মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব

মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব

মন্ত্ৰী অতুল বৰাক এক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে নৱগঠিত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । এক চৰকাৰী অধিসূচনা অনুসৰি, মন্ত্ৰী অতুল বৰাক এক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা

মন্ত্ৰী অতুল বৰাক এক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে

নৱগঠিত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । এক চৰকাৰী অধিসূচনা অনুসৰি, মন্ত্ৰী অতুল বৰাক এক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন দ্বিতীয়খন কেবিনেটৰ অন্যতম জ্যেষ্ঠ সদস্য অতুল বৰাই বৰ্তমান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, আৰু আবকাৰী বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰসমূহ চম্ভালি আছে । ইয়াৰ উপৰি এতিয়াৰে পৰা তেওঁ সংসদীয় পৰিক্ৰমা বিভাগৰো কাম-কাজ চাব ।

গত ১৬ মে’ তাৰিখে জাৰি কৰা চৰকাৰী অধিসূচনাখনত উল্লেখ কৰা হৈছে যে, মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মৰ্মে অসমৰ ৰাজ্যপালে মন্ত্ৰী শ্ৰী অতুল বৰাক তেওঁৰ বৰ্তমানৰ দপ্তৰসমূহৰ উপৰি এক অন্তৱৰ্তীকালীন ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ সৈতে জড়িত বিষয়সমূহো চোৱাচিতা কৰিবলৈ অনুমতি প্ৰদান কৰিছে ।

অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া নতুন বিধানসভাৰ প্ৰথমটো বৈঠকৰ ঠিক পূৰ্বমুহূৰ্ততে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই বিধানসভাৰ অধিৱেশন অহা ২৬ মে’ত সামৰণি পৰিব ।

উল্লেখ্য যে, অতুল বৰাৰ উপৰি অলপতে কেবিনেটত অন্তৰ্ভুক্ত হোৱা আন আন মন্ত্ৰীসকল হ’ল ক্ৰমে- ৰামেশ্বৰ তেলী, অজন্তা নেওগ আৰু চৰণ বড়ো । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট কৰি দিছে যে চলিত বিধানসভা অধিৱেশন সমাপ্ত হোৱাৰ পিছতহে কেবিনেটৰ পূৰ্ণাংগ সম্প্ৰসাৰণ কৰা হ’ব । ধাৰণা কৰা হৈছে যে, অধিৱেশন সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থতে এই অন্তৱৰ্তীকালীন দায়িত্ব অৰ্পণ কৰা হৈছে ।

লগতে পঢ়ক : অস্বাভাৱিক দামবৃদ্ধিৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰৰ; বজাৰ নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ নিৰ্দেশ