‘পিতৃ-মাতৃক দোষ নিদিব’; কেতন আগৰৱালা হত্যাকাণ্ডৰ সন্দৰ্ভত কংগনা ৰানাৱটৰ প্ৰতিক্ৰিয়া

কেতন আগৰৱালা হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে, প্ৰতিদিনে পোহৰলৈ আহিছে নতুন নতুন দিশ।তাৰ মাজতে অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাৱটে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

২৬ বছৰীয়া পুনেৰ ব্যৱসায়ী কেতন আগৰৱালৰ হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে।  হাই প্ৰফাইল গোচৰটোত প্ৰতিদিনে নতুন মোৰ দেখিবলৈ পোৱা গৈছে। এতিয়া অভিনেত্ৰী-সাংসদ কংগনা ৰানাৱটেও এই বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ইনষ্টাগ্ৰামত এক পোষ্টত কংগনাই এই বিষয়টোৰ ওপৰত আলোকপাত কৰি কয় যে সন্তানৰ কামৰ বাবে অভিভাৱকসকলক দায়ী কৰিব নালাগে। লগতে তেওঁ যুৱ প্ৰজন্মৰ মানসিকতা গঢ় দিয়াত ছ’চিয়েল মিডিয়া, কৃত্ৰিম বুদ্ধিমত্তা আৰু সতীৰ্থৰ প্ৰভাৱক লৈও উদ্বেগ প্ৰকাশ কৰে।

তেওঁ লিখিছে, “বৰ্তমানৰ সময়ত কেৱল পৰিয়াল, ঘৰ বা অভিভাৱকসকলক চাই কোনো শিশুৰ ‘সংস্কাৰ’ৰ বিষয়ে নিশ্চিত হ’ব নোৱাৰি।গুৰুত্বপূৰ্ণ কথাটো হ’ল কোনে তেওঁলোকক “প্ৰগ্ৰেমিং” কৰি আছে আৰু কাৰ লগত তেওঁলোকে সময় কটায়।তেওঁলোক কাৰ দ্বাৰা প্ৰভাৱিত হৈছে? তেওঁলোকে কাৰ লগত সময় কটালে, ছ’চিয়েল মিডিয়া বা বাস্তৱ জীৱনত তেওঁলোকৰ ওপৰত কি প্ৰভাৱ পৰিছে?  পিতৃ-মাতৃক দোষ দিয়াটো উচিত নহয়, কাৰণ মানুহে আজি বহুতো সমান্তৰাল জীৱন যাপন কৰে। গতিকে সন্তানৰ কৰ্মৰ বাবে পৰিয়ালক বিচাৰ কৰা উচিত নহয়। মানুহে অতি সাৱধানে নিজৰ এক আকাংক্ষিত প্ৰতিচ্ছবি গঢ়ি তোলে, কাৰণ তেওঁলোক কেনেকৈ অনুভৱ কৰে বা আচলতে তেওঁলোক কোন, তাতকৈ কেনেকৈ তেওঁলোকক দেখা গৈছে—সেইটোহে বেছি গুৰুত্বপূৰ্ণ। সেয়েহে সন্তানৰ কামৰ বাবে পৰিয়ালক দোষাৰোপ কৰিব নোৱাৰি।”

লগতে পঢ়ক: সকলো অভিলেখ ভংগ কৰিবলৈ আহি আছে ‘বাহুবলী ৩’; প্ৰভাসে দিলে ডাঙৰ ইংগিত

“তেওঁলোক ঐশ্বৰিক…”; অনন্যা পাণ্ডেক পুনৰ কটাক্ষ কংগনা ৰানাৱটৰ

বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱটে ‘নেপটিজিম’ আৰু চলচ্চিত্ৰ জগতত ‘ষ্টাৰ কিডছ’ক প্ৰদান কৰা বিশেষ সুবিধাৰ সন্দৰ্ভত সৰৱ হৈ পৰিছে। পুনৰবাৰ অনন্যা পাণ্ডেৰ নাম উল্লেখ নকৰাকৈয়ে কটাক্ষ কৰিছে।

