ভোটাৰ তালিকাৰ বিশেষ সংশোধনী
সোমবাৰে নিৰ্বাচন আয়োগে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে । ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি আয়োগে উল্লেখ কৰিছে । নিৰ্বাচন আয়োগে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক নিৰ্দেশ জাৰি কৰি এই বিশেষ পুনৰীক্ষণৰ তাৰিখ ১ জানুৱাৰী, ২০২৬ তাৰিখ হ’ব বুলি উল্লেখ কৰিছে । আয়োগৰ মতে, এই প্ৰক্ৰিয়াটো বাৰ্ষিক বিশেষ সাৰাংশ পুনৰীক্ষণ আৰু তালিকাৰ বিশেষ পুনৰীক্ষণৰ মাজৰ প্ৰক্ৰিয়া ।
সূচী অনুসৰি ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে ঘৰে ঘৰে পৰীক্ষণ কৰা হ’ব । ২৭ ডিচেম্বৰত সংযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব আৰু ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব ।
ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগে ৰাজ্যত ভোটাৰ তালিকাৰ “বিশেষ সংশোধন” কৰাৰ সিদ্ধান্তক আদৰণি জনাই ৰাজ্য চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কয় । মুখ্যমন্ত্রীগৰায়ে সামাজিক মাধ্যমযোগে লিখিছে- ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ তালিকাৰ বিশেষ সংশোধন কৰিবলৈ নির্বাচন আয়োগে লোৱা সিদ্ধান্তক অসম চৰকাৰে আদৰণি জনাইছে ৷
তেওঁ কয়, “এই প্ৰক্ৰিয়াই সকলো যোগ্য নাগৰিকৰ বাবে স্পষ্ট, আপডেটেড আৰু সঠিক তালিকা প্ৰস্তুত কৰাত সহায় কৰিব । এই পুনৰীক্ষণ স্বচ্ছ আৰু সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰে নিৰ্বাচন আয়োগক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।” উল্লেখ্য যে, ২০২৬ চনত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ।
উল্লেখ্য যে যোৱা অক্টোবৰ মাহত জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগে ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ দ্বিতীয় পৰ্যায়ৰ SIR ঘোষণা কৰিছিল । এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, পুডুচেৰী, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগত এছ আই আৰ অনুষ্ঠিত হৈ আছে । ইফালে অসমত এন আৰ চি প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে ৰাজ্যখনত এতিয়া SIR নহয় বুলি ঘো,ণা কৰিছিল নিৰ্বাচন আয়োগে ।
নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি-
-১৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ ছপা কৰা হ’ব ভোটাৰৰ তথ্য
-২০ তাৰিখৰ পৰা ঘৰে ঘৰে যাব বুথ পৰ্যায়ৰ বিষয়া । প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব বিষয়াসকলে ।
-২১-২৬ ডিচেম্বৰৰ ভিতৰত প্ৰস্তুত কৰিব খচৰা ভোটাৰ তালিকা
-২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ হ’ব
-বিসংগতি থাকিলে ১৯ জানুৱাৰীলৈ দিব পাৰিব অভিযোগ
-২ ফেব্ৰুৱাৰীৰ পূৰ্বে নিস্পত্তি কৰা হ’ব সকলো অভিযোগ
-১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা
লগতে পঢ়ক : দিল্লী বিস্ফোৰণক লৈ আপত্তিজনক পোষ্ট দি আৰক্ষীৰ জালত ১৫জন









