মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ খাৰিজ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপন কৰা মহাভিযোগ প্ৰস্তাৱ খাৰিজ

১৯৩ গৰাকী সাংসদে উত্থাপন কৰা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপন কৰা মহাভিযোগ প্ৰস্তাৱ খাৰিজ । অধ্যক্ষই প্ৰস্তাৱটোৰ সকলো দিশৰ বস্তুনিষ্ঠ মূল্যায়ন কৰে । ন্যায়াধীশ (তদন্ত) আইনৰ অধীনত থকা ক্ষমতাৰ প্ৰয়োগ কৰি তেওঁ এই প্ৰস্তাৱ নাকচ কৰে । ইয়াৰ লগে লগে মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল এতিয়া সুৰক্ষিত ।

যোৱা ১২ মাৰ্চত ৰাজ্যসভাত উত্থাপন কৰা এই প্ৰস্তাৱৰ ওপৰত ৰাজ্যসভাৰ অধ্যক্ষই পুংখানুপুংখভাৱে আলোচনা কৰে । সকলো প্ৰাসংগিক দিশ আৰু বিষয় বস্তুনিষ্ঠভাৱে মূল্যায়ন কৰাৰ পিছত অধ্যক্ষই ন্যায়াধীশ (তদন্ত) আইন, ১৯৬৮ৰ ৩ নং ধাৰাত নিজৰ ক্ষমতা প্ৰয়োগ কৰি ইয়াৰ প্ৰতি সন্মতি দিবলৈ অস্বীকাৰ কৰে ।

এই সিদ্ধান্তই স্পষ্ট কৰি দিয়ে যে মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল অব্যাহত থাকিব আৰু তেওঁৰ বিৰুদ্ধে মহাভিযোগ দাখিলৰ কোনো কাৰ্যবিধি চলিব নোৱাৰিব । এই পদক্ষেপক সংবিধানৰ স্বাধীনতা আৰু নির্বাচনী প্রক্রিয়াক শক্তিশালী কৰাৰ ক্ষেত্রত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ৷ উল্লেখযোগ্য যে লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনতে বিৰোধীয়ে জাননী দিছিল ।

বিৰোধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণৰ প্ৰস্তাৱৰ দাবী জনায় । বিৰোধীয়ে তেওঁৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰে । তেওঁৰ বিৰুদ্ধে কাৰ্যভাৰত পক্ষপাতিত্বমূলক আৰু বৈষম্যমূলক আচৰণ, অসৎ আচৰণ, নিৰ্বাচনী প্ৰৱঞ্চনা, ভোটাধিকাৰ অস্বীকাৰ কৰাকে ধৰি সাতটা গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল ।

বিশেষকৈ বিহাৰ আৰু পশ্চিম বংগত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR) ৰ সন্দৰ্ভত বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিছিল । এই প্ৰক্ৰিয়াৰ ফলত বহু ভোটাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি দাবী কৰিছিল বিৰোধীয়ে । লগতে অভিযোগ কৰিছিল যে মুখ্য নিৰ্বাচন আয়ুক্তই পক্ষপাতিত্বমূলকভাৱে কাম কৰিছিল আৰু কিছুমান ৰাজনৈতিক দলৰ পক্ষত আছিল ।

লগতে পঢ়ক : লোহাৰ বেৰিকেড ভাঙি বিধানসভাত প্ৰৱেশ অচিনাক্ত বাহনৰ, চাঞ্চল্য

মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে বিৰোধী সংগঠন; সংসদত অভিযোগনামা দাখিলৰ প্ৰস্তাৱ অনাৰ প্ৰস্তুতি

মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে বিৰোধী সংগঠন

বিহাৰত বিশেষ নিবিড় পুনৰীক্ষণ (SIR) বিষয়ক লৈ বিৰোধীয়ে নিৰ্বাচন আয়োগ আৰু বিজেপিক ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আছে।

আয়োগে দেওবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছে মিছা কথা কোৱাৰ অভিযোগ উত্থাপন কৰি কয় যে ‘ভোট চুৰি’ৰ দৰে বিভ্ৰান্তিকৰ শব্দ ব্যৱহাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰাটো সংবিধানৰ অপমান কৰা বুজাই।

এতিয়া বিৰোধীয়ে এখোজ আগুৱাই গৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিবলৈ সাজু হৈছে।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ (চিইচি জ্ঞানেশ কুমাৰ)ৰ বিৰুদ্ধে সংগঠিত হৈছে আৰু সংসদত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ কাৰ্যালয়ত বিৰোধী নেতাসকলৰ বৈঠকত মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ প্ৰস্তাৱ অনাৰ সিদ্ধান্ত লোৱা হৈছে।

মল্লিকাৰ্জুন খাৰ্গেৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ইণ্ডিয়া এলায়েন্সৰ নেতাসকলে অংশগ্ৰহণ কৰে।

মিত্ৰজোঁটৰ নেতাসকলে বিশ্বাস কৰে যে, প্ৰয়োজন হ’লে নিয়মৰ অধীনত অভিযোগনামা দাখিলৰ প্ৰস্তাৱ আনি চিইচিক তেওঁৰ পদৰ পৰা অপসাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যাব।

কংগ্ৰেছৰ সাংসদ চৈয়দ নাছিৰ হুছেইনে কয় যে এতিয়াও আনুষ্ঠানিকভাৱে বিবেচনা কৰা হোৱা নাই, কিন্তু যদিহে পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে মিত্ৰজোঁটে এই বিকল্প গ্ৰহণ কৰিব।অভিযোগনামাৰ প্ৰস্তাৱ আনি সাংবিধানিক বিধানৰ অধীনত মুখ্য নিৰ্বাচন আয়ুক্তক পদৰ পৰা অপসাৰণ কৰিব পাৰি।

দেওবাৰে নিৰ্বাচন আয়োগৰ সংবাদমেলৰ পিছত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰি কয় যে আয়োগে পূৰ্বে গোপনে ভোট চুৰি কৰিছিল, কিন্তু এতিয়া বিশেষ নিবিড় পৰ্যালোচনা (SIR)ৰ নামত মুকলিকৈ এই কাম কৰিছে।

লগতে পঢ়ক: ‘অনুৰাগ ঠাকুৰৰ পৰাও শপতনামা বিচাৰক’; বিহাৰৰ পৰাই নিৰ্বাচন আয়োগক প্ৰত্যুত্তৰ ৰাহুল গান্ধীৰ