বিশেষ সংশোধনীৰ পিছত ভোটাৰ তালিকাত কি পৰিৱৰ্তন ?
বিহাৰৰ পিছত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী (SIR) শেহতীয়াকৈ দেশৰ আন ৰাজ্যতো হোৱাৰ কথা । বিহাৰত যেতিয়া এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেতিয়া ই এক বৃহৎ হুলস্থুলৰ সৃষ্টি কৰিছিল । এনে পৰিস্থিতিত ভাৰতৰ নিৰ্বাচন আয়োগ নিৰ্ধাৰিত সময়ত আৰু SIR ৰ আধাৰত প্ৰস্তুত কৰা ভোটাৰ তালিকা ব্যৱহাৰ কৰি ৬ নৱেম্বৰত বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে । ১১ নৱেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । বিশেষ সংশোধনীত কিমানজন ভোটাৰৰ নাম কৰ্তন হৈছিল আৰু এইবাৰ বিহাৰ নিৰ্বাচনত কিমানজন নতুন ভোটাৰ সংযোজন হৈছে জানি লওক ।
SIR ৰ পূৰ্বে বিহাৰত ৭.৮৯ কোটি ভোটাৰ আছিল-
নিৰ্বাচন আয়োগে জুন মাহত ভোটাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল । এই প্ৰক্ৰিয়াৰ পূৰ্বে ৰাজ্যখনত ৭.৮৯ কোটি ভোটাৰ আছিল । এই পুনৰীক্ষণৰ পিছত মুঠ ৬৫ লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল । ইয়াৰ ভিতৰত আছিল ২২ লাখতকৈ অধিক মৃত ভোটাৰ আৰু প্ৰায় ৩৫ লাখ স্থানচ্যুত ভোটাৰ । দুটা স্থানত প্ৰায় ৭ লাখ ভোটাৰৰ পঞ্জীয়ন হৈছিল । অৱশ্যে নিৰ্বাচন আয়োগে তেওঁলোকক দাবী আৰু আপত্তি দাখিল কৰিবলৈ ৩০ দিনৰ সময় দিয়ে । পৰৱৰ্তী সময়ত ভোটাৰ তালিকাৰ ফৰ্মেটত মুঠ ৭ কোটি ২৪ লাখ আৰু ৫ হাজাৰ ভোটাৰ দেখা গৈছিল । ১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈকে দাবী আৰু আপত্তিৰ পিছত ৩৬৬,৭৪২ জন ভোটাৰক আঁতৰোৱাৰ বিপৰীতে ২১৫৩,৩৪৩ জন যোগ্য ভোটাৰক যোগ কৰা হয় ।
চূড়ান্ত তালিকাত ১৪ লাখৰো অধিক নতুন ভোটাৰ সংযোজন-
ইয়াৰ পিছতে ৩০ ছেপ্টেম্বৰত চূড়ান্ত ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ পায় । ৭ কোটি ৪১ লাখ ভোটাৰৰ চূড়ান্ত তালিকা প্ৰকাশ হয় । তাৎপৰ্যপূৰ্ণভাৱে এইবাৰ ভোটাৰ তালিকাত ১৪ লাখৰো অধিক নতুন ভোটাৰ সংযোজন কৰা হয় । এই ভোটাৰৰ অধিকাংশই ১৮ৰ পৰা ১৯ বছৰৰ ভিতৰৰ । তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যাও ১৭২৫ গৰাকী ।
প্ৰথম পৰ্যায়ত প্ৰথমবাৰৰ বাবে ভোটদান কৰিছে বহু ভোটাৰে-
প্ৰথম পৰ্যায়ত মুঠ ৩ কোটি ৭৫ লাখ ১৩ হাজাৰ ৩০২ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । ১ কোটি ৯৮ লাখ ৩৫ হাজাৰ ৩২৫ পুৰুষ, ১ কোটি ৭৬ লাখ ৭৭ হাজাৰ ২১৯ মহিলা আৰু ৭৫৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ অন্তৰ্ভুক্ত আছে । ইয়াৰ উপৰিও এই পৰ্যায়ত ১ লাখ ৯০৪ জন সেৱা ভোটাৰেও ভোটদান কৰিব । প্ৰতিবন্ধী আৰু বৃদ্ধ ভোটাৰৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত বিশেষ সুবিধা সুনিশ্চিত কৰা হৈছে ।
গণতন্ত্ৰৰ এই মহান উৎসৱত ৩, ২২, ০৭৭ জন বিশেষভাৱে সক্ষম ভোটাৰ আৰু ৫, ৩১, ৪২৩ গৰাকী জ্যেষ্ঠ নাগৰিক ভোটাৰে (য’ত ৮০ বছৰৰ ওপৰৰ ৫, ২৪, ৬৮৭ জন ভোটাৰ আৰু ১০০ বছৰৰ ওপৰৰ ৬,৭৩৬ জন ভোটাৰ অন্তৰ্ভুক্ত)ও অংশগ্ৰহণ কৰিব । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৭ লাখ ৩৭ হাজাৰ ৭৬৫ জন ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলৈ ওলাইছে । ইয়াৰে অধিকাংশই ১৮ৰ পৰা ১৯ বছৰ বয়সৰ যুৱ ভোটাৰ ৷ আনহাতে ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ ১, ৯৬, ২৭, ৩৩০ জন যুৱ ভোটাৰে এই নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ গৈ আছে ।
লগতে পঢ়ক : বিহাৰ নিৰ্বাচনঃ প্ৰথম পৰ্যায়ত বন্দী হ’ব ১৪গৰাকী মন্ত্ৰীৰ ভাগ্য









