'আজিৰ ভাৰতে ডাঙৰ সপোন দেখিছে'; নেদাৰলেণ্ডত প্ৰৱাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

‘আজিৰ ভাৰতে ডাঙৰ সপোন দেখিছে’; নেদাৰলেণ্ডত প্ৰৱাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

নেদাৰলেণ্ডত প্ৰৱাসী ভাৰতীয়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। নেদাৰলেণ্ডত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হেগ আৰু আমষ্টাৰডামত প্ৰৱাসী ভাৰতীয় সকলে ভৱ্য আদৰণি জনোৱা হয়। নেদাৰলেণ্ডৰ ৰাজধানী হেগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱাসী ভাৰতীয়ক সম্বোধন কৰে। নেদাৰলেণ্ডৰ হেগক বিশ্বৰ ‘শান্তিৰ চহৰ’ বুলি

নেদাৰলেণ্ডত প্ৰৱাসী ভাৰতীয়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।

নেদাৰলেণ্ডত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হেগ আৰু আমষ্টাৰডামত প্ৰৱাসী ভাৰতীয় সকলে ভৱ্য আদৰণি জনোৱা হয়। নেদাৰলেণ্ডৰ ৰাজধানী হেগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱাসী ভাৰতীয়ক সম্বোধন কৰে। নেদাৰলেণ্ডৰ হেগক বিশ্বৰ ‘শান্তিৰ চহৰ’ বুলি জনা যায়।এই সময়ত ভাৰতীয় সমাজৰ উৎসাহ দেখি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়,”কিছু সময়ৰ বাবে মই সম্পূৰ্ণৰূপে পাহৰি গৈছিল যে মই নেদাৰলেণ্ডত আছো। এনে লাগিছিল যেন ভাৰতৰ ক’ৰবাত কিবা উৎসৱ অনুষ্ঠিত হৈছে।”

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ এনে সময়ত হৈছে যেতিয়া ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ পিছত ভাৰত-ইউৰোপৰ অৰ্থনৈতিক সম্পৰ্কই নতুন গতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে আজিৰ ভাৰতে ডাঙৰ সপোন দেখিছে। ভাৰতে চন্দ্ৰৰ এনে এটা স্থানত উপনীত হৈ ইতিহাসৰ সৃষ্টি কৰিছিল য’ত পৃথিৱীৰ আন কোনো দেশে পূৰ্বে কেতিয়াও যোৱা নাই।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে সময়ৰ লগে লগে বহু কথা সলনি হৈছে যদিও ভাৰতৰ সংস্কৃতি আজিও জনসাধাৰণৰ হৃদয়ত বাস কৰি আছে। সময় সলনি হৈছে, কিন্তু মূল্যবোধ আৰু আপোনত্বৰ অনুভৱ সলনি হোৱা নাই।

প্ৰধানমন্ত্ৰী মোদীয়ে ১৬ মে’ক অতি বিশেষ দিন বুলি অভিহিত কৰে।তেওঁ উল্লেখ কৰে যে আজিৰ দিনটোতে, ১২ বছৰ পূৰ্বে ২০১৪ চনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ১৪ কোটি জনসাধাৰণৰ হৈ নেদাৰলেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।মন কৰিবলগীয়া যে বৰ্তমান প্ৰধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশ ভ্ৰমণত আছে।

লগতে পঢ়ক: ‘সংকট বহু ডাঙৰ‘; মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ থালাপথী বিজয়ৰ