লোকসভাত বাজেট সন্দৰ্ভত আলোচনাৰ সময়ত ৰাহুল গান্ধীয়ে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিক লৈ চৰকাৰক তীক্ষ্ণ সমালোচনা কৰে।
বুধবাৰে বাজেট সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰিছে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। ভাষণত তেওঁ ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তিৰ বিষয়ে বিতংভাৱে কয়। তেওঁ কয় যে এই চুক্তি সম্পূৰ্ণ একপক্ষীয়। ইয়াত ভাৰত বিক্ৰীৰ কৰাৰ কাম কৰা হৈছে।
লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, এই কাম সমান চৰ্তত কৰা হোৱা নাছিল আৰু চৰকাৰে লাজ পাব লাগে যে ভাৰত মাক বিক্ৰী কৰিছে।
কেন্দ্ৰীয় বাজেট সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰাৰ সময়ত তেওঁ দাবী কৰে, ভাৰত-আমেৰিকা চুক্তিত দেশৰ কৃষকৰ স্বাৰ্থ দলিয়াই পেলোৱা হৈছিল, এইটো আগতে কোনো প্ৰধানমন্ত্ৰীয়ে কৰা নাই আৰু ভৱিষ্যতেও কোনেও নকৰে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে বাজেটৰ সমান্তৰালভাৱে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি কৰা হৈছে।
ৰাহুল গান্ধীয়ে আৰু কয় যে, “আমেৰিকা আৰু চীনৰ মাজত হোৱা প্ৰতিযোগিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হ’ল ভাৰতৰ তথ্য।”
” যদি আমেৰিকাই মহাশক্তি হৈ থাকিব বিচাৰে আৰু যদি আমেৰিকাই ডলাৰক সুৰক্ষিত কৰিব বিচাৰে, তেন্তে ভাৰতৰ তথ্য আমেৰিকানসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিছুমানে কয় যে জনসংখ্যা এক ট্ৰেজেডী, কিন্তু মই কওঁ এইটো শক্তি।”
লগতে পঢ়ক: ‘বেদখলকাৰীৰ বাবে কোনো সকাহ নাই, অসমত উচ্ছেদ চলি থাকিব’; মুখ্যমন্ত্ৰী









