ৰাহুল গান্ধীৰ ভাষণ শুনিলে মূৰৰ বিষ হয়ঃ বিজেপি সাংসদ কংগনা ৰানাৱটৰ কটাক্ষ

ৰাহুল গান্ধীৰ ভাষণ শুনিলে মূৰৰ বিষ হয়ঃ বিজেপি সাংসদ কংগনা ৰানাৱটৰ কটাক্ষ

মহিলা সংৰক্ষণ বিধেয়কক লৈ চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা লোকসভাত এক হূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । মহিলা সংৰক্ষণ বিধেয়কক লৈ চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে । ভাষণত ৰাহুল গান্ধীয়ে বিধেয়কখনক দলিত,

মহিলা সংৰক্ষণ বিধেয়কক লৈ চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে

বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা লোকসভাত এক হূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । মহিলা সংৰক্ষণ বিধেয়কক লৈ চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে । ভাষণত ৰাহুল গান্ধীয়ে বিধেয়কখনক দলিত, মহিলা, অ’বিচিৰ অধিকাৰৰ বিৰুদ্ধে আখ্যা দিয়ে । ইয়াৰ পিছতে বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱটে ৰাহুল গান্ধীক লক্ষ্য কটাক্ষ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগনা ৰানাৱটে কয়, “ৰাহুল গান্ধীৰ কথা শুনিলে মূৰৰ বিষ হয় । শৈশৱত আঘাতৰ মাজেৰে তেওঁ পাৰ হৈছে । সৰুতে চাগৈ কোনো মেজিক শ্ব’ চাইছিল, আমাক সেই বিষয়ে কৈছে । এজন যাদুকৰে তেওঁক শিকলিৰে বান্ধিছিল । ৰাতি তেওঁ কঁপনি উঠিছিল । আইতাকে তেওঁক সাধু কৈছিল । এইবোৰ একেবাৰে আজেবাজে কথা । অধ্যক্ষ মহোদয়ে আনকি তেওঁক বন্ধ কৰিবলৈও কৈছিল । তাৰ পিছত ৰাহুল গান্ধীয়ে কৈছিল, আপোনালোকে ভাল পাব । এইবোৰ অৰ্থহীন কথা । মোৰ দুখ লাগে । সংসদক তেওঁ কৌতুকলৈ পৰিণত কৰিছে ।“

উল্লেখ্য য়ে, ৰাহুল গান্ধীয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে তেওঁ এই বিধেয়কখন গৃহীত হ’বলৈ নিদিয়ে । কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয় যে, “এইখন মহিলা সংৰক্ষণ বিধেয়ক নহয়, কাৰণ মহিলা সংৰক্ষণ আইনখন ইতিমধ্যে ২০২৩ চনত গৃহীত হৈছিল । বৰ্তমানৰ বিধেয়কখন দেশৰ নিৰ্বাচনী মানচিত্ৰ সলনি কৰাৰ প্ৰয়াস । এই বিধেয়কখন অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচি সম্প্ৰদায়ৰ বিৰুদ্ধে আৰু তেওঁলোকৰ অধিকাৰ কাঢ়ি লব । চৰকাৰে ভয় খাইছে । তেওঁলোকে অসম আৰু জম্মু-কাশ্মীৰত যি কৰিলে, তেওঁলোকে এতিয়া সমগ্ৰ দেশতে কৰিব বিচাৰিছে ।”

ৰাহুল গান্ধীয়ে কয় যে এই বিধেয়কখনৰ নাৰী সবলীকৰণৰ সৈতে কোনো সম্পৰ্ক নাই । ক্ষমতা দখল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে । এই বিধেয়কখন ৰাষ্ট্ৰবিৰোধী আৰু তেওঁ ইয়াক হ’বলৈ নিদিয়ে বুলি মন্তব্য কৰে । ইয়াক লজ্জাজনক আইন আখ্যা দি ৰাহুলে কয় যে চৰকাৰে অ’বিচিৰ অধিকাৰ কাঢ়ি নিব বিচাৰে । তেওঁ চৰকাৰক কয় যে তেওঁলোকে পুৰণি আইনখন পুনৰ প্ৰৱৰ্তন কৰিলেহে তেওঁলোকক সমৰ্থন কৰিব, কিন্তু এই বিধেয়কখন নহয় ।

লগতে পঢ়ক : দ্বৈত নাগৰিকত্বৰ অভিযোগক লৈ বিপদত ৰাহুল গান্ধী, এফআইআৰ ৰুজুৰ নিৰ্দেশ