বিজেপি সাংসদ কংগনা ৰানাৱটে ব্ৰাজিলৰ সেই গৰাকী মহিলাৰ ওচৰত ক্ষমা বিচাৰিছে, যিয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ ‘ভোট চুৰি’ৰ অভিযোগৰ লক্ষ্য হৈ পৰিছিল
লোকসভাত নিৰ্বাচনী সংস্কাৰৰ বিতৰ্কৰ সময়ত বিজেপিৰ সাংসদ কংগনা ৰানাৱটে কংগ্ৰেছে নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে।
তেওঁ কয় যে বিৰোধীয়ে এগৰাকী আন্তঃৰাষ্ট্ৰীয় মহিলাক তেওঁৰ ফটো ব্যৱহাৰ কৰি অপমান কৰিছিল। বিজেপি সাংসদ গৰাকীয়ে ব্ৰাজিলৰ সেই গৰাকী মহিলাৰ ওচৰত ক্ষমা বিচাৰিছে, যিয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ ‘ভোট চুৰি’ৰ অভিযোগৰ লক্ষ্য হৈ পৰিছিল।
নিৰ্বাচনী সংস্কাৰ সন্দৰ্ভত লোকসভাত চলি থকা বিতৰ্কৰ সময়ত মাণ্ডীৰ সাংসদ কংগনাই কয় যে, প্ৰতিগৰাকী নাৰীৰ নিজৰ মৰ্যাদাৰ অধিকাৰ আছে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দ্বাৰা ব্ৰাজিলৰ মহিলাগৰাকীৰ ফটোখন তেওঁৰ সন্মতি অবিহনে ব্যৱহাৰ কৰাৰ বাবে তীব্ৰ সমালোচনা কৰে।
সাংসদ গৰাকীয়ে কয় যে, “তেওঁ বাৰে বাৰে কৈছিল যে তেওঁ কেতিয়াও ভাৰত ভ্ৰমণ কৰা নাই আৰু হাৰিয়ানাৰ নিৰ্বাচনৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই।এই সংসদৰ হৈ তেখেতৰ ওচৰত মই ক্ষমা বিচাৰিছো।ব্যক্তিত্বৰ অধিকাৰ খৰ্ব কৰাটো এটা ডাঙৰ অপৰাধ।তেওঁৰ ফটো ইয়াত ব্যৱহাৰ হোৱাৰ বাবে মই দুখিত।”
ইয়াৰ লগতে সাংসদ গৰাকীয়ে প্ৰিয়ংকা গান্ধীক তীব্ৰ সমালোচনা কৰি কয় যে, ‘প্ৰিয়ংকা গান্ধীয়ে মনত ৰখা উচিত যে ১৯৮৩ চনত হে মাতৃয়ে নাগৰিকত্ব লাভ কৰিছিল,তথাপিও তাৰ আগতে তেওঁ ভোটাৰ আছিল।আপোনাৰ অতীত হওক বা বৰ্তমান,আপোনাৰ চৰিত্ৰত কোনো সততা নাই।আপোনাৰ পৰিয়ালে কেতিয়াও এই দেশৰ আইন আৰু সংবিধানক সন্মান কৰা নাই’।
লগতে পঢ়ক: এন ডি এ সংসদীয় দলৰ বৈঠকত বংগ নিৰ্বাচনৰ চৰ্চা, সাংসদসকলক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে এই কাম









