লোকসভাত গৃহীত নহ’ল সংবিধান সংশোধনী বিধেয়ক, বিৰোধীৰ বিৰুদ্ধে এন ডি এৰ তীব্ৰ প্ৰতিবাদ

লোকসভাত গৃহীত নহ’ল সংবিধান সংশোধনী বিধেয়ক, বিৰোধীৰ বিৰুদ্ধে এন ডি এৰ তীব্ৰ প্ৰতিবাদ

লোকসভাত সংবিধান (সংশোধনী) বিধেয়ক গৃহীত নোহোৱাৰ প্ৰতিবাদত শুকুৰবাৰে এন ডি এৰ নেতাসকলে সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে লোকসভাত ১৩১তম সংবিধান (সংশোধনী) বিধেয়ক, ২০২৬ গৃহীত নোহোৱাৰ প্ৰতিবাদত শুকুৰবাৰে এন ডি এৰ নেতাসকলে সংসদ ভৱনৰ চৌহদত এক প্ৰতিবাদ সাব্যস্ত কৰে । মিত্ৰজোঁটৰ সদস্যসকলে নিম্ন সদনত বিধেয়কখনৰ

লোকসভাত সংবিধান (সংশোধনী) বিধেয়ক গৃহীত নোহোৱাৰ প্ৰতিবাদত শুকুৰবাৰে এন ডি এৰ নেতাসকলে সংসদ ভৱনৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে

লোকসভাত ১৩১তম সংবিধান (সংশোধনী) বিধেয়ক, ২০২৬ গৃহীত নোহোৱাৰ প্ৰতিবাদত শুকুৰবাৰে এন ডি এৰ নেতাসকলে সংসদ ভৱনৰ চৌহদত এক প্ৰতিবাদ সাব্যস্ত কৰে । মিত্ৰজোঁটৰ সদস্যসকলে নিম্ন সদনত বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰা বিৰোধী দলসমূহক গৰিহণা দি “ইণ্ডি এলায়েন্স হায় হায়” ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে । ইয়াৰোপৰি, এই সাংবিধানিক বিধেয়কখনৰ পৰাজয়ক লৈ এন ডি এৰ মহিলা সাংসদসকলেও সংসদ চৌহদত পৃথককৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু বিৰোধীৰ বিৰুদ্ধে “চৰম কৰো” শ্লোগান দি প্লেকাৰ্ড প্ৰদৰ্শন কৰে ।

২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাবে অনা এই সংবিধান সংশোধনী বিধেয়কখন শুকুৰবাৰে লোকসভাত বিৰোধী দলসমূহৰ বিৰোধিতাৰ ফলত গৃহীত হোৱাত ব্যৰ্থ হয় ।

উল্লেখযোগ্য যে, এখন সংবিধান সংশোধনী বিধেয়ক গৃহীত হ’বলৈ সদনত উপস্থিত থকা আৰু ভোটদান কৰা সদস্যসকলৰ অন্ততঃ দুই-তৃতীয়াংশৰ সমৰ্থনৰ প্ৰয়োজন । তিনিখন বিধেয়কৰ ওপৰত হোৱা বিতৰ্কৰ অন্তত অনুষ্ঠিত হোৱা বিভাজনত ২৯৮ জন সদস্যই বিধেয়কখনৰ সমৰ্থনত ভোট দিয়াৰ বিপৰীতে ২৩০ জন সদস্যই ইয়াৰ বিৰুদ্ধে ভোটদান কৰে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিভাজনৰ ফলাফল ঘোষণা কৰি কয়, “১৩১তম সংবিধান সংশোধনী বিধেয়কখন গৃহীত নহ’ল কাৰণ ই সদনত ভোটদানৰ সময়ত ২/৩ অংশৰ সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হৈছে ।”

বিজেপি সাংসদ ৰবি শংকৰ প্ৰসাদে কয় যে “কংগ্ৰেছে সকলোতে বিৰোধিতা কৰে” আৰু “দেশৰ মহিলাই তেওঁলোকক ক্ষমা নকৰে”। তেওঁ কয়, “কংগ্ৰেছ দল, বিশেষকৈ ৰাহুল গান্ধীয়ে সকলো কথাতে বাধা দিয়ে । আজি যেতিয়া মোদী চৰকাৰ মহিলা সৱলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, তেতিয়া তেওঁলোকে (বিৰোধীয়ে) ইয়াৰ বিৰোধিতা কৰিছে । ইয়াৰ পৰা স্পষ্ট হয় যে তেওঁলোক ‘নাৰী বন্দনা’ আৰু মহিলাৰ প্ৰতিনিধিত্বৰ বিৰোধী ।”

লগতে পঢ়ক : লোকসভাত গৃহীত নহ’ল মহিলা সংৰক্ষণ বিধেয়ক