বলীউডৰ ‘কুউন’ কংগনা ৰানাৱট তেওঁৰ স্পষ্টবাদী বক্তব্য আৰু ছ’চিয়েল মিডিয়াত কৰা পোষ্টৰ বাবে প্ৰায়ে শিৰোনামত থাকে।কংগনাই সদায় নেপোটিজম আৰু চলচ্চিত্ৰ উদ্যোগৰ তাৰকা সন্তানক দিয়া বিশেষ সুযোগৰ বিষয়ে মন্তব্য দি থাকে।শেহতীয়াকৈ তেওঁ পুনৰবাৰ নাম নোলোৱাকৈ বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডেক তীক্ষ্ণ সমালোচনা কৰিছে।

দৰাচলতে কৰণ জোহৰৰ প্ৰযোজনাৰ নতুন ছবি চান্দ মেৰা দিলত অনন্যা পাণ্ডেৰ এটা নৃত্যৰ ছিকুৱেন্স সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে,য’ত তেওঁক ভৰতনাট্যম পৰিৱেশন কৰা দেখা যায়।অৱশ্যে এই নৃত্য প্ৰদৰ্শনৰ বাবে ছ’চিয়েল মিডিয়াত অনন্যাক যথেষ্ট ট্ৰ’ল কৰা হৈছে। ইফালে কংগনা ৰানাৱটে কালজয়ী কিংবদন্তি অভিনেত্ৰী বৈজয়ন্তীমালাৰ এটা পুৰণি শাস্ত্ৰীয় নৃত্যৰ ভিডিঅ’ শ্বেয়াৰ কৰে,বৰ্তমান প্ৰচণ্ড ট্ৰলিঙৰ সন্মুখীন হোৱা অনন্যা পাণ্ডেৰ নৃত্যৰ সৈতে ইয়াৰ পোনপটীয়া সম্পৰ্ক স্থাপন কৰা হৈছে।

কংগনা ৰানাৱটে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত হিন্দী চিনেমাৰ কিংবদন্তি অভিনেত্ৰী বৈজয়ন্তীমালাই নৃত্য কৰি থকা এটা পুৰণি ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰে। এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ কংগনাই এটা অতি বিশেষ টোকাও লিখিছিল।

প্ৰবীণ শিল্পীগৰাকীৰ প্ৰতিভা আৰু দক্ষতাক প্ৰশংসা কৰি তেওঁ লিখিছে:”মই সোঁৱৰাই দিওঁ যে এই পৃথিৱীত বাস কৰা প্ৰতিজন মানুহ কেৱল মানুহ নহয়।কিছুমান মানুহ ঐশ্বৰিক, আৰু তেওঁলোকৰ জন্ম কেৱল এই কাৰণেই হয় যে যাতে সাধাৰণলোকে তেওঁলোকক পূজা কৰিব পাৰে।” ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কংগনাৰ এই পোষ্টটোক অনন্যা পাণ্ডেৰ নৃত্যত পৰোক্ষ কটাক্ষ হিচাপে লৈছে।

যিহেতু বৰ্তমান অনন্যাক ভৰতনাট্যমৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে ট্ৰ’ল কৰা হৈছে,এই প্ৰেক্ষাপটত কংগনাই এই মুহূৰ্ততে বৈজয়ন্তীমালাৰ দৰে এগৰাকী কিংবদন্তি শাস্ত্ৰীয় নৃত্যশিল্পীৰ ভিডিঅ’ শ্বেয়াৰ কৰাটোৱে এই সত্যৰ স্পষ্ট ইংগিত হিচাপে কাম কৰে যে, কাৰো নাম স্পষ্টকৈ নোলোৱাকৈয়ে কংগনাই আকৌ এবাৰ ‘ষ্টাৰ কিড’ৰ সামৰ্থ্যৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়ক: কান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ : পুনৰ এবাৰ ৰেড কাৰ্পেটত ঐশ্বৰ্যৰ চমক

