‘ৰাহুল গান্ধীয়ে বিজেপিত যোগদান কৰক...’; সাংসদ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কংগনা ৰানাৱটৰ

‘ৰাহুল গান্ধীয়ে বিজেপিত যোগদান কৰক…’; বিৰোধী দলপতিক তীব্ৰ সমালোচনা কংগনা ৰানাৱটৰ

মাণ্ডী লোকসভা সমষ্টিৰ সাংসদ কংগনা ৰানাৱটে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীক বিজেপিত যোগদান কৰিবলৈ দিলে পৰামৰ্শ। মাণ্ডী লোকসভা সমষ্টিৰ সাংসদ কংগনা ৰানাৱটে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীক লক্ষ্য কৰি লয়।তেওঁ ৰাহুল গান্ধীক বিজেপিত যোগদান কৰিবলৈ পৰামৰ্শ দিয়ে। অভিনেত্ৰী তথা সাংসদ কংগনাই কয় যে,যদি ৰাহুল গান্ধীয়ে

মাণ্ডী লোকসভা সমষ্টিৰ সাংসদ কংগনা ৰানাৱটে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীক বিজেপিত যোগদান কৰিবলৈ দিলে পৰামৰ্শ।

মাণ্ডী লোকসভা সমষ্টিৰ সাংসদ কংগনা ৰানাৱটে লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীক লক্ষ্য কৰি লয়।তেওঁ ৰাহুল গান্ধীক বিজেপিত যোগদান কৰিবলৈ পৰামৰ্শ দিয়ে।

অভিনেত্ৰী তথা সাংসদ কংগনাই কয় যে,যদি ৰাহুল গান্ধীয়ে নিজকে অটল জীৰ লগত তুলনা কৰিছে তেন্তে তেওঁ বিজেপিত যোগদান কৰা উচিত।

ভগৱানে আপোনাক (ৰাহুল) জীৱন দিছে,আপুনিও অটল জী হ’ব পাৰে।আপুনি কেৱল ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰক।

দৰাচলতে, লোকসভাত বিৰোধী দলৰ নেতা ৰাহুলে দাবী কৰে যে মোদী চৰকাৰে বিদেশী অতিথিক বিৰোধী নেতাগৰাকীক সাক্ষাৎ কৰাত বাধা দিছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ কেইঘণ্টামান পূৰ্বে তেওঁ কয়,”সাধাৰণতে ভাৰত ভ্ৰমণ কৰা বিদেশী অতিথিসকলে বিৰোধী দলৰ নেতাক লগ পাই”।

“অটল বিহাৰী বাজপেয়ী জীৰ সময়ত আৰু মনমোহন সিং জীৰ সময়তো এনেকুৱা হৈছিল।আজিকালি এনেকুৱা হয় যে যেতিয়া বাহিৰৰ পৰা কোনোবা আহিলে বা মই ক’ৰবালৈ গ’লে চৰকাৰে পৰামৰ্শ দিয়ে যে বাহিৰৰ পৰা অহা অতিথি বা তেওঁৰ(ৰাহুলৰ) বাহিৰলৈ গ’লে তাত থকা ৰাইজে বিৰোধীৰ নেতাক সাক্ষাৎ নকৰে।”

ৰাহুল গান্ধীৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনা ৰানাৱটে এই মন্তব্য কৰে।কংগনাই কয় যে, “চৰকাৰৰ নিজস্ব সিদ্ধান্ত আছে…অটল জীক লৈ সমগ্ৰ দেশে গৌৰৱ কৰিছিল”।

“তেওঁ জাতীয় সম্পদ, দেশপ্ৰেমিক আছিল।মই নাজোনো ইয়াৰ আঁৰৰ কাৰণ কিন্তু মই মোৰ কথাটো আগবঢ়াই দিছো”।

“দেশৰ প্ৰতি তেওঁৰ (ৰাহুল) অনুভূতিও যথেষ্ট সন্দেহজনক।দেশত দাঙ্গা হওক বা বিভাজনৰ ষড়যন্ত্ৰ…। তেওঁলৈ মোৰ এটাই পৰামৰ্শ হ’ব যে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰক।”

লগতে পঢ়ক: ৰাজ্যৰ নহয়, দেশৰ সকলোতকৈ সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা