পাইলটে ইচ্ছাকৃতভাৱে কৰিছিল দুৰ্ঘটনা! আহমেদাবাদৰ বিমান দুৰ্ঘটনা লৈ কৰা দাবীৰ প্ৰত্যুত্তৰ চৰকাৰৰ

পাইলটে ইচ্ছাকৃতভাৱে কৰিছিল দুৰ্ঘটনা! আহমেদাবাদৰ বিমান দুৰ্ঘটনা লৈ কৰা দাবীৰ প্ৰত্যুত্তৰ চৰকাৰৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনা লৈ কৰা দাবীৰ উত্তৰ দিছে বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে । সংস্থাটোৱে এক বিবৃতিযোগে এই বিষয়টো স্পষ্ট কৰি দিয়ে । যোৱা বছৰ গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়া ফ্লাইট এ আই-১৭১ৰ মৰ্মান্তিক দুৰ্ঘটনাত ২৬০ জন লোকৰ মৃত্যু হৈছিল । এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছত সংশ্লিষ্ট সংস্থাসমূহে

আহমেদাবাদৰ বিমান দুৰ্ঘটনা লৈ কৰা দাবীৰ উত্তৰ দিছে বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে । সংস্থাটোৱে এক বিবৃতিযোগে এই বিষয়টো স্পষ্ট কৰি দিয়ে ।

যোৱা বছৰ গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়া ফ্লাইট এ আই-১৭১ৰ মৰ্মান্তিক দুৰ্ঘটনাত ২৬০ জন লোকৰ মৃত্যু হৈছিল । এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছত সংশ্লিষ্ট সংস্থাসমূহে এক সম্যক তদন্ত আৰম্ভ কৰে । কিন্তু তদন্তৰ মাজতে পাইলটজনে ইচ্ছাকৃতভাৱে এই মাৰাত্মক দুৰ্ঘটনাটো সংঘটিত কৰা বুলি কিছু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে বৃহস্পতিবাৰে এক বিবৃতিযোগে এই বিষয়টো স্পষ্ট কৰি দিয়ে ।

আনুষ্ঠানিক বিবৃতিত এ এ আই বিয়ে উল্লেখ কৰিছে যে আহমেদাবাদত সংঘটিত হোৱা মাৰাত্মক এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ সম্পূৰ্ণ তদন্ত এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই । গতিকে চূড়ান্ত ফলাফল জনাৰ আগতে কোনো ব্যক্তি বা কাৰণক দোষ দিয়াটো অনুচিত হ’ব ।

তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, একাংশ সংবাদ মাধ্যমৰ বাতৰিয়ে দুৰ্ঘটনাটোৰ তদন্ত সম্পূৰ্ণ হোৱা বুলি দাবী কৰিছে যদিও এই বাতৰিসমূহ শুদ্ধ নহয় আৰু জল্পনা-কল্পনাৰ ভিত্তিত এই সমূহ বাতৰি প্ৰকাশ কৰা হৈছে । এই গুৰুতৰ বিষয়টোৰ চৰকাৰী বিবৃতি আৰু চূড়ান্ত তদন্তৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিবলৈ জনসাধাৰণক আহ্বান জনায় সংস্থাটোৱে ।

সংস্থাটোৱে পেছাদাৰীভাৱে আৰু সম্পূৰ্ণ স্বচ্ছতাৰে তদন্ত চলোৱা হৈছে বুলি কয় । তেওঁলোকে কয় যে, তদন্ত চলি আছে আৰু প্ৰাসংগিক তথ্য নিশ্চিত হোৱাৰ পিছতহে চূড়ান্ত আনুষ্ঠানিক ফলাফল ঘোষণা কৰা হ’ব । যিহেতু বিমান দুৰ্ঘটনাৰ তদন্ত এক অতি জটিল আৰু কাৰিকৰী প্ৰক্ৰিয়া, সেয়েহে ইয়াত বিমানৰ ডাটা ৰেকৰ্ডাৰ, ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ, কাৰিকৰী পৰিদৰ্শন, বতৰৰ অৱস্থা আৰু আন বহুতো দিশৰ সম্যক পৰ্যালোচনা জড়িত হৈ থাকে । গতিকে তদন্ত সম্পূৰ্ণ হোৱাৰ আগতে কোনো সিদ্ধান্তত উপনীত হোৱাটো উচিত নহয় ।

লগতে পঢ়ক : কাৰিকৰী বিজুতিৰ বাবে নহয়, পাইলটৰ বাবাহে…! আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ ভয়ংকৰ তথ্য ফাদিল