ৰাহুল গান্ধীৰ ভাষণ শুনিলে মূৰৰ বিষ হয়ঃ বিজেপি সাংসদ কংগনা ৰানাৱটৰ কটাক্ষ

মহিলা সংৰক্ষণ বিধেয়কক লৈ চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে

বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা লোকসভাত এক হূলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । মহিলা সংৰক্ষণ বিধেয়কক লৈ চৰকাৰক আক্ৰমণ কৰে কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে । ভাষণত ৰাহুল গান্ধীয়ে বিধেয়কখনক দলিত, মহিলা, অ’বিচিৰ অধিকাৰৰ বিৰুদ্ধে আখ্যা দিয়ে । ইয়াৰ পিছতে বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱটে ৰাহুল গান্ধীক লক্ষ্য কটাক্ষ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগনা ৰানাৱটে কয়, “ৰাহুল গান্ধীৰ কথা শুনিলে মূৰৰ বিষ হয় । শৈশৱত আঘাতৰ মাজেৰে তেওঁ পাৰ হৈছে । সৰুতে চাগৈ কোনো মেজিক শ্ব’ চাইছিল, আমাক সেই বিষয়ে কৈছে । এজন যাদুকৰে তেওঁক শিকলিৰে বান্ধিছিল । ৰাতি তেওঁ কঁপনি উঠিছিল । আইতাকে তেওঁক সাধু কৈছিল । এইবোৰ একেবাৰে আজেবাজে কথা । অধ্যক্ষ মহোদয়ে আনকি তেওঁক বন্ধ কৰিবলৈও কৈছিল । তাৰ পিছত ৰাহুল গান্ধীয়ে কৈছিল, আপোনালোকে ভাল পাব । এইবোৰ অৰ্থহীন কথা । মোৰ দুখ লাগে । সংসদক তেওঁ কৌতুকলৈ পৰিণত কৰিছে ।“

উল্লেখ্য য়ে, ৰাহুল গান্ধীয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে তেওঁ এই বিধেয়কখন গৃহীত হ’বলৈ নিদিয়ে । কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয় যে, “এইখন মহিলা সংৰক্ষণ বিধেয়ক নহয়, কাৰণ মহিলা সংৰক্ষণ আইনখন ইতিমধ্যে ২০২৩ চনত গৃহীত হৈছিল । বৰ্তমানৰ বিধেয়কখন দেশৰ নিৰ্বাচনী মানচিত্ৰ সলনি কৰাৰ প্ৰয়াস । এই বিধেয়কখন অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচি সম্প্ৰদায়ৰ বিৰুদ্ধে আৰু তেওঁলোকৰ অধিকাৰ কাঢ়ি লব । চৰকাৰে ভয় খাইছে । তেওঁলোকে অসম আৰু জম্মু-কাশ্মীৰত যি কৰিলে, তেওঁলোকে এতিয়া সমগ্ৰ দেশতে কৰিব বিচাৰিছে ।”

ৰাহুল গান্ধীয়ে কয় যে এই বিধেয়কখনৰ নাৰী সবলীকৰণৰ সৈতে কোনো সম্পৰ্ক নাই । ক্ষমতা দখল কৰিবলৈ চেষ্টা চলাইছে চৰকাৰে । এই বিধেয়কখন ৰাষ্ট্ৰবিৰোধী আৰু তেওঁ ইয়াক হ’বলৈ নিদিয়ে বুলি মন্তব্য কৰে । ইয়াক লজ্জাজনক আইন আখ্যা দি ৰাহুলে কয় যে চৰকাৰে অ’বিচিৰ অধিকাৰ কাঢ়ি নিব বিচাৰে । তেওঁ চৰকাৰক কয় যে তেওঁলোকে পুৰণি আইনখন পুনৰ প্ৰৱৰ্তন কৰিলেহে তেওঁলোকক সমৰ্থন কৰিব, কিন্তু এই বিধেয়কখন নহয় ।

