অমিত শ্বাহৰ ত্ৰিপুৰা ভ্ৰমণ: ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা আৰু বিএছএফৰ প্ৰস্তুতিৰ বুজ ল’ব গৃহমন্ত্ৰীয়ে

অমিত শ্বাহৰ ত্ৰিপুৰা ভ্ৰমণ: ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা আৰু বিএছএফৰ প্ৰস্তুতিৰ বুজ ল’ব গৃহমন্ত্ৰীয়ে

ত্ৰিপুৰা প্ৰবাসৰ সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিএছএফ আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হ’ব কেদ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৪ আৰু ৫ জুনত দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰা ভ্ৰমণলৈ আহিব । এই গুৰুত্বপূৰ্ণ ভ্ৰমণকালত গৃহমন্ত্ৰীগৰাকীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰিদৰ্শন কৰাৰ লগতে সীমান্ত সুৰক্ষা

ত্ৰিপুৰা প্ৰবাসৰ সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিএছএফ আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হ’ব

কেদ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৪ আৰু ৫ জুনত দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰা ভ্ৰমণলৈ আহিব । এই গুৰুত্বপূৰ্ণ ভ্ৰমণকালত গৃহমন্ত্ৰীগৰাকীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰিদৰ্শন কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)-ৰ প্ৰস্তুতিৰো বুজ ল’ব ।

জানিব পৰা মতে, অহা ৪ জুনত শ্বিলঙত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূব পৰিষদৰ (এনইচি) ৭৩ সংখ্যক পূৰ্ণাংগ অধিৱেশনত সভাপতিত্ব কৰাৰ পিছত গৃহমন্ত্ৰী শ্বাহে সেইদিনা সন্ধিয়া আগৰতলাত উপস্থিত হ’ব ।

উচ্চস্তৰীয় বৈঠক আৰু সীমান্ত পৰিদৰ্শন-

ত্ৰিপুৰা প্ৰবাসৰ সময়ছোৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিএছএফ আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত মিলিত হ’ব । এই বৈঠকত ভাৰত-বাংলাদেশ সীমান্তৰ সৈতে জৰিত স্পৰ্শকাতৰ নিৰাপত্তাৰ বিষয়সমূহ বিতংভাৱে পৰ্যালোচনা কৰা হ’ব । এই বৈঠকৰ পূৰ্বে তেওঁ পশ্চিম ত্ৰিপুৰা জিলাৰ কিছুমান সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰি বৰ্তমানৰ পৰিস্থিতি আৰু সুৰক্ষা ব্যৱস্থাৰ প্ৰত্যক্ষ বুজ ল’ব ।

বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ-

নিৰাপত্তাৰ পৰ্যালোচনাৰ উপৰিও অমিত শ্বাহে নিজৰ ভ্ৰমণকালত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব :

আন্তঃগাঁথনি প্ৰকল্প : ৰাজ্যখনৰ কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ।

সৈনিক সন্মিলন : বিএছএফৰ জোৱানসকলক উৎসাহিত কৰিবলৈ তেওঁ এক সৈনিক সন্মিলনক সম্বোধন কৰিব ।

বৃক্ষৰোপণ আৰু হোটেল প্ৰকল্প : এক বৃক্ষৰোপণ অভিযানত অংশ লোৱাৰ লগতে ত্ৰিপুৰা চৰকাৰ আৰু এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত গঢ়ি উঠিবলগীয়া এটা তাৰকাযুক্ত হোটেল প্ৰকল্পৰো ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিব ।

সীমান্তত হাই-এলাৰ্ট: কিয় স্পৰ্শকাতৰ ত্ৰিপুৰা সীমান্ত ?

ত্ৰিপুৰাৰ সৈতে বাংলাদেশৰ ৮৫৬ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে আৰু ৰাজ্যখন তিনিফালেৰে বাংলাদেশেৰে আবৃত । ভৌগোলিক অৱস্থিতিৰ বাবে এই অঞ্চলটো অবৈধ অনুপ্ৰৱেশ, সৰবৰাহ আৰু সীমান্তৰ সিপাৰৰ অপৰাধৰ বাবে অত্যন্ত স্পৰ্শকাতৰ ।

বৰ্তমান প্ৰায় ২১ কিলোমিটাৰ দুৰ্গম এলেকা বাদ দি বাকী অংশত কাঁটাতঁৰৰ বেৰ দিয়াৰ কাম সম্পূৰ্ণ হৈছে । বৰ্তমান গৃহমন্ত্ৰীগৰাকীৰ এই হাই-প্ৰফাইল ভ্ৰমণক লৈ ত্ৰিপুৰা চৰকাৰ, বিএছএফ আৰু জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে ।

লগতে পঢ়ক : মেঘালয়ৰ উমৰয়ত ‘প্ৰগতি-২০২৬’ৰ সফল সমাপ্তি : ভাৰতৰ নেতৃত্বত ১৩খন দেশৰ সামৰিক অনুশীলন