‘ক’ভিডৰ দৰে এই সংকটো আমি অতিক্ৰম কৰিম’; মধ্য প্ৰাচ্যৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য
উপসাগৰীয় দেশসমূহত চলি থকা উত্তেজনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে ভাৰতৰ জনসাধাৰণৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। যেনেকৈ আমি সকলোৱে মিলি ক’ভিডৰ সংকট অতিক্ৰম কৰিলোঁ।তেনেদৰে তেলৰ সৈতে জড়িত এই সংকটো আমি অতিক্ৰম কৰিব পাৰিম।
মধ্য-প্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ডাঙৰ মন্তব্য দিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈছে যে, আজি বিশ্বই কঠিন সময়ৰ মাজেৰে পাৰ কৰি গৈছে, কিন্তু ভাৰত দ্ৰুতগতিত আৰু অবিৰতভাৱে আগবাঢ়িছে।এই সংকটৰ পৰা কোনো দেশেই মুক্ত নহয়।আমি ভাৰতৰ শক্তি সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছো।
এই যুদ্ধই বিশ্বক তীব্ৰ শক্তি সংকটত ডুবাই পেলাইছে আৰু আমি দেশ হিচাপে ইয়াৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পাৰো,সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ।এনে সংকটৰ সৈতে মোকাবিলা কৰাত সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। মই ৰাজ্য চৰকাৰ সমূহক অনুৰোধ কৰো যে তেওঁলোকে এনে সময়ত ক’লা বজাৰ আৰু জমাকাৰীৰোধ কৰিবলৈ চোৰাংচোৱাগিৰি বৃদ্ধি কৰক।
পশ্চিম এছিয়াৰ যুদ্ধ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ১৪০ কোটি ভাৰতীয়ৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ক’ভিডৰ সময়ৰ দৰে আমিও এই সংকট অতিক্ৰম কৰিম।আমাৰ সংকল্প স্পষ্ট-বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধৰ বাবে নাগৰিকে কোনো ধৰণৰ বিপদৰ সন্মুখীন হোৱা উচিত নহয়।
ভাৰতে এই প্ৰত্যাহ্বান সমূহ গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। আমি কেইবাটাও ফ্ৰণ্টত সক্ৰিয়ভাৱে কাম কৰি আছো।মই বিশ্বৰ বহু নেতাৰ লগত কথা পাতিছো, আমি শক্তি যোগান শৃংখলত আহিব লগীয়া বাধা সমূহ দুৰ কৰিবলৈ নিয়ন্ত্ৰণ প্ৰয়াস কৰি আছো। ভাৰতে নিজৰ কৃষক আৰু নাগৰিকক বিশ্বজনীন প্ৰত্যাহ্বানৰ বোজাৰ পৰা ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব।
লগতে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ গুলীচালনা, কথমপি প্ৰাণৰক্ষা