লগতে পঢ়ক : দ্বৈত নাগৰিকত্বৰ অভিযোগক লৈ বিপদত ৰাহুল গান্ধী, এফআইআৰ ৰুজুৰ নিৰ্দেশ

ইভিএম নহয়, হৃদয় হেক কৰে প্ৰধানমন্ত্ৰী মোদীয়ে… লোকসভাত গৰজি উঠিল কংগনা ৰানাৱট

বিৰোধীৰ অভিযোগক লৈ সংসদত গৰজি উঠিল সাসংদ আৰু অভিনেত্ৰী কংগনা ৰানাৱট । তেওঁ প্ৰধানমন্ত্ৰী মোদীয়ে ইভিএম নহয়, হৃদয় হেক কৰে বুলি বিৰোধীক প্ৰত্যুত্তৰ দিয়ে ।

সংসদত নিৰ্বাচনী সংস্কাৰৰ বিতৰ্কৰ সময়ত বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱটে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইভিএম হেক নকৰে, বৰঞ্চ মানুহৰ হৃদয় হেক কৰে । বিৰোধী দলৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনা ৰানাৱটে এই মন্তব্য কৰে ।

৯ ডিচেম্বৰত লোকসভাত নিৰ্বাচনী সংস্কাৰৰ বিতৰ্ক আৰম্ভ হয় । ইভিএমৰ ওপৰত জনসাধাৰণৰ সন্দেহ বেলট পেপাৰেৰে সমাধান কৰিব লাগে বুলি যুক্তি দি কংগ্ৰেছ দলে ইভিএমৰ খেলিমেলিৰ বিষয়টো উত্থাপন কৰে । তদুপৰি নিৰ্বাচন আয়োগৰ গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰি মোদী চৰকাৰ আৰু বিজেপিক সমালোচনা কৰি নিৰ্বাচনী সংস্কাৰৰ বিতৰ্কৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও ভাষণ দিয়ে ।

বুধবাৰে লোকসভাত হিমাচল প্ৰদেশৰ মাণ্ডীৰ বিজেপি সাংসদ আৰু অভিনেত্ৰী কংগনা ৰানাৱটেও এই বিষয়ত ভাষণ দিয়ে । ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ইভিএম হেক নকৰে, বৰঞ্চ মানুহৰ হৃদয় হেক কৰে ।

কংগ্ৰেছ দলৰ বিৰুদ্ধে কংগনাই কয়, “এই লোকসকলে দাবী কৰে যে আগৰ দিনত ভোট দিয়াটোৱেই আছিল সৰ্বোত্তম । তেতিয়া ৰিগিং হৈছিল; এই লোকসকলে বেলট বাকচ চুৰি কৰিছিল ।”

বিৰোধী পক্ষক আক্ৰমণ কৰি বিজেপিৰ সাংসদ কংগনা ৰানাৱটে কয় যে, ‘SIR, SIR,SIR’ বুলি চিঞৰি প্ৰতিদিনে হুলস্থুলৰ সৃষ্টি কৰিছে । তেওঁলোকক চাই দুখ লাগি যায় । কালি ৰাহুল গান্ধীয়ে ভাষণত একেটা কথাকে আওৰাই থাকিল । অৱশেষত তেওঁলোক এগৰাকী বিদেশী মহিলাৰ ফটোক লৈ বিতৰ্ক কৰে । তেওঁ নিজেই বহুবাৰ উল্লেখ কৰিছে যে তেওঁ কেতিয়াও ভাৰতলৈ অহা নাই । তেওঁৰ ফটোখন প্লে কাৰ্ডত ব্যৱহাৰ কৰিছিল । তেওঁৰ ব্যক্তিত্বৰ অধিকাৰক আওকাণ কৰিলে । ইয়াৰ বাবে সংসদৰ হৈ মই ক্ষমা বিচাৰিছো ।“

লগতে পঢ়ক : “জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাটোৱেই আছিল প্ৰথমটো ভোট চুৰি”; SIR ৰ সন্দৰ্ভত ৰাহুল গান্ধীক প্ৰত্যুত্তৰ অমিত শ্বাহৰ

কংগ্ৰেছৰ হৈ ক্ষমা বিচাৰিলে কংগনা ৰানাৱটে !

বিজেপি সাংসদ কংগনা ৰানাৱটে ব্ৰাজিলৰ সেই গৰাকী  মহিলাৰ ওচৰত ক্ষমা বিচাৰিছে, যিয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ ‘ভোট চুৰি’ৰ অভিযোগৰ লক্ষ্য হৈ পৰিছিল

লোকসভাত নিৰ্বাচনী সংস্কাৰৰ বিতৰ্কৰ সময়ত বিজেপিৰ সাংসদ কংগনা ৰানাৱটে কংগ্ৰেছে নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে।

তেওঁ কয় যে বিৰোধীয়ে এগৰাকী আন্তঃৰাষ্ট্ৰীয় মহিলাক তেওঁৰ ফটো ব্যৱহাৰ কৰি অপমান কৰিছিল।  বিজেপি সাংসদ গৰাকীয়ে ব্ৰাজিলৰ সেই গৰাকী  মহিলাৰ ওচৰত ক্ষমা বিচাৰিছে, যিয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ ‘ভোট চুৰি’ৰ অভিযোগৰ লক্ষ্য হৈ পৰিছিল।

নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত লোকসভাত চলি থকা বিতৰ্কৰ সময়ত মাণ্ডীৰ সাংসদ কংগনাই কয় যে, প্ৰতিগৰাকী নাৰীৰ নিজৰ মৰ্যাদাৰ অধিকাৰ আছে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দ্বাৰা ব্ৰাজিলৰ মহিলাগৰাকীৰ ফটোখন তেওঁৰ সন্মতি অবিহনে ব্যৱহাৰ কৰাৰ বাবে তীব্ৰ সমালোচনা কৰে।

সাংসদ গৰাকীয়ে কয় যে, “তেওঁ বাৰে বাৰে কৈছিল যে তেওঁ কেতিয়াও ভাৰত ভ্ৰমণ কৰা নাই আৰু হাৰিয়ানাৰ নিৰ্বাচনৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই।এই সংসদৰ হৈ তেখেতৰ ওচৰত মই ক্ষমা বিচাৰিছো।ব্যক্তিত্বৰ অধিকাৰ খৰ্ব কৰাটো এটা ডাঙৰ অপৰাধ।তেওঁৰ ফটো ইয়াত ব্যৱহাৰ হোৱাৰ বাবে মই দুখিত।”

ইয়াৰ লগতে সাংসদ গৰাকীয়ে প্ৰিয়ংকা গান্ধীক তীব্ৰ সমালোচনা কৰি কয় যে, ‘প্ৰিয়ংকা গান্ধীয়ে মনত ৰখা উচিত যে ১৯৮৩ চনত হে মাতৃয়ে নাগৰিকত্ব লাভ কৰিছিল,তথাপিও তাৰ আগতে তেওঁ ভোটাৰ আছিল।আপোনাৰ অতীত হওক বা বৰ্তমান,আপোনাৰ চৰিত্ৰত কোনো সততা নাই।আপোনাৰ পৰিয়ালে কেতিয়াও এই দেশৰ আইন আৰু সংবিধানক সন্মান কৰা নাই’।

লগতে পঢ়ক: এন ডি এ সংসদীয় দলৰ বৈঠকত বংগ নিৰ্বাচনৰ চৰ্চা, সাংসদসকলক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে এই কাম

‘ৰাহুল গান্ধীয়ে বিজেপিত যোগদান কৰক…’; বিৰোধী দলপতিক তীব্ৰ সমালোচনা কংগনা ৰানাৱটৰ

মাণ্ডী লোকসভা সমষ্টিৰ সাংসদ কংগনা ৰানাৱটে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীক বিজেপিত যোগদান কৰিবলৈ দিলে পৰামৰ্শ।

