাতিলৰ বাবে যাত্ৰীসকলে টিকটৰ ভাড়া ঘূৰাই পাব নে নাপাই সেই সন্দৰ্ভত এতিয়াও কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই ।

লগতে পঢ়ক : লোকপিয়লৰ অধিসূচনা জাৰি; ৩৫ লাখৰো অধিক কৰ্মীয়ে ডিজিটেলী কৰিব কাম