মাণ্ডী লোকসভা সমষ্টিৰ সাংসদ কংগনা ৰানাৱটে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীক লক্ষ্য কৰি লয়।তেওঁ ৰাহুল গান্ধীক বিজেপিত যোগদান কৰিবলৈ পৰামৰ্শ দিয়ে।

অভিনেত্ৰী তথা সাংসদ কংগনাই কয় যে,যদি ৰাহুল গান্ধীয়ে নিজকে অটল জীৰ লগত তুলনা কৰিছে তেন্তে তেওঁ বিজেপিত যোগদান কৰা উচিত।

ভগৱানে আপোনাক (ৰাহুল) জীৱন দিছে,আপুনিও অটল জী হ’ব পাৰে।আপুনি কেৱল ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰক।

দৰাচলতে, লোকসভাত বিৰোধী দলৰ নেতা ৰাহুলে দাবী কৰে যে মোদী চৰকাৰে বিদেশী অতিথিক বিৰোধী নেতাগৰাকীক সাক্ষাৎ কৰাত বাধা দিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ কেইঘণ্টামান পূৰ্বে তেওঁ কয়,”সাধাৰণতে ভাৰত ভ্ৰমণ কৰা বিদেশী অতিথিসকলে বিৰোধী দলৰ নেতাক লগ পাই”।

“অটল বিহাৰী বাজপেয়ী জীৰ সময়ত আৰু মনমোহন সিং জীৰ সময়তো এনেকুৱা হৈছিল।আজিকালি এনেকুৱা হয় যে যেতিয়া বাহিৰৰ পৰা কোনোবা আহিলে বা মই ক’ৰবালৈ গ’লে চৰকাৰে পৰামৰ্শ দিয়ে যে বাহিৰৰ পৰা অহা অতিথি বা তেওঁৰ(ৰাহুলৰ) বাহিৰলৈ গ’লে তাত থকা ৰাইজে বিৰোধীৰ নেতাক সাক্ষাৎ নকৰে।”

ৰাহুল গান্ধীৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনা ৰানাৱটে এই মন্তব্য কৰে।কংগনাই কয় যে, “চৰকাৰৰ নিজস্ব সিদ্ধান্ত আছে…অটল জীক লৈ সমগ্ৰ দেশে গৌৰৱ কৰিছিল”।

“তেওঁ জাতীয় সম্পদ, দেশপ্ৰেমিক আছিল।মই নাজোনো ইয়াৰ আঁৰৰ কাৰণ কিন্তু মই মোৰ কথাটো আগবঢ়াই দিছো”।

“দেশৰ প্ৰতি তেওঁৰ (ৰাহুল) অনুভূতিও যথেষ্ট সন্দেহজনক।দেশত দাঙ্গা হওক বা বিভাজনৰ ষড়যন্ত্ৰ…। তেওঁলৈ মোৰ এটাই পৰামৰ্শ হ’ব যে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰক।”

লগতে পঢ়ক: ৰাজ্যৰ নহয়, দেশৰ সকলোতকৈ সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কৃষক আন্দোলনক লৈ মন্তব্য দি বিপদত কংগনা ৰানাৱট; চলিব ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

কৃষক আন্দোলনক লৈ মন্তব্য দি বিপদত কংগনা ৰানাৱট

ৰাজীৱ গান্ধী উকীল সন্থাৰ সভাপতি অধিবক্তা ৰামাশংকৰ শৰ্মাই বুধবাৰে কয় যে কৃষক আৰু স্বাধীনতা সংগ্ৰামীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্যক লৈ বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱতৰ বিৰুদ্ধে তেওঁৰ আবেদনৰ শুনানি এতিয়া পুনৰ আৰম্ভ হৈছে।

তেওঁ পুনৰীক্ষণ আৱেদন দাখিল কৰাৰ পিছত পুনৰ গোচৰটো মুকলি কৰা হৈছে। অৰ্থাৎ অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰত বিচাৰ হ’ব।

অধিবক্তা ৰামাশংকৰ শৰ্মাই কয় যে, তেওঁ ২০২৪ চনৰ ১১ ছেপ্টেম্বৰত আগ্ৰাৰ স্থানীয় আদালতত এই আবেদন দাখিল কৰিছিল।

এই আবেদনত তেওঁ অভিযোগ কৰিছিল যে কংগনা ৰানাৱটে এনে এটা পোষ্ট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল, য’ত কৃষক সমাজক অপমান কৰা হৈছিল আৰু মহাত্মা গান্ধীকে ধৰি স্বাধীনতা সংগ্ৰামীৰ বিৰুদ্ধে বিদ্ৰোহী মন্তব্য কৰিছিল।

শৰ্মাৰ মতে, আদালতৰ পৰা কেইবাবাৰো জাননী দিয়াৰ পিছতো অভিনেত্ৰী গৰাকী বা তেওঁৰ প্ৰতিনিধিৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল।

অধিবক্তা গৰাকীয়ে কয় যে,’অভিনেত্ৰী গৰাকীয়ে হৈ কোনো উত্তৰ বা আইনী ব্যৱস্থা দাখিল কৰা হোৱা নাছিল, যাৰ বাবে আদালতে গোচৰটো বন্ধ কৰি দিছিল।

কিন্তু মই এই সন্দৰ্ভত পুনৰীক্ষণ আবেদন দাখিল কৰিলোঁ, যিখন এতিয়া আদালতে গ্ৰহণ কৰিছে আৰু শুনানি পুনৰ আৰম্ভ হৈছে।’

তেওঁ আৰু কয়,’আদালতে নতুন শুনানিৰ বাবে তালিকাভুক্ত কৰিছে।মই আশা কৰিছো যে নিশ্চিতভাৱে ন্যায় পোৱা যাব।’

লগতে পঢ়ক; ধৰ্মেন্দ্ৰৰ ঘৰৰ বাহিৰত পাপাৰাজ্জীৰ ভিৰ; ছানী দেওলৰ ধমক

জাভেদ আখটাৰৰ ওচৰত ক্ষমা বিচাৰিলে কংগনা ৰানাৱটে ; আদালতে দিলে ৪ টাকৈ চৰ্ত

জাভেদ আখটাৰে কেইবা বছৰ ধৰি আদালতত চলি থকা এটা গোচৰত এক গুৰুত্বপূৰ্ণ বিজয় অৰ্জন কৰিছে। কংগনা ৰাণাৱটে জাভেদ আখতাৰৰ সৈতে ৫ বছৰীয়া আইনী যুঁজৰ অন্ত পেলাইছে।

৫ বছৰৰ আইনী যুঁজৰ পিছত, কংগনা ৰাণাৱত আৰু জাভেদে পাৰস্পৰিকভাৱে মোকৰ্দমাটো সমাপ্ত কৰিবলৈ সন্মত হৈছে।

অভিনেত্ৰীগৰাকীয়ে ক্ষমা বিচৰাৰ পিছত, জাভেদ আখটাৰ আৰু কংগনা ৰাণাৱটৰ মাজত এক মীমাংসা হৈছে। কংগনা ৰাণাৱটে চুক্তিখনৰ লিখিত চৰ্তাৱলীত কৈছিল যে, ‘জাভেদ আখটাৰৰ প্ৰতি তেওঁৰ যথেষ্ট সন্মান আছে।’

মোৰ মন্তব্যক লৈ জাভেদ আখটাৰৰ অসুবিধাৰ বাবে মই ক্ষমা বিচাৰোঁ। মই ভৱিষ্যতে তেনে কোনো মন্তব্য নিদিও। মই মোৰ সকলো বিবৃতি প্ৰত্যাহাৰ কৰিছো”।

এটা বিতৰ্কিত মন্তব্যৰ বাবে জাভেদ আখটাৰে ২০২০ চনত কংগনা ৰাণাৱটৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। এই গোচৰটোৰ শুনানি যোৱা ৫ বছৰ ধৰি চলি আছিল।

যোৱা প্ৰায় ৪০টা শুনানিৰ সময়ত, কংগনা ৰাণাৱত আদালতত উপস্থিত নাছিল। কিন্তু জাভেদ আখটাৰ শুনানিৰ সময়ত নিয়মীয়াকৈ উপস্থিত আছিল।

এই মঙলবাৰে অনুষ্ঠিত হোৱা শুনানিৰ সময়ত, কংগনা পুনৰ আদালতত হাজিৰ হোৱা নাছিল, যাৰ পিছত জাভেদ আখটাৰৰ অধিবক্তাই কংগনাৰ বিৰুদ্ধে জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰাৰ বাবে আবেদন কৰিছিল।এই আপীলৰ পিছত, আদালতে কংগনাক আদালতত হাজিৰ হোৱাৰ শেষ সুযোগ দিছিল।

অৱশেষত কংগনা ৰাণাৱত বান্দ্ৰা আদালতত হাজিৰ হয়। এই সময়ছোৱাত, জাভেদ আখটাৰো আদালতত উপস্থিত আছিল।

কংগনাই মীমাংসাৰ সকলো চৰ্তাৱলী গ্ৰহণ কৰিছিল, যাৰ পিছত দুয়োপক্ষৰ সন্মতিত গোচৰটো নিষ্পত্তি কৰা হৈছিল। বিষয়টো মুঠ চাৰিটা বিষয়ৰ ওপৰত ভিত্তি কৰি সমাধান কৰা হৈছিল।

দৰ্শকৰ মাজত নচলিল কংগনাৰ ইমাৰজেন্সীৰ যাদু;  ২ দিনত উপাৰ্জন মাত্ৰ…

বলীউডৰ কুউন কংগনা ৰানাৱটৰ পলিটিকেল ড্ৰামা ‘ইমাৰজেন্সী’ ৰ বাবে দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কিন্তু মুক্তিৰ পিছত, চলচ্চিত্ৰখনে ছবিগৃহত দৰ্শক একত্ৰিত কৰিবলৈ সংগ্ৰাম কৰি আছে।

বোলছবিখনৰ বক্স অফিচত বৰ ভাল ফলাফল দেখাবলৈ সক্ষম হোৱা নাই।অৱশ্যে মুক্তিৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে  ছবিখনৰ উপাৰ্জন সামান্য বৃদ্ধি হৈছে। কিন্তু তথাপিও, পৰিসংখ্যাবোৰ হতাশাজনক। 

বহুতো বিতৰ্কত আৱদ্ধ হোৱাৰ পিছত, ১৭ জানুৱাৰীত ছবিগৃহত মুক্তি পোৱা ‘ইমাৰজেন্সী’ এ শনিবাৰৰ বন্ধৰ পৰা কিছু লাভ কৰিছে। ছবিখনে শনিবাৰে ৩.৫০ কোটি টকা সংগ্ৰহ কৰিছে।

ছবিখনে প্ৰথম দিনটোতকৈ দ্বিতীয় দিনা অলপ ভাল উপাৰ্জন কৰিছিল।কিন্তু তথাপিও, উপাৰ্জনৰ পৰিমাণ হৃদয়স্পৰ্শী নহয়। 

মুক্তিৰ প্ৰথম দিনাই ছবিখনে মাত্ৰ ২.৫০ কোটি টকা উপাৰ্জন কৰিছিল। ইয়াৰ সৈতে, ছবিখনে দুদিনত মাত্ৰ ৬ কোটি টকা সংগ্ৰহ কৰিছে।

ছবিখনৰ বাজেট প্ৰায় ৬০ কোটি বুলি কোৱা হয়।কিন্তু চলচ্চিত্ৰখনে যি ধীৰ গতিত উপাৰ্জন সেই অনুসৰি   ছবিখনে বাজেট আহৰণ কৰাটোও কঠিন হ’ব পাৰে বুলি কোৱাটো ভুল নহ’ব।